সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আমেৰিকাত ফাদিল অসমত বিদ্যুৎ বিক্ৰী কৰা এজিউৰৰ ক’লা অধ্যায়

আমেৰিকাৰ আদালতত ফাদিল হৈছে অসমৰ কৃষকৰ মাটি কাঢ়ি সৌৰশক্তিৰ ব্যৱসায় কৰিবলৈ অহা এজিউৰ পাৱাৰৰ ক’লা অধ্যায় ৷ বজাৰত দৰতকৈ অধিক দামত বিদ্যুৎ বিক্ৰী কৰিবলৈ ৰাজ্যই ৰাজ্যই ২ হাজাৰ কোটি টকাতকৈও অধিক টকাৰ উৎকোচ বিলাইছিল ধনাঢ্য গৌতম আদানিৰ কোম্পানী আদানি গ্ৰীণ আৰু কানাডাৰ কোম্পানী এজিউৰ পাৱাৰে ৷ভাৰতৰ বিভিন্ন ক্ষমতাশালী ব্যক্তিক ২ হাজাৰ কোটি টকাতকৈও অধিক পৰিমাণৰ উৎকোচ প্ৰদানৰ গুৰুতৰ অভিযোগত অভিযুক্ত হৈছে আদানি গ্ৰীণৰ মুৰব্বী গৌতম আদানি, ভতিকাক সাগৰ আদানি আৰু বিনীত জৈনৰ লগতে এজিউৰ পাৱাৰৰ চাইৰিল কেবানছ, সৌৰভ আগৰৱালা আৰু দীপক মালহোত্ৰা৷ আমেৰিকাৰ ফেডাৰেল ক’ৰ্ট অৱ ব্ৰুকলিনত ফাদিল হৈছে ভাৰতৰ আটাইতকৈ ধনী ব্যৱসায়ী তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বন্ধু গৌতম আদানিৰ দুৰ্নীতি আৰু প্ৰৱঞ্চনাৰ এই চাঞ্চল্যকৰ অধ্যায়৷ আমেৰিকাৰ তদন্তকাৰী সংস্থা ফেডাৰেল ব্যুৰ’ অৱ ইনভেষ্টিগেশ্যন আৰু আমেৰিকান চিকিউৰিটী অৱ এক্সচেঞ্জ কমিশ্যনৰ তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, ভাৰতত বজৰা দৰতকৈ বেছি দৰত বিদ্যুত বিক্ৰী কৰিবৰ বাবে আদানি গ্ৰীণ আৰু এজিউৰ পাৱাৰে ২৫০ মিলিয়ন ডলাৰ অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত ২০২৯ কোটি টকাৰ উৎকোচ বিভিন্ন চৰকাৰী বিষয়াক প্ৰদান কৰিছিল৷ আমেৰিকান চিকিউৰিটী অৱ এক্সচেঞ্জ কমিশ্যনে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত এজিউৰ পাৱাৰে বিভিন্ন ৰাজ্যত এইদৰে উৎকোচ প্ৰদান কৰি ৰাজ্য চৰকাৰসমূহৰ লগত দীঘলীয়া সময়ৰ বাবে বিদ্যুৎ ক্ৰয়ৰ চুক্তি স্বাক্ষৰ কৰিছিল৷

চিকিউৰিটী অৱ এক্সচেঞ্জ কমিশ্যনে প্ৰকাশ কৰা তথ্য (ক্লিক কৰক)

- Donation -

মন কৰিবলগীয়া কথাটো এই এই সময়ছোৱাৰ ভিতৰতেই ভয়ংকৰ দুৰ্নীতিত অভিযুক্ত এজিউৰ গ্ৰুপে অসমত মুকলি কৰিছিল তেওঁলোকৰ ৯০ মেগাৱাটৰ এটা সৌৰশক্তি প্ৰকল্প৷ যি প্ৰকল্প উদ্বোধন কৰিছিল খোদ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ এজিউৰ পাৱাৰৰ বিবৃতিত উল্লেখ কৰা অনুসৰি , ২০২২ চনৰ ২০ জুলাইত এজিউৰ পাৱাৰৰ ৯০ মেগাৱাট সৌৰশক্তিৰ প্ৰকল্প মুকলি কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ এজিউৰৰ মতে এইটোৱে হ’ল অসমৰ সৰ্ববৃহৎ সৌৰ শক্তি প্ৰকল্প৷

অসম চৰকাৰৰে হোৱা চুক্তিৰ কথা লিখা আছে এজিউৰৰ ৱেবচাইটত (ক্লিক কৰক)

ওদালগুৰি, বকো, নগাঁও আৰু কাছাৰত এজিউৰ পাৱাৰে স্থাপন কৰিছে চাৰিটা ইউনিটৰ এই সৌৰ শক্তি প্ৰকল্প৷ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিগ্ৰস্ত এজিউৰৰ শক্তি প্ৰকল্প মুকলি কৰাই নহয়, সেই এজিউৰৰ পৰা ২৫ বছৰলৈ বিদ্যুৎ ক্ৰয় কৰাৰ চুক্তিও স্বাক্ষৰ কৰিছে৷ অথচ আমেৰিকাৰ আদালতত ফাদিল হোৱা তথ্য অনুসৰি, ৰাজ্য চৰকাৰৰ অধীনষ্ঠ সংস্থাক অধিক দামত বিদ্যুৎ যোগানৰ বাবে ভাৰতৰ ৰাজ্যই ৰাজ্যই কোটি কোটি টকাৰ উৎকোচ প্ৰদান কৰিছিল এজিউৰ পাৱাৰে ৷ কিমান টকাৰ উৎকোচ প্ৰদান কৰিছিল, সেয়া জানিলে আপোনাৰো চকু কপালত উঠিব৷

আমেৰিকাৰ আদালতে কি ক’লে? (ক্লিক কৰক)

আমেৰিকাৰ চিকিউৰিটী অৱ এক্সচেঞ্জ কমিশ্যনৰ অভিযোগনামাত উল্লেখ থকা অনুসৰি, এক মেগাৱাট বিদ্যুৎ ক্ৰয়ৰ বিনিময়ত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীক দিয়া হৈছিল ২৫ লাখ টকাৰ উৎকোচ৷ ৭ হাজাৰ মেগাৱাট বিদ্যুৎ ক্ৰয় কৰা অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীক এজিউৰে দিছিল ১,৭৫০ কোটিৰ উৎকোচ৷ সেই এজিউৰৰ পৰাই ৯০ মেগাৱাট বিদ্যুৎ ২৫ বছৰলৈ ক্ৰয়ৰ চুক্তি স্বাক্ষৰ কৰিছে এ পি ডি চি এলে৷ চিকিউৰিটী অৱ এক্সচেঞ্জ কমিশ্যনৰ মতেই ৰাজ্য চৰকাৰৰ যিসমূহ সংস্থাই বিদ্যুৎ ক্ৰয় কৰে সেই সংস্থাসমূহক প্ৰভাৱিত কৰে মুখ্যমন্ত্ৰীসকলে৷ আমেৰিকাৰ আদালতত ফাদিল হোৱা এই তথ্যই এতিয়া অসম চৰকাৰৰ বিদ্যুৎ ক্ৰয়ৰ চুক্তিকো ৰহস্যৰ আওতালৈ ঠেলি দিছে৷ এই সন্দৰ্ভত অসম চৰকাৰে কি স্থিতি প্ৰকাশ কৰে, সেয়া হ’ব লক্ষণীয়।

Leave A Reply

Your email address will not be published.