‘ভেল্কীবাজি’ৰ ফল ভুগিব নেকি বিজেপিয়ে ?

Share This Article

দেশৰ ৫ খন ৰাজ্যৰ ভিতৰত ৪ খনত চলি আছে নিৰ্বাচনী বতাহ। ইতিমধ্যে মিজোৰামত বিধানসভাৰ নিৰ্বাচন বিগত ৭ নবেম্বৰতেই অনুষ্ঠিত হয়। ইতিমধ্যে ছত্তীশগড়তো ২০ টা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হ’ল। এই নিৰ্বাচন বিজেপিৰ বাবে সন্মানৰ প্ৰশ্ন৷২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰো ইংগিত ইয়াৰ পৰাই ধাৰণা কৰিব পৰা হ’ব৷ইতিমধ্যে দেশত দেশ সলনিৰ বাবে মাত্ৰ ৬০ টা মাহ বিচৰা নৰেন্দ্ৰ মোডীৰ কাৰ্যকালে ১১৫ টা মাহ সম্পূৰ্ণ কৰিলে।৬০ টা মাহত কংগ্ৰেছৰ অপশাসন অন্ত পেলাব খোজা নৰেন্দ্ৰ মোডীয়ে নিজেই স্বীকাৰ কৰিছে দেশক ৫ ত্ৰিলিয়ন অৰ্থনীতিৰ দেশ কৰিবলৈ প্ৰধানমন্ত্ৰীক আৰু ৫ টা বছৰ লাগে। বিগত ৯ টা বছৰত প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত বিজেপিয়ে কি কৰিলে তাৰ হিচাপেই নাই বিজেপিৰ ওচৰত। বিমুদ্ৰাকৰণ,জিএছটি আদিৰ বাবে দেশৰ অৰ্থনীতি ভাঙি পৰিল। দেশলৈ ক’লা ধন ঘূৰাই অনাটো দূৰৰ কথা দেশৰ সাধাৰণ জনতাৰ ধন লৈ পলালহে পুঁজিপতি ব্যৱসায়ী৷বছৰি দুই কোটি নিবনুৱাৰ কৰ্মসংস্থাপন নহ’ল৷দেশত দৰিদ্ৰৰ সংখ্যা বৃদ্ধিহে পালে। শেষত এতিয়া ৯ বছৰীয়া সফলতাৰ খতিয়ান বিচাৰি বিজেপিয়ে দেখিলে যে ৰাম মন্দিৰক বাদ দি একোৱেই কৰা নহ’ল বিজেপিৰ। সেয়ে মধ্য প্ৰদেশ,ৰাজস্থান,ছত্তীশগড়ত ৰাম মন্দিৰৰ নামতেই হৰ্ডিং লগাইছে বিজেপিয়ে।  ৰাম মন্দিৰ হ’ল কেৱল বিজেপিৰ বাবেহে,প্ৰধানমন্ত্ৰী মোডীৰ বাবেহে সম্ভৱ হ’ল -এই ধাৰণাকেই দিব বিচাৰিছে বিজেপিয়ে৷ ৰাম মন্দিৰৰ সফলতাকেই প্ৰধানমন্ত্ৰী মোডীৰ সফলতা বুলি দাবী কৰি আহিছে বিজেপিয়ে।বিজেপি নিশ্চিত যে যিকোনো কাৰণতে ৰাম মন্দিৰ প্ৰধানমন্ত্ৰীৰ বাবেহে সম্ভৱ হোৱা বুলি এক প্ৰতিচ্ছবি তৈয়াৰ কৰিব লাগিব অন্যথা বিজেপি কোনো কাৰণতে পুনৰ ক্ষমতালৈ নাহে।বিৰোধী দলবোৰে মোডীক ৰাম মন্দিৰৰ বাবে ক্ৰেডিট দিয়াটোৰ বিৰোধিতা কৰিছে। বিৰোধী দলবোৰৰ মতে ৰাম মন্দিৰৰ বিবদমান ভূমিৰ গোচৰৰ ৰায় প্ৰদানৰ পিছত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ৰাম মন্দিৰ নিৰ্মাণ কৰাটোত আচলতে মোডীৰ কোনো ধৰণৰ অৱদান নাই৷ইতিমধ্যে ৰাম মন্দিৰ নিৰ্মাণ সমিতিয়ে অহা ২২জানুৱাৰীত মন্দিৰৰ উদ্ধোধনী কাৰ্যসূচীৰ বাবে প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ জনাইছে। অৱশ্যে সেই দিনৰ কাৰ্যসূচীত আন কোনো সাংবিধানিক মূৰব্বীক নিমন্ত্ৰণ কৰা নাই মন্দিৰ কৰ্তৃপক্ষই৷কিয়নো বিজেপি দলে সেই বিশেষ দিনটোত ৰামৰ জৰিয়তে সমগ্ৰ দেশ মোডীময় হোৱাটো বিচাৰিছে।প্ৰধানমন্ত্ৰীয়েই যে আগভাগ লৈ মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ কৰিলে তাকো বুজাব বিচাৰিছে বিজেপিয়ে।উল্লেখ্য যে ৰাম মন্দিৰৰ শিলন্যাসৰ সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ উপস্থিত থকাৰ পিছতো তেওঁক একাষৰীয়া কৰা হৈছিল সমগ্ৰ অনুষ্ঠানটোত। ৰাম মন্দিৰৰ উদ্ধোধনী কাৰ্যসূচীতো নিৰাপত্তাৰ দোহাই দি কোনো মুখ্যমন্ত্ৰীকে মূল অনুষ্ঠানলৈ নিমন্ত্ৰণ নকৰাটোৱেও যোগী আদিত্যনাথক আঁতৰাই ৰাখিব খোজাটোকেই প্ৰতিপন্ন কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.