আহি আছে ১২জুন !

Share This Article

ক’লৈ যাওঁ,কি কৰোঁ লাগিছে বিজেপিৰ !ভয়-ভাবুকি একোকে পৰোৱাই নকৰা হৈছে বিৰোধীয়ে !ED,CBI ৰ ভয়েও স্থিতিৰ পৰা লৰাব পৰা নাই বিৰোধীক! নিসিজা চাউল সিজোৱাৰ চেষ্টা বিজেপিৰ !

যিমানেই লোকসভাৰ নিৰ্বাচনৰ দিন চমু চাপিছে সিমানেই বিৰোধীয়ে যেন ঐক্যবদ্ধভাৱে আগবঢ়াৰ বাবে দৃঢ় হৈছে ।ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ পিছতেই লগ লাগিছিল বিৰোধী।বিজেপি চৰকাৰে ৰাহুল গান্ধীৰ ক্ষেত্ৰত সাংসদ পদ খাৰিজৰ যি সিদ্ধান্ত লৈছিল সেয়া যে চৰম পক্ষপাতিত্বমূলক আছিল সেই কথা দেশৰ প্ৰায়সংখ্যক বিৰোধী দলেই উপলব্ধি কৰিছে।কেৱল যে ৰাজনৈতিক দলৰ নেতৃত্বই উপলব্ধি কৰিছে তেনে নহয়,বৰঞ্চ দেশৰ সাধাৰণ জনতাৰ চকুতো ধৰা দিছে শাসক দলৰ একপক্ষীয় আচৰণ।তাৰেই প্ৰভাৱত বিগত কৰ্ণাটক নিৰ্বাচনত আশা কৰাতকৈ অধিক আসন লাভ কৰি বিজেপিক শোচনীয়ভাৱে পৰাজিত কৰিবলৈ সক্ষম হ’ল কংগ্ৰেছ।কৰ্ণাটকৰ পৰাজয়ে উৎফুল্লিত কৰিছে কংগ্ৰেছক।কংগ্ৰেছৰ এই জয়ে একে সময়তে উৎসাহিত কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বত ঐক্যবদ্ধ হ’ব।

উল্লেখ্য কংগ্ৰেছৰ মিত্ৰজোঁটলৈ যদি ল্ক্ষ্য কৰা যায় তেন্তে দেখা যায় যে কংগ্ৰেছ দলৰহে সৰ্বভাৰতীয় পৰ্যায়ত কিছু পৰিমাণে দখল আছে আৰু সাংগঠনিক ভেটিও আছে।কিন্তু তাৰ বিপৰীতে কংগ্ৰেছৰ সহযোগী দলবোৰৰ স্থিতি দেশৰ প্ৰায় কেইখন ৰাজ্যতেই শক্তিশালী।কংগ্ৰেছৰ লগত মিত্ৰজোঁটত থাকিব বিচৰা মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছৰ সবল ভেঁটি আছে পশ্চিম বংগত,NCP ৰ শাৰদ পাৱাৰৰ দলৰ শক্তিশালী স্থিতি আছে মহাৰাষ্ট্ৰত,উদ্ধৱ থাকৰেৰ শিৱসেনাৰ স্থিতি সবল মহাৰাষ্ট্ৰত,অখিলেশ যাদৱ নেতৃত্বাধীন সমাজবাদী পাৰ্টিৰ সবল ভেটি আছে উত্তৰ প্ৰদেশত,জনতা দল আৰু ৰাষ্ট্ৰীয় জনতা দলৰ সবল স্থিতি আছে বিহাৰত,আপৰ স্থিতি সবল পঞ্জাব আৰু দিল্লীত,CPM ৰ স্থিতি সবল কেৰালাত,তামিলনাডুত DMK শক্তিশালী হিচাপে আছে।গতিকে এই দলবোৰ কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হ’লে বিজেপি দল ভয়ংকৰ প্ৰত্যাহ্বানৰ যে সন্মুখীন হ’ব সেইটো নিশ্চিত।আনহাতে,অহা ১২জুনত পাটনাত বিৰোধী দলৰ নেতৃত্বত এক বৈঠক অনুষ্ঠিত হ’ব।এই বৈঠকত উদ্ধৱ থাকৰে,ফাৰুক আব্দুল্লা,ওমৰ আব্দুল্লা,তেলেংগানাৰ কেচিআৰ,উত্তৰ প্ৰদেশৰ অখিলেশ যাদৱ,শাৰদ পাৱাৰ উপস্থিত থকাটো এতিয়ালৈকে নিশ্চিত হৈছে৷আনহাতে,উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক,জনতা দলৰ এইছ ডি দেৱগৌড়া,ওৱাই এছ আৰ কংগ্ৰেছে এই বৈঠকত উপস্থিত থকা নথকাটো নিশ্চিত কৰা নাই।প্ৰশাসনিক ক্ষেত্ৰত অৰবিন্দ কেজৰিৱাল চৰকাৰৰ ওপৰত হস্তক্ষেপ,বিভিন্ন ভয় ভাবুকিৰে বিৰোধীৰ চৰকাৰ অস্থিৰ কৰি ৰখা আদি কৌশলে আমুৱাইছে বিৰোধীক।তদুপৰি বিজেপিৰ সাম্প্ৰদায়িকতাৰ ৰাজনীতিয়ে আমুৱাইছে ভাৰতৰ জনতাক !সেয়ে ২০২৪ চনৰ নিৰ্বাচনৰ আগতে বিৰোধী যে ঐক্যবদ্ধ হ’ব সেইটো নিশ্চিত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.