১০ বিজেপি বিধায়কৰ যোগাযোগ নাই মণিপুৰৰ মুখ্যমন্ত্ৰীৰ লগত !

Share This Article

বিগত ৩ মে’ৰ পৰা জ্বলি আছে মণিপুৰ।সাম্প্ৰদায়িক সংঘৰ্ষত জৰ্জৰিত মণিপুৰত এতিয়ালৈকে ১৬০ গৰাকীৰো অধিক লোকে মৃত্যুক সাৱটিছে।কুকি আৰু মেইটেই মাজত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষ বিগত প্ৰায় চাৰিটা মাহ ধৰি চলিয়েই আছে।মেইটেই সম্প্ৰদায়ৰ লোকক জনজাতীয় মৰ্যাদা দিয়া বিষয়টোৰ প্ৰতিবাদ কৰিছিল কুকি সম্প্ৰদায়ৰ লোকসকলে।ইয়াৰ পৰাই আৰম্ভ হৈছিল আক্ৰমণ প্ৰত্যাক্ৰমণৰ ঘটনা।এই সংঘৰ্ষত কুকি লোকসকল অধিক ক্ষতিগ্ৰস্ত হৈছে।সেয়ে ৰাজনৈতিক ক্ষেত্ৰখনত থকা কুকি আৰু মেইটেৰ মাজত মতানৈক্য বৃদ্ধি পাইছে।মণিপুৰৰ ৬০ জনীয়া বিধানসভাত ৩২গৰাকী বিজেপি বিধায়ক আছে আৰু ইয়াৰে ১০ গৰাকী কুকি সম্প্ৰদায়ৰ বিধায়ক।এই কুকি সম্প্ৰদায়ৰ ১০ গৰাকী বিধায়কে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ লগত কোনো ধৰণৰ যোগাযোগ কৰিব বিচৰা নাই বা যোগাযোগ কৰাৰ প্ৰতিও আগ্ৰহী নহয়।১০ গৰাকী কুকি বিধায়কে কয় যে মুখ্যমন্ত্ৰী বীৰেন সিঙে কুকি,মাৰ আৰু জমী সম্প্ৰদায়ৰ বিধায়কসকলৰ লগত যোগাযোগত থকা বুলি কৈ সম্প্ৰদায়কেইটাৰ মানুহৰ মাজত বিধায়ক কেইজনৰ প্ৰতি এক অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে।বিধায়কসকলে এক বিজ্ঞপ্তিৰ জৰিয়তে কয় ‘ সকলো কুকি জমী আৰু মাৰ বিধাযকেই মুখ্যমন্ত্ৰী বীৰেন সিঙৰ পৰা এক নিৰ্দিষ্ট দূৰত্ব বৰ্তাই ৰাখিছে।২০২৩ চনৰ মে’ মাহৰ পৰাই তেওঁলোকে মুখ্যমন্ত্ৰীৰ লগত কোনোধৰণৰ যোগাযোগত নাই।কুকি,মাৰ আৰু জমিসকলৰ বাবে মণিপুৰ এতিয়া বধ্যভূমি।ইম্ফলৰ ৰাস্তা-ঘাট এতিয়া এই তিনিটা জনগোষ্ঠীৰ বাবে সুচল নহয়।নিৰাপদো নহয়।প্ৰতিটো কোণতে এতিয়া মৃত্যুদূতৰ পদধ্বনি ইম্ফলত।সদনৰ কৰ্তব্যৰত বিষয়াও সাৰি যোৱা নাই ইয়াৰ কবলৰ পৰা।আমাৰ চৰকাৰী বাসগৃহ আৰু আমাৰ ঘৰবোৰৰ ওপৰত আক্ৰমণ চলিছে অহৰহ।আমাৰ ঘৰবোৰ জ্বলাই দিয়া হৈছে৷আমি মুখ্যমন্ত্ৰীৰ লগত কোনোধৰণৰ যোগাযোগত নাই।তেওঁ আনকি আমাৰ লগত যোগাযোগো কৰা নাই৷তেওঁ মাৰ,কুকি জৰু জমী সকলৰ লগত যোগাযোগত থকা বুলি কৈ আমাৰ মাজত সন্দেহৰ বীজ ৰোপণ কৰিব বিচাৰিছে।আমি পুনৰ ভাৰতীয় সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি আমাৰ বাবে সুকীয়া প্ৰশাসনৰ ব্যৱস্থা কৰাৰ বাবে দাবী তুলিছোঁ।আমি নিশ্চিত যে এনে কৰিলেহে ৰাজ্যখনত শান্তি প্ৰতিষ্ঠা হ’ব।’উল্লেখ্য যে অহা ২৯ আগষ্টৰ পৰা মণিপুৰত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হোৱাৰ কথা৷ইয়াৰ আগতে মুখ্যমন্ত্ৰী বীৰেন সিঙে তেওঁৰ কেইগৰাকীমান সতীৰ্থ বিধায়কক লৈ দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত বৈঠকত বহিছিল।অৱশ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে দিল্লীৰ পৰা উভতি আহি এই বৈঠকত ভাগ লোৱাৰ বিষয়টো ৰাজহুৱা কৰা নাই৷মুখ্যমন্ত্ৰী সিঙৰ দাবী যে মণিপুৰৰ পৰিস্থিতি উন্নত হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.