ভিৰৰ মাজতো নিসংগ বিজেপি !

Share This Article

জয়াললিতাৰ দল AIADMK ই সংগ এৰিছে বিজেপিৰ। ইতিমধ্যে দলটোৰ নেতা ডি জয়কুমাৰে বিজেপিৰ সংগ এৰাৰ বিষয়টো নিশ্চিত কৰিছে।নিজ দলৰ জ্যেষ্ঠ প্ৰতিস্থাপক নেতাক অপমান কৰাটো কোনো কাৰণতেই সহ্য নকৰে AIDMK ই।জয়কুমাৰে এই কথা স্পষ্ট কৰি দিছে যে সদ্যহাতে তেওঁলোকৰ দলে বিজেপিৰ লগত কোনো সম্পৰ্ক নাৰাখে।যদি লোকসভাৰ নিৰ্বাচনৰ সময়ত পুনৰ মিত্ৰতাৰ কথা ভাবেও,সেই সিদ্ধান্ত এতিয়া নলয় তেওঁৰ দলে।উল্লেখ্য যে বিজেপিৰ ৰাজ্যিক সভাপতি কে আন্নামালাইৰ এটা মন্তব্যক লৈ ক্ষোভত ফাটি পৰিছে AIADMK দল।অৱশ্যে বিজেপি দলে উল্লেখ কৰিছে যে ইতিমধ্যে দুয়োটা দলৰ মাজত মতবিৰোধ শীৰ্ষ পৰ্যায়ৰ নেতাৰ মাজত আলোচনাৰ জৰিয়তে মীমাংসা কৰা হৈছে।বিজেপিয়ে লগতে কয় যে আন্নামলাইৰ নেতৃত্বত আৰম্ভ হোৱা পদযাত্ৰাই ইতিমধ্যে ব্যাপক সমাদৰ লাভ কৰিছে। সেইবাবে AIADMK দলে নিজৰ ভোটবেংক হেৰুওৱাৰ স্বাৰ্থত বিজেপিৰ পৰা এক নিৰ্দিষ্ট দূৰত্বত থাকিব বিচাৰিছে।এগৰাকী জ্যেষ্ঠ বিজেপি নেতাই কয় যে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু AIDMK দুয়োটা দলেই নিজাববীয়াকৈ ভোটবেংক তৈয়াৰ কৰিব বিচাৰিছে৷সেইটো প্ৰতিটো দলেই বিচাৰিব।কিন্তু বাস্তৱ সত্যটো হৈছে যে দুয়োটা দলেই লগ লাগিয়েই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলগীয়া হ’ব।তামিলনাডুত বিজেপিৰ ভেটি সুদৃঢ় কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছেনগল আনি নতুন লোকসভা ভৱনত সংস্থাপিত কৰিছিল।তদুপৰি বিদেশ ভ্ৰমণৰ সময়ত প্ৰায়ে প্ৰধানমন্ত্ৰী মোডীয়ে তামিল সাহিত্যৰ বিষয়ে উল্লেখ কৰিছিল।ইমানৰ পিছতো বিজেপিৰ প্ৰতি আকৰ্ষণ নাই তামিল জনতাৰ।২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপি দলে তামিলনাডুৰ AIADMK দলৰ লগত একেলগে ৫ খন আসনত প্ৰতিন্দন্দ্বিতা আগবঢ়াইছিল।কিন্তু বিজেপি দলে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল।তামিলনাডুত মুঠ ৩৯ খন লোকসভাৰ আসন আছে।২০২১ চনৰ বিধানসভা নিৰ্বাচনত মুঠ ২০ খন আসনত AIADMK ৰ লগত একেলগে বিজেপি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল।২৩৯ খন আসনৰ মাত্ৰ ৫ খনত জয়ী হৈছিল বিজেপি৷অৱশ্যে এই জয়ো AIADM ৰ লগত মিত্ৰতাৰ ফলতহে সম্ভৱ হৈছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.