ক্ৰমাৎ শক্তিশালী হৈছে I.N.D.I.A !

Share This Article

২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি তুংগত উঠিছে৷এই সময়চোৱাত সৰু সৰু ৰাজনৈতিক দলবোৰৰ মাজত চলিছে এটাই চৰ্চা-সেইয়া হ’ল কোনটো দল কাৰ লগত থাকিব?I.N.D.I.A ৰ বৈঠক অহা ৩১আগষ্ট আৰু ১ ছেপ্তেম্বৰত মুম্বাইত অনুষ্ঠিত হোৱাৰ কথা।আম আদমি পাৰ্টি,তৃণমূল কংগ্ৰেছ,ৰাষ্ট্ৰীয় জনতা দল,জনতা দল (ইউ) আদি সকলো দলৰে নেতৃত্বই এই বৈঠকত অংশ লোৱাৰ কথা।এইবাৰৰ INDIA ৰ অধিৱেশনত উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মায়াৱতীৰ বহুজন সমাজবাদী পাৰ্টীৰ যোগদানৰ বিষয়টোও আলোচনা হ’ব।উল্লেখ্য যে মায়াৱতীৰ বহুজন সমাজবাদী পাৰ্টিয়ে ২০১৪ চনত অকলে উত্তৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা আগবঢ়াইছিল আৰু এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।পুনৰ ২০১৯ চনৰ বিধানসভাৰ নিৰ্বাচনত দলটোৱে নিজাববীয়াকৈ প্ৰাৰ্থিত্ব আগবঢ়াই মাত্ৰ ১ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল।কিন্তু আশ্চৰ্যজনকভাৱে সেই একেটা বৰ্ষতে অনুষ্ঠিত লোকসভা নিৰ্বাচনত অখিলেশ যাদৱ নেতৃত্বাধীন সমাজবাদী পাৰ্টিৰ লগত মিত্ৰতা কৰি দলটোৱে মুঠ ১০ খন লোকসভাৰ আসন লাভ কৰিবলৈ সক্ষম হয়।মিত্ৰতা স্থাপনৰ
ফলত মায়াৱতী লাভান্বিত হোৱা বাবেই এইবাৰো INDIA ৰ মৰ্চাত থকাৰ মন মেলিছে মায়াৱতী নেতৃত্বাধীন বহুজন সমাজবাদী পাৰ্টিয়ে।আনহাতে NDA জোঁটত চন্দ্ৰবাবু নেতৃত্বাধীন তেলেগু দেশম পাৰ্টিয়ে অংশ গ্ৰহণ কৰিব বুলিও গুণাগথা চলিছে।বিগত ২৮ আগষ্টত বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু চন্দ্ৰবাবু নাইডুৱে নতুন দিল্লীত এক বৈঠকত অংশ লয়৷২০১৮ চনত চন্দ্ৰবাবু নাইডুৱে অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়াৰ বিষয়টোত সন্মতি প্ৰদান নকৰাৰ বাবে NDA মিত্ৰজোঁট ত্যাগ কৰিছিল।
২০১৮ চনত NDA ত্যাগ কৰাৰ পিছত চন্দ্ৰবাবু নাইডু আৰু জে পি নাড্ডা ৰাষ্ট্ৰপতি ভৱনৰ এক অনুষ্ঠানত বিগত ২৮ আগষ্টত একেলগে বহিল।তেলেগু দেশম পাৰ্টিৰ প্ৰতিষ্ঠাতা এন টি ৰামাৰাওৰ জন্মদিন উপলক্ষে এটা মুদ্ৰা মুকলি কৰাৰ অনুষ্ঠানত অংশ লৈছিল দুয়ো একেলগে।অনুষ্ঠানৰ পিছত অনুষ্ঠিত বৈঠকত অন্ধ্ৰপ্ৰদেশ বিজেপিৰ মূৰব্বী ডি পুৰানাদেশ্বৰী আৰু তেওঁৰ স্বামী ডুগুৱতী ভেংকটেশ্বৰ ৰাৱো উপস্থিত আছিল।পুৰানেদেশ্বৰী কংগ্ৰেছ নেতৃত্বাাধীন UPA মন্ত্ৰীসভাৰ প্ৰাক্তন মন্ত্ৰী আছিল আৰু তেওঁক শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশ বিজেপিৰ সভাপতিৰ দায়িত্ব অৰ্পন কৰা হয়।পুৰানেদেশ্বৰীৰ মধ্যস্থতাতে চন্দ্ৰবাবু নেতৃত্বাাধীন TDP বিজেপি নেতৃত্বাধীন NDA ৰ কাষ চপাৰ কথা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.