দক্ষিণ ভাৰতত ‘No entry’ বিজেপিৰ !

Share This Article

তেলেংগানাত চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন। নিৰ্বাচনৰ আগে আগে তেলেংগানা বিজেপি মহাসংকটৰ সন্মুখীন হৈছে।প্ৰাক্তন সাংসদৰ পৰা বিধায়কলৈ সকলোৱে বাট পোনাইছে কংগ্ৰেছ দলৰ ফালে।এগৰাকী প্ৰাক্তন সাংসদ আৰু ৪ গৰাকী বিধায়কে একেলগে ইতিমধ্যে কংগ্ৰেছৰ লগত সমষ্টিক লৈ বুজাবুজি আৰম্ভ কৰিছে।বিজেপিৰ এক শীৰ্ষস্তৰীয় সূত্ৰৰ মতে বিজেপিৰ প্ৰাক্তন সাংসদগৰাকীয়ে শেহতীয়াকৈ দলৰ বহুতো উল্লেখযোগ্য কাৰ্যসূচীৰ পৰা আঁতৰাই ৰাখিছে।তদুপৰি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থকা কাৰ্যসূচীৰ পৰা নিজকে আঁতৰাই ৰাখিছে প্ৰাক্তন সাংসদগৰাকীয়ে।গ্ৰেটাৰ হায়দৰাবাদৰ যিকোনো এটা সমষ্টিৰ পৰা আগন্তুক নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰাৰ বাবে আগ্ৰহী এই প্ৰাক্তন সাংসদগৰাকী।আনহাতে নিজামাবাদ আৰু মেহবুবনগৰ সমষ্টিৰ পৰা প্ৰতিন্দন্দ্বিতা আগবঢ়োৱাৰ কথা দুগৰাকী প্ৰাক্তন বিজেপি বিধায়কে।কৰ্ণাটকৰ পিছত তেলেংগানাক লৈ সপোন ৰচিছিল বিজেপিয়ে।দক্ষিণ ভাৰতৰ কোনো এখন ৰাজ্যকেই নিজৰ দখললৈ আনিব নোৱাৰা বিজেপিৰ তেলেংগানা জয়ৰ সপোনো চূৰমাৰ হোৱাৰ পথত।ইণ্ডিয়ান এক্সপ্ৰেছৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি তেওঁলোকক কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়াটো নিশ্চিত কৰিলেই তেওঁলোকে দলটোত যোগদান কৰাৰ সিদ্ধান্ত ল’ব।বিগত সপ্তাহত প্ৰাক্তন বিজেপি সাংসদগৰাকীয়ে দিল্লীত গৈ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ সাংসদগৰাকীক সাক্ষাৎ কৰে।বৰ্তমানৰ সাংসদ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ছোনিয়া গান্ধী,ৰাহুল গান্ধী আৰু AICCৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেৰ লগত প্ৰাৰ্থিত্ব নিশ্চিত কৰাৰ পিছতে তেওঁলোকে যোগদানৰ তাৰিখ নিশ্চিত কৰিব।প্ৰাক্তন সাংসদগৰাকীৰ এক ঘনিষ্ঠ সূত্ৰই জনোৱা মতে অহা মাহত তেওঁ কংগ্ৰেছত যোগদান কৰিব৷উল্লেখ্য যে ছোনিয়া গান্ধীৰ দ্বাৰা তেলেংগানা কংগ্ৰেছে দলৰ ইস্তাহাৰ মুকলি কৰাৰ সিদ্ধান্ত লৈছে আৰু সেই বিশেষ দিনটোতেই বিজেপিৰ পৰা গৈ দলেবলে যোগদান কৰিব এইসকল লোকে।প্ৰাক্তন সাংসদ আৰু প্ৰাক্তন বিধায়ক কেইগৰাকীৰ এই সিদ্ধান্তৰ বিষয়ে বিজেপি দলৰ নেতৃত্ব অৱগত৷শেহতীয়াকৈ অমিত শ্বাহে তেলেংগানা ভ্ৰমণৰ সময়ত দলৰ নেতা সকলক হুৰমূৰকৈ যিকোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিল।উল্লেখ্য তেলেংগানাত মুঠ ১১৯ টা বিধানসভাৰ সমষ্টি আছে।১১৯ টা সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ ১০০৬ গৰাকীয়ে প্ৰাৰ্থিত্ব বিচাৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.