EXCLUSIVE: অসম চুক্তিৰ ৬ নং দফাৰ দায়িত্ব নলয় কেন্দ্ৰই

Share This Article

বিশেষ প্ৰতিবেদনঃ ‘‘অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন ৰূপায়ণ কৰাৰ দায়িত্ব প্ৰধানতঃ ৰাজ্য চৰকাৰৰ’’ – এই বক্তব্যৰে অসমীয়া জাতিৰ বহু আকাংক্ষিত ‘সাংবিধানিক ৰক্ষাকৱচ’ক লৈ চৰম প্ৰতাৰণা কৰিছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে৷ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ এক আৰ টি আই আবেদনত উন্মোচিত হৈছে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ ভয়ংকৰ অসম বিৰোধী ষড়যন্ত্ৰ৷ অসমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যি সময়ত সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণেৰে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ নতুন সূত্ৰ আওঁৰাইছে, যি সময়ত সদৌ অসম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীৰ সূত্ৰত হয়ভৰ দিছে, সেই সময়ত গৃহ বিভাগে স্পষ্ট কৰি দিছে যে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ দায়িত্ব প্ৰধানতঃ ৰাজ্য চৰকাৰৰ৷ গৃহ বিভাগৰ এই স্থিতিৰ পৰাই ওলাই পৰে যে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে উচ্চস্তৰীয় সমিতি গঠন কৰাটো আছিল আন এক প্ৰতাৰণা৷ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ তৰফৰ পৰা বিগত ১৬ জুনত গৃহ বিভাগত দাখিল কৰা এক আবেদনত প্ৰশ্ন কৰা হৈছিল যে গৃহ বিভাগে অসম চুক্তি ৰূপায়ণৰ বাবে গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন লাভ কৰিলেনে? অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত হোৱা যোগাযোগৰ প্ৰতিলিপিও বিচৰা হৈছিল একেখন আবেদনত৷ বিগত ১৪ জুলাইত এই আবেদনৰ উত্তৰত গৃহ মন্ত্ৰালয়ে স্পষ্টকৈ উল্লেখ কৰে এইদৰে – ‘কমিটীয়ে তেওঁলোকৰ প্ৰতিবেদন ৰাজ্য চৰকাৰৰ ওচৰত জমা দিছে৷ এই প্ৰতিবেদন কাৰ্যকৰী কৰাৰ দায়িত্ব প্ৰধানতঃ ৰাজ্য চৰকাৰৰ৷’ অৰ্থাৎ অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ দায়িত্ব ৰাজ্য চৰকাৰলৈ ঠেলি কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ বিষয়টোৰ পৰাই গা এৰা দিব বিচাৰিছে৷ সকলোৱে জানে, অসম চুক্তি ৰূপায়ণৰ দায়িত্বত আছিল ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়৷ অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে প্ৰয়োজন হ’ব আইন সংশোধনৰ৷ কিন্তু এতিয়া অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ দায়িত্ব অসম চৰকাৰৰ বুলি কৈ অমিত শ্বাহৰ গৃহ বিভাগে বিষয়টোক লৈ যে ল’ৰা ধেমালি কৰিছে সেয়া স্পষ্ট হৈ পৰিছে৷ ২০১৯ চনৰ ১৫ জুলাইত ‘কা’ আন্দোলনৰ মাজত কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰিছিল ১৩ জনীয়া উচ্চস্তৰীয় সমিতি৷ অসমৰ সকলো ৰাজনৈতিক দল-সংগঠন আৰু বিশিষ্ট ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰি কমিটীয়ে ২০২০ চনৰ ১০ ফেব্ৰুৱাৰীত প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়ায়৷ কিন্তু গৃহ বিভাগে গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন গৃহমন্ত্ৰী অমিত শ্বাহে গ্ৰহণ কৰিবৰ বাবে সময় উলিয়াব নোৱাৰিলে৷ যাৰ বাবে এই সমিতিয়ে ২০২০ চনৰ ২৫ ফেব্ৰুৱাৰীত নিজৰ প্ৰতিবেদন তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত জমা দিয়ে৷ ২০২০ চনৰ ৫ ছেপ্তেম্বৰত ‘দ্য ক্ৰছকাৰেণ্টে’ গৃহ বিভাগক আৰ টি আই আবেদনৰ জৰিয়তে এই প্ৰতিবেদন লাভ কৰিছেনে নাই সুধিছিল৷ ২০২০ চনৰ ২৯ ছেপ্তেম্বৰত গৃহ বিভাগে ইয়াৰ উত্তৰত প্ৰতিবেদনখন তেতিয়াও লাভ কৰা নাই বুলি জনাইছিল৷ এনেকৈয়ে গৃহ মন্ত্ৰীৰ হাতত নপৰাকৈয়ে ৰৈ গ’ল গৃহ বিভাগে গঠন কৰা অসম চৰকাৰৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন৷ ২০২১ চনৰ ১০ ফেব্ৰুৱাৰীত ৰাজ্যসভাত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে, বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদন অসম চৰকাৰে পৰীক্ষা কৰি আছে৷ ইয়াৰ পাছত অসম চৰকাৰে ২০২১ চনৰ ৪ অক্টোবৰত গঠন কৰে আন এখন সমিতি৷ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা নেতৃত্বাধীন উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন চালি-জাৰি চাবলৈ গঠন কৰা সমিতিত আছে মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, পীযুষ হাজৰিকা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ৫ গৰাকী সদস্য৷ এই কমিটীখনে ৩ মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল৷ কিন্তু এই প্ৰতিবেদনো আজিলৈকে প্ৰকাশ নাপালে৷ চলি থাকিল কেৱল বৈঠক আৰু বৈঠক৷ এনেদৰেই অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনক লৈ চলি থাকিল ল’ৰা ধেমালি৷ তাৰ পাছতো আশা কৰা হৈছিল যে উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰি কেন্দ্ৰীয় চৰকাৰে অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিব৷ কিন্তু ‘দ্য ক্ৰছকাৰেণ্ট’ৰ আৰ টি আই আবেদনৰ উত্তৰত অমিত শ্বাহ নেতৃত্বাধীন গৃহ মন্ত্ৰালয়ে স্পষ্ট কৰি দিলে যে, ‘অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন ৰূপায়ণৰ দায়িত্ব প্ৰধানতঃ ৰাজ্য চৰকাৰৰ৷’ অৰ্থাৎ অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ দায়িত্ব অসম চৰকাৰলৈ ঠেলিলে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে৷ ইয়াৰ পৰাই প্ৰমাণ হয় যে কেৱল ‘কা’ বিৰোধী ক্ষোভ প্ৰশমিত কৰিবলৈ গঠন কৰা হৈছিল উচ্চস্তৰীয় কমিটী৷ এই কমিটীৰ প্ৰতিবেদন ৰূপায়ণৰ দায়িত্ব নলয় কেন্দ্ৰীয় চৰকাৰে৷ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ বাবে উচ্চস্তৰীয় সমিতিৰ গঠন যে বিজেপি চৰকাৰৰ এক ভয়ংকৰ প্ৰতাৰণাহে আছিল, সেয়া গৃহ বিভাগৰ তথ্যই স্পষ্ট কৰি দিলে৷ এই কমিটীৰ প্ৰতিবেদনত সংসদত খিলঞ্জীয়াৰ বাবে ৮০ শতাংশ আসন সংৰক্ষণৰ লগতে বিধানসভা আৰু স্থানীয় নিগম নিকায়তো ৮০ শতাংশ আসন ‘অসমীয়া মানুহ’ৰ বাবে সংৰক্ষণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল৷ কিন্তু এই কমিটীৰ প্ৰতিবেদনক পেলনীয়া কাগজলৈ পৰ্যবসিত কৰি ‘অসমীয়া’ৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ বাবে ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্ভাৱন কৰিছে সমষ্টি পুনৰ গঠনৰ সূত্ৰ৷ ইয়াত ‘হয়ভৰ’ দিছে খোদ সদৌ অসম ছাত্ৰ সন্থাই৷ অথচ অসম চুক্তিৰ ৬ নং দফাৰ পৰাই গা এৰা দিলে মোদী চৰকাৰে৷ এই প্ৰতাৰণাৰ পাছত আছুৰ স্থিতি কি হয়, সেয়া হ’ব লক্ষণীয়৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.