ভয়ংকৰ বিসম্বাদত জুৰুলা বিজেপি !

Share This Article

৯ নবেম্বৰ দিনটো আছিল ৰাজস্থান বিজেপিৰ বাবে এক ভয়ংকৰ বেয়া দিন । মনোনয়ন পত্ৰ উঠাই লোৱাৰ দিনটোত মনোনয়ন উঠাই নল’লে ৫২ গৰাকী বিসম্বাদী প্ৰাৰ্থীয়ে।উল্লেখ্য যে অহা ২৫ নবেম্বৰত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনটোত মুঠ ৫২ টা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব প্ৰদান কৰা প্ৰাক্তন বিজেপি নেতাই প্ৰাৰ্থিত্বই উঠাই নল’লে।ৰাজস্থানত মুঠ ২০০ খন বিধানসভাৰ আসন আছে।২৫ নবেম্বৰত ৰাজস্থান বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।১০১ খন আসন লাভ কৰা দলেই গঠন কৰিব পাৰিব চৰকাৰ.কিন্তু বিজেপি দলটো প্ৰায় ৭০ ৰ পৰা ৮০ খন আসনত বিসম্বাদৰ সন্মুখীন হৈছে৷ইয়াৰে আকৌ ৫২ টা সমষ্টিত প্ৰাক্তন বিজেপি সদস্যই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগবঢ়োৱা বিষয়টোৱে অশনি সংকেত কঢ়িয়াই আনিছে বিজেপিলৈ৷গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি সভাপতি জে পি নাড্ডাৰ বুজনিতো মনোনয়ন পত্ৰ প্ৰত্যাহাৰ নকৰিলে গৰিষ্ঠসংখ্যক প্ৰাক্তন বিজেপি নেতাই৷উল্লেখ্য যে দিদৱানা সমষ্টিত বিজেপি নেতা ইউনিছ খানৰ পৰিবৰ্তে বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে জীতেন্দ্ৰ সিং যোধাক। ইউনিছ খান আছিল মুছলমানসকলৰ অতি জনপ্ৰিয় নেতা।মুছলমানৰ মাজত বিজেপিক জনপ্ৰিয় কৰাত যথেষ্ট অৰিহণা আছে ইউনিছ খানৰ।আনকি এই ইউনিছ খানেই গুজৰাটতো বিজেপিৰ হৈ প্ৰচাৰ চলাইছিল। ইউনিছ খান আছিল প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰীও। ঠিক সেইদৰে চাচুৰ বিধানসভা সমষ্টিৰ পৰা দেৱী পাটিলক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে। সেই সমষ্টিটোৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল জীৱৰাম চৌধুৰী আৰু দানাৰাম চৌধুৰী। এই দুয়োজন ব্যক্তিৰে চৌধুৰী সমাজত আছে যথেষ্ট জনপ্ৰিয়তা। দেৱী পাটিলক প্ৰাৰ্থিত্ব প্ৰদানৰ পিছতে দুয়োগৰাকী চৌধুৰী একলগ হৈছে। যিটো বিজেপি দলৰ বাবেই হৈ পৰিছে মূৰৰ কামোৰণি। ঠিক সেইদৰে বয়ানা সমষ্টিত বতচু সিং বংশীৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে ৷সেই সমষ্টিত প্ৰাৰ্থিত্বপ্ৰত্যাশী আছিল ৰিতু বনাৱত। ৰিতু বনাৱতৰ ভেটি যথেষ্ট শক্তিশালী আছিল আৰু তেওঁৰ স্বামী ঋষি বাঞ্চাল আছিল বয়ানা জিলাৰ বিজেপি সভাপতি।ইতিমধ্যে প্ৰাৰ্থিত্ব লাভ নকৰাৰ পিছত ৰিতু বানাৱতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছে। তেওঁৰ স্বামী ঋষি বাঞ্চালে ইতিমধ্যে এৰিছে দল।ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়াৰ আজলমঠালিয়েও বিপদত পেলাইছে বিজেপিক।বসুন্ধৰা ৰাজেৰ সমৰ্থকেও মন খুলি সমৰ্থন কৰিব পৰা নাই বিজেপিক।বৰ্তমানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ জনপ্ৰিয় আঁচনিয়েও বিপাঙত পেলাইছে বিজেপিক।গেহলটৰ আঁচনিৰ লগত ফেৰ মাৰিব পৰা নাই বিজেপিয়ে। অৱশ্যে অহা ৩ ডিচেম্বৰতহে নিৰ্দলীয়ই প্ৰকৃতাাৰ্থত কিমান ক্ষতিগ্ৰস্ত কৰিলে বিজেপিক সেয়া স্পষ্ট হ’ব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.