ভাৰতে প্ৰস্তুত কৰি উলিয়াব নেকি কৰোনাৰ ভেকচিন?

Share This Article

কৰোনা ভাইৰাছৰ সংকতৰ পৰা ৰক্ষা পাবলৈ যি সময়ত সমগ্ৰ বিশ্বই ইয়াৰ প্ৰতিষেধক বিচাৰি হাবাথুৰি খাইছে, ভাৰতবৰ্ষৰ এটা ভেকচিন নিৰ্মাণ প্ৰতিষ্ঠানে এই ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে।

পুনেস্থিত এডাৰ পুনেৱালাৰ ছিৰাম ইনষ্টিটিউতে ১০ নিযুত পালি কৰোনা ভাইৰাছৰ প্ৰতিষেধক প্ৰস্তুত কৰি ৰাখিছে আৰু ১০০ নিযুত পালি প্ৰতিষেধক প্ৰস্তুত কৰিবলৈ চুক্তিবদ্ধ হৈছে। এই কামৰ বাবে ছিৰাম ইনষ্টিটিউতক বিল গেটছ আৰু মিলণ্ডা গেটছ ফাউণ্ডেশ্যনে ইতিমধ্যে ১৫০ নিযুত মাৰ্কিন ডলাৰ দিয়াৰ সিদ্ধান্ত লৈছে।

জানিব পৰা মতে ইয়াৰ প্ৰতি পালিৰ মূল্য হ’ব ৩ ডলাৰ অৰ্থাৎ প্ৰায় ২২৫ টকা।

Hindustan Times নামৰ আগশাৰীৰ বাতৰি কাকত এখনত প্ৰকাশ কৰাৰ বাতৰি অনুসৰি কৰোনা ভাইৰাছৰ ভেকচিন বিষয়ত গঠন কৰা এখন উচ্চ পৰ্যায়ৰ কমিটিয়েও ছিৰাম ইনষ্টিটিউতৰ এই ভেকচিনৰ সফলতাৰ বাবে আগ্ৰহেৰে বাট চাইছে। জানিব পৰা মতে ছিৰাম ইনষ্টিটিউটৰ এই প্ৰতিষেধকৰ মাৰ্কিন নাম ৰখা হৈছে ‘ এন ভি এক্স কভ-২৩৭৩’।

উল্লেখ যোগ্য যে ছিৰাম ইনষ্টিটিউটৰ এই ভেকচিন প্ৰস্তুত কাৰণত জড়িত হৈ আছে ব্ৰিটেনৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়। ইয়াৰ পূৰ্বৰ এক বাতৰিত the cross current য়ে ছিৰাম ইনষ্টিটিউটৰ এই প্ৰতিষেধকৰ বিষয়ে এক বিতং প্ৰতিবেদন প্ৰকাশ কৰিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.