চিঞৰি ৰণত জিকিব নোৱাৰে বিজেপি !

Share This Article

বিজেপিয়ে যিমানেই তালফাল নলগাওক,বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ স্থিতি এটাই।তেওঁ নিজৰ স্থিতিত অটল।তেওঁ নিজৰ স্থিতিত দৃঢ়।কোনো কাৰণতে সলনি নকৰে তেওঁৰ সংগী।নিজৰ দৃঢ় স্থিতিৰ স্পষ্ট ইংগিত দিবলৈকে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱ আৰু পৰিৱেশ মন্ত্ৰী তেজ প্ৰতাপ যাদৱক লগত লৈ একেখন গাড়ীৰে বিহাৰ বিধানসভাৰ সচিবালয়লৈ আহিল।উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টিয়ে মুখ্যমন্ত্ৰী নীতিশ কুমাৰক তেওঁৰ মন্ত্ৰীসভাৰ পৰা উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱক অপসাৰণ কৰাৰ দাবী জনাই আহিছে।বিজেপিৰ দাবী যিহেতু প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ ,তেওঁৰ পত্নী ৰাৱৰী দেৱী,তেওঁৰ পুত্ৰ তেজস্বী যাদৱৰ বিৰুদ্ধে চিবিআইয়ে চাকৰিৰ বিনিময়ত ভূমি লোৱাৰ অভিযোগৰ বিৰুদ্ধে শ্বাৰ্জশ্বীট দাখিল কৰিছে গতিকে তেওঁৰ দলৰ সহযোগী হিচাপে লালু প্ৰসাদৰ ৰাষ্ট্ৰীয় জনতা দলক ৰখাটো উচিত নহয়।উল্লেখ্য যে ২০০৪ ৰ পৰা ২০০৯ চনৰ সময়চোৱাত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীৰ দায়িত্বত আছিল লালু প্ৰসাদ যাদৱ।সেই সময়তে ৰেল বিভাগৰ চাকৰিৰ বিনিময়ত ভূমি উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছিল লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে।এই গোচৰটোৰ বিৰুদ্ধে চিবিআইয়ে চলোৱা শ্বাৰ্জশ্বীটত তেজস্বী যাদৱৰো নাম আছে।সেয়ে বিজেপিয়ে মুখ্যমন্ত্ৰী নীতিশ কুমাৰক ইয়াৰ সংগ এৰিবলৈ আহ্বান জনাইছে।বিজেপিৰ চীফ হুইপ জনক সিঙে তেজস্বী যাদৱৰ উপস্থিতিৰ বিৰোধিতা কৰিছে।অধ্যক্ষ অৱধ বিহাৰ চৌধুৰীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে যে এনেকুৱা এগৰাকী শ্বাৰ্জশ্বীটত নাম থকা ব্যক্তি বিধানসভাত উপস্থিত থকাটো শুভ লক্ষণ নহয়।ইফালে বিজেপিৰ আন নেতা সকলেও কোনো কাৰণতে মানি ল’ব খোজা নাই এই মিত্ৰতা।বিৰোধী দলপতি বিজয় কুমাৰ সিনহাই কয় ‘ এইজনেই এজন মুখ্যমন্ত্ৰী যিজনে এটা সময়ত মিত্ৰ দলৰ বিধায়কৰ বিৰুদ্ধে অভিযোগ উত্থাপন হওঁতেই পদত্যাগ কৰিবলৈ বাধ্য কৰিছিল।এতিয়া তেওঁ কি কাৰণে এই দলটোৰ লগত বুজাবুজি কৰি আছে ,সেইটো এটা ৰহস্য।’ তেজস্বী যাদৱৰ মাতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাৱৰী দেৱীয়ে বিৰোধীৰ এই দাবীৰ তীব্ৰ বিৰোধিতা কৰিছে।তেওঁ কয় ‘ বিজেপিৰ বিৰোধিতা কৰিলে তেওঁলোকে সেই বিৰোধিতা কৰা সকলক আক্ৰমণৰ লক্ষ্য কৰি লয় ।সকলোবোৰ কেন্দ্ৰীয় সংস্থাকেই বিৰোধীক টাৰ্গেট কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।প্ৰকৃত কথাটো হ’ল নৰেন্দ্ৰ মোডীয়ে ইমান দিন একো নকৰিলে।তেওঁ কেৱল ৰাজহুৱা ধনৰ অপচয় কৰিলে।বিজেপিৰ সমান দুৰ্নীতিগ্ৰস্ত কোনো নাই।’উল্লেখ্য যে চিবিআইয়ে দাখিল কৰা শ্বাৰ্জশ্বীটৰ দ্বিতীয়খনতহে তেজস্বী যাদবৰ নাম আহিছে।প্ৰথমখন শ্বাৰ্জশ্বীটত প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ,ৰাৱৰী দেৱী আৰু তেওঁলোকৰ কন্যা মিছা ভাৰতীক দোষী সাব্যস্ত কৰিছিল।২০২২ চনৰ অক্টোবৰ মাহত মুঠ ১৬ গৰাকী লোকৰ বিৰুদ্ধে চিবিআইয়ে শ্বাৰ্জশ্বীট দাখিল কৰিছিল।চিবিআইৰ দ্বিতীয়খন শ্বাৰ্জশ্বীটতহে উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ নাম আছে।উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱেও বিজেপিৰ এই দাবী অস্বীকাৰ কৰি কয় ‘ আমি যিদিনাই বিজেপিক পৰাভূত কৰিছিলোঁ,তেওঁলোকে সেইদিনাৰ পৰাই আমাক লক্ষ্য হিচাপে লৈছিল।কেন্দ্ৰীয় সংস্থাবোৰক আমাৰ বিৰুদ্ধে তদন্ত কৰিবলৈ উচটাইছিল৷এইবোৰ বিজেপিৰ পুৰণি কৌশল।আমাৰ কাৰণে ইয়াত কোনো নতুনত্ব নাই।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.