মৃত্যুৰ পূৰ্বেই গম পোৱাৰ পিছতো হাতীজনীৰ মৃত্যুৰ পিছতহে এজাহাৰ কিয়!

Share This Article

শেহতীয়াকৈ সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিছে এক মৰ্মান্তিক ঘটনাই। জীৱশ্ৰেষ্ঠ মানুহৰ কোনো দুষ্ট চক্ৰই মাটি কঁঠালৰ মাজত ফটকা ভৰাই গৰ্ভৱৰ্তী হাতীক মৃত্যুৰ মুখলৈ ঠেলি দিয়া ঘটনাত ক্ষুব্ধ হৈছে সচেতন তথা প্ৰকৃতিপ্ৰেমী মহল। উল্লেখ্য যে কেৰেলাৰ মলপ্পুৰমত অজ্ঞাত লোকে অমানৱীয় কৰ্মকাণ্ডৰে লজ্জিত কৰিছে মানৱ জাতিক। ফটকা ভৰাই থোৱা মাটি কঁঠাল খোৱাৰ ফলত গৰ্ভৱতী হাতীজনীয়ে নিজকে বচাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল বুলি প্ৰকাশ পাইছে সংবাদমাধ্যমত। প্ৰকাশিত বাতৰি অনুসৰি, খাদ্যৰ সন্ধানত হাতীজনী জংঘলৰ পৰা এখন গাঁৱত প্ৰবেশ কৰিছিল। তাতেই ফলৰ ভিতৰত সুমুৱাই থোৱা ফটকাজাতীয় পদাৰ্থ ভক্ষণ কৰাৰ ফলত হাতীজনী যথেষ্ট অসুস্থ হৈ পৰে। ভক্ষণৰ পিছত শৰীৰৰ ভিন্ন আভ্যন্তৰীণ অংশত হোৱা কষ্টৰ পৰা ৰক্ষা কৰিবলৈ ৱেলিন্যাৰ নদীত নিজৰ দেহ তিয়াই ৰাখে যদিও ২৭ মে’ৰ দিনা মৃত্যুক আকোৱালি লয়। আনহাতে হাতীজনীক ৰক্ষা কৰিবলৈ অন্য দুটা হাতীৰ ব্যৱস্থা প্ৰশাসনে কৰিছিল যদিও বেদনাত ছটফটাই থকা হাতীজনীয়ে ওচৰলৈ আহিবলৈ দিয়া নাছিল। আনকি হাতীজনীয়ে কোনো লোকৰ অনিষ্টও সাধন কৰা নাছিল বিষজনিত পদাৰ্থ খোৱাৰ পিছত। এগৰাকী বনকৰ্মীয়ে ছচিয়েল মিডিয়াৰ জৰিয়তে কৰা পোষ্টে উদঙাইছে এই দুখজনক তথা মানুহৰ অপকৰ্মৰ ঘটনা। কিন্তু দুৰ্ভাগ্যজনক ভাৱে ২০ দিন ধৰি মৃত্যুৰে যুঁজি আছিল হাতীজনী। শেষত গৰ্ভৱস্থাতেই পানীতেই থৰ লাগি কৰুণভাৱে মৃত্যুমখত পৰে হাতীজনী। আৰু হাতীজনীৰ মৃত্যুৰ পিছতহে পুলিচে গোচৰ তৰিছে। এইকথাই সচেতন মহলত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মৃত্যুৰ পূৰ্বেই খবৰ পোৱাৰ পিছতো কিয় কোনোধৰণৰ গোচৰ ৰুজু কৰা নহল, কিয় সেইসকল দানৱীয় লোকে এইদৰে নিকৃষ্ট পন্থাৰে এটা জীৱক হত্যা কৰিলে-এই বিষয়ক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা হৈছে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.