ইউনিফৰ্ম যোগানৰ ঠিকাৰ পাছত এইবাৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গাত লাগিছে আন এক ঠিকা ছিণ্ডিকেটৰ দাগ৷ ডাঃ ৰণোজ পেগুৰ অধীনষ্ঠ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগত এতিয়া চলিছে চাৰিজন বিশেষ ঠিকাদাৰৰ ছিণ্ডিকেটৰাজ৷ এক কথাত ক’বলৈ গ’লে মন্ত্ৰী ডঃ ৰণোজ পেগুৰ কৃপাত অসমৰ খিলঞ্জীয়া ভৈয়াম জনজাতিসকলৰ ভাগ্য নিয়ন্তা হৈ পৰিছে চাৰিগৰাকী বহু বিতৰ্কিত ঠিকাদাৰ৷ পূৰ্বৰ বহু কেলেংকাৰীত নাম সাঙোৰ খোৱা মধুসূদন শ্বাহী নামৰ ঠিকাদাৰগৰাকীৰ নেতৃত্বত এই ছিণ্ডিকেট বাহিনী এতিয়া ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ উঠিৰজা বহিৰজা হৈ পৰিছে৷ এই চাৰিগৰাকী বিশেষ ঠিকাদাৰৰ স্বাৰ্থতেই চৰকাৰী নিৰ্দেশনা উলংঘা কৰি জেম প’ৰ্টেলৰ জৰিয়তে নিবিদা আহ্বান কৰা হোৱা নাই৷ আছাম টেণ্ডাৰ্ছৰ জৰিয়তে এই বিশেষ ঠিকাদাৰ কেইজনক আকাশলংঘী দামত সামগ্ৰী যোগানৰ সুযোগ সুবিধা উলিয়াই দিছে ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগে৷ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ আশীৰ্বাদ লাভ কৰা এই ঠিকাদাৰকেইজন হৈছে কমল নাথ, মধুসূদন শ্বাহী, কোষেশ্বৰ গগৈ আৰু শৰৎ দেউৰী৷ এই চাৰি ঠিকাদাৰে কিদৰে ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগত ছিণ্ডিকেট ৰাজ চলাইছে, প্ৰধানমন্ত্ৰী আদি আদৰ্শ গ্ৰাম যোজনাই তাৰ উৎকৃষ্ট উদাহৰণ৷
৫০ শতাংশতকৈ অধিক অনুসূচিত জনজাতিৰ জনসংখ্যা থকা গাঁৱসমূহৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ বাবে ২০২১-২২ চনৰ পৰা আৰম্ভ কৰা হৈছিল প্ৰধানমন্ত্ৰী আদি আদৰ্শ গ্ৰাম যোজনা৷ ২০২৫-২৬ চনলৈকে এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰে৷ অসমত প্ৰধানমন্ত্ৰী আদি আৱাস গ্ৰাম যোজনাৰ ৰূপায়ণ আৰম্ভ হয় ২০২২-২৩ বৰ্ষৰ পৰা৷ তেতিয়াৰ পৰা ২০২৪-২৫ বৰ্ষলৈ অসম চৰকাৰে প্ৰধানমন্ত্ৰী আদি আদৰ্শ গ্ৰাম যোজনাৰ অধীনত জনজাতীয় গাঁওসমূহৰ উন্নয়ণৰ বাবে মুঠ ২৪২.৩৭ কোটি টকাৰ ঠিকা প্ৰদান কৰিছে৷ জানি আচৰিত হ’ব যে এই ২৪২.৩৭ কোটি টকাৰ ঠিকাৰ ভিতৰত ২২০.৭৯ কোটি টকাৰ ঠিকাই হস্তগত কৰিছে চাৰিজনীয়া ঠিকাদাৰৰ ছিণ্ডিকেটৰ প্ৰতিষ্ঠানসমূহে৷ ‘দ্য ক্ৰছকাৰেণ্টে’ আৰ টি আইৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি, ২০২২-২৩ বৰ্ষৰ পৰা ২০২৪-২৫ বৰ্ষৰ ভিতৰত প্ৰধানমন্ত্ৰী আদি আদৰ্শ গ্ৰাম যোজনাৰ অধীনত ঠিকাদাৰ কমল নাথৰ জে কে ইঞ্জিনীয়াৰিঙে ৪৭.৬৪ কোটি টকাৰ, ঠিকাদাৰ মধুসূদন শ্বাহীৰ ট্ৰেড চাপ্লাই ইণ্ডিয়াই ৭৯.৪১ কোটি টকাৰ, কোষেশ্বৰ গগৈৰ ইউৰেকা ট্ৰেডে ৪৪.৩৭ কোটি টকাৰ আৰু ঠিকাদৰ শৰৎ দেউৰীৰ এছ এছ এণ্টাৰপ্ৰাইজে ৪৯.৩৭ কোটি টকাৰ ঠিকা লাভ কৰিছে৷ কেনেদৰে এই চাৰিজনীয়া ঠিকাদাৰৰ ছিণ্ডিকেটে ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগ হাতৰ মুঠিত ৰাখিছে সেয়া জানিবলৈ আঁচনিখনৰ বাৰ্ষিক ৰূপায়নৰ খতিয়ানলৈ যাব লাগিব৷
অসমত প্ৰধানমন্ত্ৰী আদি আদৰ্শ গ্ৰাম যোজনাৰ ৰূপায়ন আৰম্ভ হয় ২০২২-২৩ বৰ্ষৰ পৰা৷ সেই বছৰত এই আঁচনিৰ অধীনত মুঠ ১৩২.৪২ কোটি টকাৰ ঠিকা আবণ্টন দিয়া হয়৷ ইয়াৰ ভিতৰত কমল নাথে ২০.০৬ কোটি, মধুসূদন শ্বাহীয়ে ৫৬.৯৮ কোটি, কোষেশ্বৰ গগৈয়ে ২১.৭৬ কোটি আৰু শৰৎ দেউৰীয়ে ২৬.৪৩ কোটি টকাৰ ঠিকা হস্তগত কৰে৷ অৰ্থাৎ ১৩২.৪২ কোটি টকাৰ ঠিকাৰ ১২৫.২৩ কোটিয়েই ছিণ্ডিকেট বাহিনীয়ে লাভ কৰে৷
২০২৩-২৪ বৰ্ষত প্ৰধানমন্ত্ৰী আদি আদৰ্শ গ্ৰাম যোজনাৰ অধীনত মুঠ ৮৭.৪৭ কোটি টকাৰ ঠিকা প্ৰদান কৰা হয়৷ ইয়াৰে কমল নাথে ১৯.৬৪ কোটি, মধুসূদন শ্বাহীয়ে ১৮.৬৯ কোটি, কোষেশ্বৰ গগৈয়ে ১৮.৭৮ কোটি আৰু শৰৎ দেউৰীয়ে ১৯.১০ কোটি টকাৰ ঠিকা হস্তগত কৰে৷ এইদৰে এইটো বৰ্ষত মুঠ৮৭.৪৭ কোটি টকাৰ ঠিকাৰ ৭৬.২১ কোটি টকাৰ ঠিকাই মধুসূদন শ্বাহী এণ্ড কোম্পানীক দিয়া হয়৷
শেহতীয়াকৈ ২০২৪-২৫ বৰ্ষত একেখন আঁচনিৰ অধীনত এতিয়ালৈকে মুঠ ২২.৭২ কোটি টকাৰ ঠিকা আবণ্টন দিয়া হৈছে৷ তাৰ ভিতৰত কমল নাথে ৭.৯৪ কোটি, মধুসূদন শ্বাহীয়ে ৩.৭৪ কোটি, কোষেশ্বৰ গগৈয়ে ৩.৮৩ কোটি আৰু শৰৎ দেউৰীয়ে ৩.৮৪ কোটি টকাৰ ঠিকা কুক্ষিগত কৰিছে৷ পূৰ্বৰ দৰেই এইবাৰো প্ৰধানমন্ত্ৰী আদি আদৰ্শ গ্ৰাম যোজনাৰ ২২.৭২ কোটি টকাৰ ঠিকাৰ ভিতৰত ১৯.৩৫ কোটি টকাৰ ঠিকা হস্তগত কৰিছে৷
বিভাগীয় মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পাকঘৰৰ মানুহ হৈ পৰা মধুসূদন শ্বাহী এণ্ড কোম্পানীৰ ইমানেই প্ৰতাপ যে তেওঁলোকৰ বাবে ‘গভৰমেণ্ট ই মাৰ্কেটপ্লেছ’ সলনি কেৱল ‘আছাম টেণ্ডাৰ্ছ’ৰ জৰিয়তে নিবিদা আহ্বান কৰা হৈছে৷ অথচ এই বছৰৰে ২৪ জানুৱাৰীত বিত্ত বিভাগে সকলো চৰকাৰী ক্ৰয় বিক্ৰয় ‘গভৰ্মেণ্ট ই মাৰ্কেটপ্লেছ’ৰ জৰিয়তে আহ্বান কৰাটো বাধ্যতামূলক কৰিছিল৷ আছাম পাব্লিক প্ৰকিউৰমেণ্ট ৰুলছ ২০২০ অনুসৰি বিত্ত বিভাগৰ ই চি এফ/নং ৩২৭৬৩২ ৰ জৰিয়তে সকলো চৰকাৰী ক্ৰয় বিক্ৰয় জেম প’ৰ্টেলৰ জৰিয়তে কৰাটো বাধ্যতামূলক কৰা হৈছিল৷ ক্ৰয়–বিক্ৰয় কৰাটো স্বচ্ছ আৰু ৰাজকোষৰ ধন ৰাহি কৰাই আছিল এই জাননীৰ উদ্দেশ্য৷ কিন্তু মধুসূদন শ্বাহী এণ্ড কোম্পানীয়ে যাতে অধিক নিৰিখত সামগ্ৰী যোগান ধৰিব পাৰে, তাৰ বাবেই ডাঃ ৰণোজ পেগুয়ে সকলো নীতি নিয়ম জলাঞ্জলি দি লুণ্ঠনৰ বাট মোকলাই দিছে৷ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগত চলা ঠিকাদাৰৰ এই ছিণ্ডিকেট ৰাজৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব৷ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ পৰৱৰ্তী প্ৰতিবেদনত প্ৰকাশ পাব ভৈয়াম জনজাতি বিভাগত চলি থকা ছিণ্ডিকেটৰাজৰ আন এক অধ্যায়৷