ৰাজস্থান সংকট: ৰিচ’ৰ্ট পলিটিক্স, হৰ্ছ ট্ৰেডিঙৰ গৰাহত ৰাজস্থান চৰকাৰ

Share This Article

ৰাজস্থানৰ বিধান সভা অধিবেশনলৈ মাজত মাত্ৰ 13 দিন বাকী থাকোতে শাসকীয় কংগ্ৰেছ পাৰ্টিয়ে নিজৰ বিধায়ক সকলক ইতিমধ্যে জাইছেলমেৰ নামৰ স্থানৰ এখন ৰিচ’ৰ্টলৈ স্থানান্তৰ কৰিছে।

Indian Express নামৰ দেশৰ আগশাৰীৰ বাতৰি কাকত খনত প্ৰকাশ পোৱা অনুসৰি ৰাজস্থানৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা অশোক গেহলতে কেন্দ্ৰীয় চৰকাৰ আৰু গৃহ বিভাগক চৰকাৰ ভংগ কৰিবলৈ কৰা প্ৰচেষ্টাৰ বাবে দোষাৰোপ কৰে।

যোৱা বৃহস্পতিবাৰেও গেহলতে বিজেপিৰ বিৰুদ্ধে হৰ্ছ ট্ৰেডিঙৰ অভিযোগ আনি কৈছিল যে বিধান সভাৰ দিন ধাৰ্য কৰাৰ পিছৰে পৰা বিধায়ক সকলক আগতকৈও অধিক ধনৰ অফাৰ দি কিনিবলৈ চেষ্টা কৰা হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.