সংসদ ভৱন উদ্ধোধনত ঘৃণাৰ ৰাজনীতি বিজেপিৰ !

Share This Article

বিগত দেওবাৰে সাংসদ ভৱন উদ্বোধনৰ কাৰ্যসূচী অনুষ্ঠিত হয়।বিশাল আয়োজনেৰে অনুষ্ঠিত এই কাৰ্যসূচীত অনিমন্ত্ৰিত হৈ থাকিল দেশৰ সাংবিধানিক মূৰব্বী দেশৰ ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি।উল্লেখ্য যে নতুন সংসদ ভৱন দেশৰ নিৰ্বাচিত প্ৰতিনিধিয়ে উদ্বোধন কৰাটোৰ বিৰোধিতা কৰিছিল বিৰোধী দলবোৰে৷ইয়াৰ বিৰোধিতা কৰিয়েই এই অনুষ্ঠানত অংশ লোৱাৰ পৰা বিৰত থাকিল দেশৰ বিৰোধী দলসমূহ।তদুপৰি কেৱল দক্ষিণৰ ব্ৰাহ্মণক এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি ব্ৰাহ্মণ্যবাদ প্ৰতিষ্ঠা কৰিব খুজিছে নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে- এই প্ৰশ্ন সমাজবাদী পাৰ্টিৰ নেতা তথা বিধায়ক স্বামী প্ৰসাদ মৌৰ্যৰ।এক টুইটাৰ বাৰ্তাত মৌৰ্যই লিখিছে ‘ ছেঙল দণ্ড প্ৰতিষ্ঠাৰ বাবে দক্ষিণৰ পৰাহে কিয় ব্ৰাহ্মণ অনা হ’ল?যদি বিজেপি চৰকাৰে ধৰ্ম নিৰপেক্ষতাক সন্মান কৰে ,তেন্তে সকলো ধৰ্মীয় নেতাকে তালৈ মাতিব লাগিছিল।বৌদ্ধ ভিক্ষু,জৈন ধৰ্মৰ গুৰু,শিখ ধৰ্মৰ গুৰু,ইছলাম মৌলানা,খ্ৰীষ্টান যাজক সকলোকেই নিমন্ত্ৰণ কৰাটো উচিত আছিল।বিজেপিয়ে ছেঙল সংস্কৃতিৰ জৰিয়তে ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছে।তদুপৰি কেৱল দাক্ষিণাত্যৰ ব্ৰাহ্মণক আনি ব্ৰাহ্মণ্যবাদ প্ৰতিষ্ঠা কৰিব বিচাৰিছে।’

উল্লেখ্য যে মৌৰ্য হ’ল অন্যান্য পিছপৰা সম্প্ৰদায়ৰ প্ৰতিনিধি।তেওঁ বিগত জানুৱাৰী মাহত ‘ৰামচৰিত মানস’ সম্পৰ্কত মন্তব্য দি বিতৰ্কলৈ আহিছিল।মৌৰ্যই কৈছিল যে তুলসী দাসৰ ৰামচৰিত মানসত মহিলা,দলিত,জনজাতীয় আৰু অন্যান্য পিছপৰা সম্প্ৰদায় সম্পৰ্কত অপমানজনক বিষয় সংযোজিত হৈ আছে।মৌৰ্যই কয় যে ‘ ধৰ্মীয় নেতাক আমন্ত্ৰণ জনোৱাৰ কোনো প্ৰস্তাৱ নাছিল।মই চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিলোঁ।কেতিয়াৰ পৰা ছেনগল দেশৰ এক প্ৰতীক হ’ল?কিয় উত্তৰ তথা ভাৰতৰ আন প্ৰান্তৰ পৰা ব্ৰাহ্মণক নিমন্ত্ৰণ কৰা নহ’ল ?কিয় বৌদ্ধ,ইছলাম,জৈন,খ্ৰীষ্টান ধৰ্মাৱলম্বী গুৰুক তালৈ নিমন্ত্ৰণ কৰা নহ’ল ।বিজেপিৰ এই কাৰ্য একেবাৰে অগ্ৰহণীয়।মই এই টুইট কৰাৰ পিছতেই বিজেপি চৰকাৰে আন ধৰ্মীয় নেতাসকলকো আমন্ত্ৰণ জনালে।অনুষ্ঠানটোৰ সময় আছিল পুৱা ৭ বাজি ৩০ মিনিট।কিন্তু মোৰ টুইটৰ পিছতহে কথাটো বেয়া হ’ল বুলি বিজেপিয়ে উপলব্ধি কৰিলে আৰু আন ধৰ্মৰ গুৰুসকলকো নিমন্ত্ৰণ জনালে।তেওঁলোকৰ অন্তৰ যে ঘৃণা আৰু সাম্প্ৰদায়িক ৰাজনীতিৰে ভৰি আছে সেইটো দলটোৰ দেওবাৰৰ উদ্বোধনী অনুষ্ঠানতেই প্ৰকাশ পালে।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.