বাবা Out,কেন্দ্ৰীয় মন্ত্ৰী In

Share This Article

ৰাজস্থান,মধ্য প্ৰদেশ,ছত্তীশগড়ত ক্ষমতা দখল কৰাটো বিজেপিৰ বাবে বাৰু সপোনৰো অগোচৰ আছিল নেকি?যদি বিজেপিৰ বাবে এই ফলাফল প্ৰত্যাশিতই আছিল,তেন্তে কিয় ফলাফল ওলোৱাৰ এটা সপ্তাহ পিছতো মুখ্যমন্ত্ৰী সম্পৰ্কত কোনো সিন্ধান্ত ল’ব পৰা নাই বিজেপিয়ে।মধ্য প্ৰদেশত বৰ্তমানৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান থকাৰ পিছতো কেন্দ্ৰীয় নেতৃত্বই সন্ধান কৰিছে নতুন মুখৰ।তিনিখন ৰাজ্য ক্ৰমে মধ্য প্ৰদেশ,ৰাজস্থান আৰু ছত্তীশগড়ত প্ৰাক্তন মুখ্যমন্ত্ৰী ক্ৰমে শিৱৰাজ সিং চৌহান,বসুন্ধৰা ৰাজে সিন্ধিয়া,ৰমন সিঙক পুনৰ মুখ্যমন্ত্ৰী পদত বহাব বিচৰা নাই বিজেপিয়ে।বিগত নিৰ্বাচনৰ সময়তো কেন্দ্ৰীয় নেতৃত্ব বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰীৰ অমিত শ্বাহে একাষৰীয়া কৰি ৰাখিছিল এই তিনিওগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীক। বিশেষকৈ বসুন্ধৰা ৰাজে আৰু শিৱৰাজ সিঙে নিৰ্বাচনী প্ৰচাৰত নিজাকৈহে প্ৰচাৰ অভিযান চলাইছিল।ৰাজস্থানৰ নিৰ্বাচনী দৌৰৰ পৰা ইতিমধ্যে বাবা বালক নাথ বাহিৰ হৈছে। বাবা বালক নাথে টুইটাৰত লিখিছে ‘ দল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বই জনতা-জনাৰ্দনক সেৱা কৰাৰ বাবে প্ৰথমবাৰ সাংসদ অথবা বিধায়ক হিচাপে নিৰ্বাচিত কৰি ৰাষ্ট্ৰক সেৱা আগবঢ়োৱাৰ সুযোগ দিলে।ফলাফল ওলোৱাৰ পিছতে যি ধৰণে বিষয়বোৰ আলোচনা হৈ আছে ,সেইবোৰক আওকাণ কৰা উচিত।এতিয়া প্ৰধানমন্ত্ৰীক পথপ্ৰদৰ্শক হিচাপে লৈ আমি আগবাঢ়িম।’বাবা বালক নাথৰ এই আপডেটৰ পিছত এটা কথা স্পষ্ট হৈছে যে তেওঁক হয়তো কেন্দ্ৰীয় নেতৃত্বই মুখ্যমন্ত্ৰীৰ দৌৰৰ পৰা আঁতৰোৱাৰ ইংগিত দিছে।ইতিমধ্যে ৰাজস্থানত মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বাবে তিনিগৰাকী পৰ্যবেক্ষক নিয়োগ কৰিছে কেন্দ্ৰই৷কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং,সৰোজ পাণ্ডে,বিনোদ ভাৱৰে ইতিমধ্যে ৰাজস্থানত উপস্থিত হৈছে৷তেওঁলোকে জয়ী হৈ অহা বিধায়কসকলৰ লগত আলোচনাত মিলিত হৈ বিধায়কসকলে মুখ্যমন্ত্ৰী হিচাপে কাক বেছি পচন্দ কৰে ,সেই বিষয়ে জনাব।প্ৰথম অবস্থাত বাবা বালক নাথৰ নাম সঘনাই উচ্চাৰিত হৈছিল যদিও বিজেপিৰ বহু কেইগৰাকী জ্যেষ্ঠ নেতাই তেওঁৰ বয়স কম বুলি আপত্তি দৰ্শাইছে । বাবা বালক নাথে ২০১৯ চনত আলোৱাৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল৷আনহাতে বিগত বিধানসভাৰ নিৰ্বাচনত তেওঁ তীজাৰা বিধানসভা সমষ্টিৰ পৰা প্ৰতিন্দন্দ্বিতা কৰি জয়লাভ কৰিছিল৷বৰ্তমান ৰাজস্থানত মুখ্যমন্ত্ৰী পদৰ দৌৰ সীমিত হৈ পৰিছে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট আৰু কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ মাজত।গজেন্দ্ৰ সিং শেখাৱট ৰাজপুত সম্প্ৰদায়ৰ হোৱাৰ বিপৰীতে অশ্বিনী বৈষ্ণৱ অবিচি সম্প্ৰদায়ৰ প্ৰতিনিধি৷ইফালে মহিলাৰ বিষয়টো অৱহেলা নকৰিবলৈকে দিয়া কুমাৰীৰ বিষয়টোও গুৰুত্ব সহকাৰে লৈছে বিজেপিয়ে।দেওবাৰে ৰাজস্থানত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.