চাইনীজ বা ইটালীয়ান ভাইৰাছতকৈ অধিক ভয়াবহ ভাৰতীয় ভাইৰাছ

Share This Article

নেপালত ক’ৰোনা ভাইৰাছ সংক্ৰমিত কৰিলে ভাৰতে।চাইনীজ বা ইটালীয়ান ভাইৰাছতকৈ অধিক ভয়াবহ ভাৰতীয় ভাইৰাছ।-এই মন্তব্য নেপালৰ প্ৰধানমন্ত্ৰী কেপি অ’লিৰ।যোৱা মংগলবাৰে নেপালৰ সংসদত আগবঢ়োৱা বক্তব্যত প্ৰধানমন্ত্ৰীজনে কঠোৰভাবে কয় ,যে অবৈধ ভাৱে নেপাললৈ অহা ভাৰতীয় সকলে ক’ৰোনা ভাইৰাছ সংক্ৰমিত কৰিছে নেপালত।ইয়াৰ বাবে নেপালৰ কিছুমান জনপ্ৰতিনিধি আৰু ৰাজনৈতিক নেতা জগৰীয়া।তেখেতে লগতে কয়,বাহিৰৰ পৰা নেপাললৈ অহা অনুপ্ৰৱেশকাৰী সকলৰ বাবেই নেপালত কোভিদ -19 নিয়ন্ত্ৰণত জটিলতাৰ সৃষ্টি হৈছে।ভাৰতীয় ভাইৰাছ চীনা ভাইৰাছ অথবা ইটালীয়ান ভাইৰাছতকৈ অধিক ভয়াবহ।নেপালৰ বহু লোক বৰ্তমান এই ভাৰতীয় ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।উল্লেখনীয় যে,ইয়াৰ পূৰ্বে নেপালৰ নতুন ৰাজনৈতিক মানচিত্ৰ মুকলি কৰিও বিতৰ্কৰ সৃষ্টি কৰিছিল দেশখনে।নেপালৰ নতুন মানচিত্ৰত সন্নিবিষ্ট কৰা হৈছিল ভাৰতৰ অধীনস্থ তিনিটা অঞ্চল।ইয়াৰ পিছত নতুনকৈ ক’ৰোনা সংক্ৰমণৰ বাবে নেপালে ভাৰতক জগৰীয়া কৰা ঘটনাই নিশ্চয় দুয়ো দেশৰ মাজত সংঘাত বৃদ্ধি কৰিব।কিন্তু এই মূহুৰ্তত নেপালৰ মন্তব্যৰ প্ৰত্যুত্তৰ ভাৰতে কিদৰে দিয়ে সেইয়া অধিক লক্ষণীয় হৈ পৰিছে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.