Investigative reporting with dedication.

অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমিপূজন অনুষ্ঠানলৈ মাজত মাথো এটা দিন।অযোধ্যাত বৰ্তমান তীব্ৰগতিত চলিছে প্ৰস্তুতি।
জানিব পৰা মতে,নিমন্ত্ৰনী পত্ৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী সহিত আৰু আৰু তিনিজনৰ নাম আছে।
অতি কম সংখ্যক লোকক আমন্ত্ৰণ জনোৱা হোৱা বহু।ভূমিপূজন অনুষ্ঠানৰ প্ৰতিখন নিমন্ত্ৰণী পত্ৰত আছে এক বিশেষ চিকেউৰটি ক’ড। গতিকে নিমন্ত্রিত অতিথি সকলে সেই বিশেষ ক’ডৰ যোগেদি অনুষ্ঠানত এবাৰহে প্ৰৱেশ কৰিব পাৰিব। গতিকে, কোনো লোক অনুষ্ঠান ত্যাগ কৰি ওলাই অহাৰ পাছত পুনৰ সুমাব নোৱাৰিব।
অহা ৫ আগষ্টত হ’ব লগা ভূমিপূজন অনুষ্ঠানৰ মঞ্চত থাকিব ৫ জন লোক- প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, আৰ এছ এছ প্ৰধান মোহন ভাগৱত, উত্তৰ প্ৰদেশৰ গৱৰ্ণৰ আনিন্দিবেন পেটেল আৰু উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্য নাথ।
অযোধ্যাৰ আবাসী সকলৰ লগতে বুধবাৰৰ ভূমিপূজনলৈ প্ৰায় ১৭৫ জন লোকক নিমন্ত্ৰণ জনোৱা হৈছে।
উল্লেখযোগ্য যে, ভমিপূজন লৈ প্ৰথম নিমন্ত্ৰণ পঠিওৱা হৈছে অযোধ্যা বিবাদৰ গোচৰৰ মুছলমান সম্প্ৰদায়ৰ আবেদনকাৰী ইকবাল আনছাৰিক।
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উক্ত অনুষ্ঠানত ৪০ কেজি ওজনৰ এটা ৰূপৰ ইটা স্থাপন কৰি ৰাম মন্দিৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভণি কৰিব বুলি জানিব পৰা গৈছে।
অৱশ্যে ৰাম জন্মভূমি আন্দোলনৰ বহুকেইজন নেতা এই অনুষ্ঠানত নিমন্ত্ৰণ পোৱাৰ পাছতো উপস্থিত নাথাকে। উদ্যোক্তা সকলে জনোৱা মতে সাম্প্ৰতিক কৰোনা ভাৰাছৰ পৰিপেক্ষিততে তেওঁলোক উপস্থিত থাকিব নোৱাৰাৰ কথা জনাইছে। অৱশ্যে লাল কৃষ্ণ আদোৱানী আৰু মুৰুলি মনোহৰ যোশীয়ে ভিডিও কনফেৰেন্সিঙ জৰিয়তে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তা সকলে জনাইছে।




