“মই মুছলমান লোকৰ এক্স-ৰে নকৰোঁ। এয়া মোৰ শপত।”- ক’লে এজন চিকিত্সকে…

Share This Article

উত্তৰ প্ৰদেশত চিকিত্সালয় মহাবিদ্যালয়ৰ অধীক্ষকৰ মুছলমান বিদ্বেষী তথা ধৰ্মীয় ঘৃণাভাৱ বিয়পোৱা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত পুনৰ আন এক ঘটনা এতিয়া পোহৰলৈ আহিছে। ৰাজস্থানত এইবাৰ ভাইৰেল হৈছে ধৰ্মবিদ্বেষী কথা লিখা থকা এটা হোৱাটছএপ গ্ৰুপৰ স্ক্ৰীণশ্বট। স্ক্ৰীণশ্বটটোত মুছলমান ৰোগীক চিকিত্সা সেৱা প্ৰদানক লৈ লিখা আছে কেইবাটাও বিদ্বেষমূলক মন্তব্য।
প্ৰকাশিত বাতৰি অনুসৰি, ৰাজস্থানৰ ছৰদাৰ চহৰৰ শ্ৰীচন্দ বৰাডিয়া ৰোগ নিৰাময় কেন্দ্ৰৰ চিকিত্সক সুনীল চৌধুৰীয়ে নিজৰ তথা কৰ্মচাৰীসকলৰ হৈ ফেচবুকত ক্ষমা বিচাৰিছে। পোষ্টত তেওঁ লিখিছে যে চিকিত্সালয়খনৰ কৰ্মচাৰীসকলৰ উদ্দেশ্য ধৰ্মীয় বিদ্বেষ ভাব বিয়পাবলৈ নাছিল। আনহাতে আৰক্ষীৰ ৰিপৰ্ট অনুসৰি স্ক্ৰীণশ্বটসমূহৰ কথোপকথনত ডাঃ চৌধুৰীৰ পত্নী জৰিত আছিল বুলি প্ৰকাশ হৈছে যদিও এই কথা অস্বীকাৰ কৰিছে চৌধুৰীৰ পত্নীয়ে।
সংবাদমাধ্যমত প্ৰকাশ পোৱা বাতৰিৰ তথ্য অনুসৰি, স্ক্ৰীণশ্বটসমূহ ‘BARDIA RISE’ নামৰ এটা হোৱাটছ্এপ গ্ৰুপৰ কথোকথনৰ স্ক্ৰীণশ্বট। তাৰে এটা অংশত এজনে লিখিছে- “মই মুছলমান লোকৰ এক্স-ৰে নকৰোঁ। এয়া মোৰ শপত। একেজন ব্যক্তিয়ে অন্য এটা মেছেজত লিখিছে- মুছলমান ৰোগীক চিকিত্সা কৰাটোৱে বন্ধ কৰি দিয়ক।”
আনহাতে আৰু এটা মেছেজত লিখা আছে- “যদিহে হিন্দুৰ শৰীৰত পজিটিভ ধৰা পৰিলহেতেঁন, তেন্তে মুছলমান চিকিত্সকে সেৱা নকৰিলেহেতেঁন। মই OPDত থকা মুছলমান লোকক চোৱা-চিতা নকৰো।”
এই সন্দৰ্ভত ইণ্ডিয়ান এক্সপ্ৰেছৰ আগত ছৰদাৰ চহৰ থানাৰ আৰক্ষী বিষয়া ৰমেশ পন্নুৱে তদন্ত চলি আছে বুলি জনায়। হোৱাটছএপৰ স্ক্ৰীণশ্বট সমূহ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই আৰক্ষীক অৱগত কৰিছিল কিছু লোকে, যিসমূহ স্ক্ৰীণশ্বট চহৰখনৰ এখন ব্যক্তিগত চিকিত্সালয়ৰ হোৱাটছএপ গ্ৰুপৰ আছিল। আৰু এই আড্ডাৰ স্ক্ৰীণশ্বটসমূহ কৰোনাৰ সময়ত দিয়া লক্ ডাউনৰ সময়ৰ বুলি জানিবলৈ দিছে আৰক্ষী প্ৰশাসনে।
আনহাতে চিকিত্সালয় তথা আড্ডা গ্ৰুপটোৰ  সৈতে জৰিত  ডাঃ সুনীল চৌধুৰীয়ে ইণ্ডিয়ান এক্সপ্ৰেছৰ এক সাক্ষাত্কাৰত কয়-“মই এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত ক্ষমা পূৰ্বেই বিচাৰিছো। এই আড্ডা তেতিয়া আছিল, যেতিয়া তবলিগী জামাতৰ ঘটনা সংঘটিত হৈছিল। আমাৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈছিল। কিন্তু যদিহে দৈনিক আমি কিমান মুছলমান ৰোগীক চিকিত্সা কৰি আছো আপোনালোকে পৰ্যবেক্ষণ কৰে, তেন্তে এই আড্ডাৰ সৈতে কোনো সাদৃশ্য নাপাব।” লগতে তেওঁ এই সন্দৰ্ভত ৰাজনীতিকৰণ নকৰিবলৈ আৰু বিনা কাৰণত চিকিত্সক সকলকো শাস্তি নিদিবলৈ আহ্বান জনায় সংবাদমাধ্যমটোৰ আগত।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.