শক্তিমানক গংগাধৰ বনোৱাৰ ফল ভুগিছে বিজেপিয়ে !

Share This Article

যিমানেই নিৰ্বাচনৰ দিন ওচৰ চাপিছে,সিমানেই শাসক দল বিজেপিৰ মূৰৰ কামোৰণি বাঢ়িছে। বিজেপি দলে ইতিমধ্যে মধ্য প্ৰদেশত চাৰিখন আৰু ৰাজস্থানত প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে। প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতেই ৰাজস্থান বিজেপিত আৰম্ভ হৈছে হাংগামা । ৰাজস্থান বিধানসভাৰ বাবে বিজেপিয়ে সোমবাৰে ৪১ জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে যদিও সেই তালিকাত নাম নাই বৰ্তমানৰ মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়াৰ ।তাৰ বিপৰীতে পুনৰ ৭ গৰাকী সাংসদক আনি বিধায়ক পাতিব খুজিছে বিজেপিয়ে । সাংসদক বিধায়ক আৰু বিধায়কক সাংসদ পতাৰ সূত্ৰৰেই আগবাঢ়িব খুজিছে বিজেপি ।ৰাজস্থানত বসুন্ধৰা ৰাজেৰ নাম এতিয়ালৈকে ঘোষণা নোহোৱাৰ বিপৰীতে বসুন্ধৰা ৰাজেৰ ঘনিষ্ঠ সকলৰো নাম ইয়াত সন্নিবিষ্ট হোৱা নাই । বসুন্ধৰা ৰাজেৰ অত্যন্ত ঘনিষ্ঠ ৰাজপাল সিং শেখাৱটৰ পৰিবৰ্তে তেওঁ প্ৰতিনিধিত্ব কৰা সমষ্টিটোত প্ৰধানমন্ত্ৰী মোডীৰ ঘনিষ্ঠ ৰাজ্যবৰ্ধন সিং ৰাথোড়ক প্ৰাৰ্থিত্ব প্ৰদান কৰে বিজেপিয়ে । প্ৰাৰ্থিত্ব হেৰুৱাই মানসিকভাৱে ভাঙি পৰা শেখাৱটে আনকি সামাজিক মাধ্যমত ৰাজ্যবৰ্ধন সিং ৰাথোড় কোনো কামৰ মানুহ নহয় বুলিও উল্লেখ কৰিছিল । অৱশ্যে পিছত তেওঁ সেই প’ষ্টটো ডিলিট কৰে । ঠিক সেইদৰে জয়পুৰ বিধাগাৰ নগৰ আসন খনৰ পৰা দিয়া কুমাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে। বিজেপিয়ে ৰাজপৰিয়ালৰ প্ৰতিনিধি দিয়া কুমাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰি একপ্ৰকাৰ ৰাজপৰিয়ালৰ আনগৰাকী প্ৰতিনিধি বসুন্ধৰা ৰাজে সিন্ধিয়াক অৱজ্ঞা কৰিছে । বসুন্ধৰা ৰাজেৰ আন এগৰাকী ঘনিষ্ঠ নৰ্পক সিং ৰাজভীক বঞ্চিত কৰি বিজেপিয়ে সেই সমষ্টিত প্ৰাৰ্থিত্ব দিছে দিয়া কুমাৰীক। সাংসদক প্ৰাৰ্থিত্ব প্ৰদান কৰি একেটা সময়তে কেইবাটাও সমষ্টিত প্ৰভাৱ পেলাব খুজিছে বিজেপিয়ে ।সাংসদক প্ৰাৰ্থিত্ব প্ৰদান কৰি বিজেপিয়ে শক্তিমানকেই গংগাধৰ আৰু গংগাধৰ বনোৱাৰ যি সূত্ৰ লৈছে,ইয়াত কিমান সফল হ’ব বিজেপি তাক লৈ সন্দেহ আছে।অহা নবেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্য সমূহৰ ভিতৰত কেৱল মধ্য প্ৰদেশতেই আছে বিজেপি দলৰ চৰকাৰ । ইয়াৰ বিপৰীতে ছত্তীশগড় আৰু ৰাজস্থানত আছে কংগ্ৰেছ দলৰ চৰকাৰ। আনহাতে,মিজোৰামত মিজো নেশ্যনেল ফ্ৰণ্টৰ লগ লাগি বিজেপিয়ে চৰকাৰ গঠন কৰা বুলি দাবী কৰে যদিও বিজেপি দলটো তাত সম্পূৰ্ণ সহযোগী হিচাপেহে আছে ।তেলেংগানাত আছে ভাৰত ৰাষ্ট্ৰীয়তাবাদী সমিতি চমুকৈ BRS ৰ চৰকাৰ ।যদি ইণ্ডিয়া মিত্ৰজোঁটৰ ফলাফল বেয়া হয় তেন্তে ইণ্ডিয়াই হেৰুৱাব দুখন ৰাজ্য৷ইয়াৰ বিপৰীতে বিজেপিৰ ফলাফল বেয়া হ’লে বিজেপিয়ে হেৰুৱাব মাত্ৰ এখন ৰাজ্য৷দুয়োটা মিত্ৰজোঁটৰ বিষয়টো তুলনা কৰিলে বিজেপিৰ লোকচান কম হ’ব যদিও কিন্তু বিজেপি তথা NDA ৰ বাবে এইটো হ’ব একপ্ৰকাৰ লিটমাচ টেষ্ট৷এই ৫ খন ৰাজ্যৰ ৫ খনতেই জয়লাভ কৰাটো বিচাৰিছে বিজেপিয়ে । কিয়নো এই ৫ খন ৰাজ্যৰ বিধানসভাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব প্ৰধানমন্ত্ৰী মোডীৰ ভবিষ্যৎ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.