পানী হিলৈ দলিয়ালে বিজেপিৰ গালৈ !

Share This Article

ইমান দিনে বিজেপিয়েহে বিৰোধীক প্ৰতিহত কৰিবলৈ বিভিন্ন পদক্ষেপ লোৱাৰ কথা শুনি আহিছে সকলোৱে।এইবাৰ কিন্তু বিজেপিক প্ৰতিহত কৰিলে কংগ্ৰেছে।ৰাজস্থানত সংঘটিত হ’ল এই ঘটনা৷মঙলবাৰে ৰাজস্থানৰ অশোক গেহলট চৰকাৰৰ বিৰুদ্ধে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল ৰাজস্থান বিজেপিয়ে।বিজেপিৰ সাংসদ কিৰোডী মিনাই ৰাজস্থানৰ জলজীৱন মিশ্যন আৰু খনি বিভাগত মন্ত্ৰী শান্তি ধাৰিৱালৰ নেতৃত্বত ব্যাপক দুৰ্নীতি হৈ থকা বুলি দাবী কৰে।বিজেপিৰ ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে শীঘ্ৰেই ধাৰিৱালৰ নেতৃত্বত সংঘটিত কেলেংকাৰীৰ তথ্য ৰাজহুৱা কৰিব বুলি মঙলবাৰে স্পষ্ট কৰি দিয়ে।সাংসদ গৰাকীয়ে লগতে কয় যে ৰাজ্যখনৰ তথ্য আৰু প্ৰচাৰ বিভাগত প্ৰায় ৫০০০ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈ আছে।কিন্তু দুৰ্নীতি নিবাৰক বিভাগক এই বিভাগটোৰ তদন্ত কৰিবলৈ নিদিয়ে মুখ্যমন্ত্ৰী অশোক গেহলটে।বিজেপি সাংসদ মীনাই দাবী কৰে যে ৰাজ্য চৰকাৰৰ এটা আলমাৰিৰ পৰা নগদ ২.৩১কোটি টকা উদ্ধাৰ কৰাৰ লগতে সোণো উদ্ধাৰ কৰিছিল তদন্তকাৰী সংস্থাই। বিগত মাহত সেই ধন-সোণ যোজনা ভৱনৰ পৰা উদ্ধাৰ কৰা হয় বুলিও উল্লেখ কৰে সাংসদ মীনাই।মীনাই লগতে কয় ‘ দুৰ্নীতি গেহলট চৰকাৰৰ এক প্ৰধান অংশ।ৰাজস্থানত প্ৰতিযোগিতামূলক পৰীক্ষাৰ মুঠ ১৬ খন প্ৰশ্নকাকতৰ পৰীক্ষা অনুষ্ঠিত হৈছিল।সেই সকলোবোৰ প্ৰশ্নকাকত আগতীয়াকৈ ফাদিল হৈছিল।এতিয়া ED আহিছে ইয়াৰ সঠিক তদন্তৰ বাবে৷সেয়ে গেহলটে ভয় খাইছে।’উল্লেখ্য যে ED এ ৰাজস্থানৰ বিভিন্ন স্থানত এই অভিযোগত তালাচীও চলাইছিল।অৱশ্যে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে নিৰ্বাচনৰ আগত কেন্দ্ৰই কেন্দ্ৰীয় সংস্থাবোৰক উদ্দেশ্যপ্ৰণোদিতভাবে তেওঁৰ চৰকাৰৰ বিৰুদ্ধে ব্যৱহাৰ কৰা বুলি অভিযোগ কৰিছে।তেওঁ আনকি EDক এই বিষয়ত উভতি ধৰি কয় যে যিটো সময়ত ৰাজ্যৰ দুৰ্নীতি বিৰোধী ব্যুৰ’ই এই বিষয়ত তদন্ত চলাই আছে,সেই সময়ত কিয় EDক পঠিয়াবলগীয়া হ’ল?অৱশ্যে বিৰোধীৰ চৰকাৰৰ বিৰুদ্ধে চৰকাৰী সংস্থাক ব্যৱহাৰ কৰাৰ অভিযোগ কেন্দ্ৰৰ বিৰুদ্ধে প্ৰথম নহয়৷দিল্লী,তেলেংগানা,ঝাৰখাণ্ড,বিহাৰ আদি ৰাজ্যতো বিভিন্ন কেন্দ্ৰীয় সংস্থা ED,CBI,NIA আদিৰ হতুৱাই বিভিন্ন সময়ত কেন্দ্ৰই তদন্ত চলাই আহিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.