বিজেপিক Bye Bye দিব মুন্দে পৰিয়ালে !

Share This Article

একেলেথাৰিয়ে কেন্দ্ৰত ৯ টা বছৰ শাসনত থকাৰ পিছত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক লৈ যেন চৰম হতাশগ্ৰস্ততাত ভুগিছে প্ৰতিখন ৰাজ্যৰ বিজেপি নেতা-নেত্ৰী সকল।মধ্য প্ৰদেশ,তেলেংগানা,মণিপুৰ,ত্ৰিপুৰাৰ পিছত এইবাৰ বিসম্বাদৰ উকমুকনি ঘটিছে মহাৰাষ্ট্ৰত।এসময়ৰ জ্যেষ্ঠ বিজেপি নেতা গোপীনাথ মুন্দেৰ কন্যা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পংকজা মুন্দে তেওঁৰ ভগ্নী তথা বিজেপিৰ নেত্ৰী প্ৰীতম মুন্দে শেহতীয়াকৈ খড়্গহস্ত হৈছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত।আনকি সাংসদ প্ৰীতম মুন্দেই বিজেপি চৰকাৰে মল্লযোদ্ধা সকলৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে।উল্লেখ্য যে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গোপীনাথ মুন্দেৰ দুই কন্যা পংকজা মুন্দে আৰু প্ৰীতম মুন্দেক বিজেপিয়ে একাষৰীয়া কৰি ৰাখিছে বিগত কিছু দিন ধৰি৷পংকজা মুন্দেহঁতৰ পিতৃ গোপীনাথ মুন্দে আছিল কেন্দ্ৰীয় মন্ত্ৰী আৰু ২০১৪ চনত এক মটৰ দুৰ্ঘটনাত তেওঁ প্ৰাণ হেৰুৱাইছিল।২০২২চনৰ আগষ্টত একনাথ সিন্দে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সময়ত পংকজা মুন্দেক মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ পৰা আঁতৰাই ৰখা হৈছিল।২০১৪ চনৰ পৰা ২০১৯ চনলৈকে তেওঁ দেৱেন্দ্ৰ ফাৰ্ণাভিছ মন্ত্ৰীসভাত এগৰাকী প্ৰভাৱশালী মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।মহাৰাষ্ট্ৰৰ বিজেপি নেত্ৰী প্ৰীতম মুন্দেই মল্লযোদ্ধা সম্পৰ্কত কয় ‘ যিকোনো দলৰ চৰকাৰৰ দিনতেই এনে প্ৰতিবাদ হ’ব পাৰে।কিন্তু মই ভাবো এনেকুৱা ধৰণৰ প্ৰতিবাদবোৰ যদি গুৰুত্ব নিদিয়াকৈ অৱজ্ঞা কৰা হয়,সেইটো কিন্তু ভাল কথা নহয়।এই বিষয়টো গুৰুত্ব সহকাৰে লোৱা উচিত।ইয়াৰ কাৰণে বিশেষভাৱে গুৰুত্ব দিয়াটো প্ৰয়োজন৷মই যদিও এই চৰকাৰৰে অংশ,তথাপিও মই কওঁ যে আমাৰ ফালৰ পৰা যি ধৰণেৰে সম্পৰ্ক বা যোগাযোগ ৰক্ষা কৰিব লাগিছিল,সেই ধৰণৰ যোগাযোগ ৰক্ষা কৰাত আমি ব্যৰ্থ হৈছোঁ।এনে হোৱা উচিত নাছিল।’
আনহাতে,পংকজা মুন্দেই কয় ‘ মই বিজেপিৰ সদস্য হয়,মোৰ দেউতাৰ লগত যদি সমস্যা হয়,মই তেতিয়া মোৰ ভাইটিৰ ঘৰলৈ যাম৷বিজেপি এটা বৃহৎ দল ৷মই বিজেপিৰ হয় কিন্তু বিজেপি মোৰ নহয়।’পংকজা আৰু প্ৰীতম মুন্দেৰ মন্তব্যত তেওঁলোক যে বিজেপিৰ প্ৰতি বীতশ্ৰদ্ধ হৈছে তাৰ স্পষ্ট আভাস পোৱা গৈছে৷আনকি পংকজা মুন্দেই তেওঁৰ পিতৃৰ লগত থাকি বেয়া পালে ভাতৃৰ লগত যাব বুলি কোৱা মন্তব্যই কি সূচাইছে তাক লৈয়ো চিন্তাত পৰিছে তেওঁৰ সহযোগী সকল।কিয়নো পংকজা মুন্দে তেওঁৰ গৃহ সমষ্টি পাৰ্লিত ২০১৯ চনত পৰাস্ত হৈছিল তেওঁৰ সম্বন্ধীয় ভাতৃৰ হাতত।উল্লেখ্য যে তেওঁৰ ভাতৃ ধনঞ্জয় বৰ্তমান পাৰ্লি সমষ্টিৰ বিধায়ক।মুন্দে ভগ্নীৰ বিদ্ৰোহে আগন্তুক দিনত কি ৰূপ লয়,সেয়া হ’ব লক্ষ্যণীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.