তাৰিখ মতেই উদ্বোধন হ’ব নে সাংসদ ভৱন?

Share This Article

নতুন সংসদ ভৱনৰ সৈতে কেনেকৈ জড়িত হ’ল ছাভাৰকাৰ? নতুন সংসদ ভৱনৰ উদ্বোধনকলৈ কিয় সৃষ্টি হৈছে বিতৰ্কৰ? উদ্বোধনী সমাৰোহত কিয় অংশ নলয় দেশৰ ১৯টা ৰাজনৈতিক দলে? সংসদ ভৱনকলৈ ৰাজনীতি কৰিছে নেকি বিজেপিয়ে?

২৮ মে’ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতৰ নতুন সংসদ ভৱন উদ্বোধন কৰিব। উদ্বোধন কৰিব লগীয়া দিনটোতেই বিনায়ক দামোদৰ ছাভাৰকাৰৰ ১৪০ সংখ্যক জন্ম জয়ন্তী। উল্লেখ্য উক্ত দিনটোতে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ অন্ত্যেষ্টিক্ৰিয়াও সম্পন্ন কৰা হৈছিল। লক্ষণীয় যে বিশেষকৈ ছাভাৰকাৰৰ জন্ম জয়ন্তীৰ দিনটোত নতুন সংসদ ভৱন উদ্বোধন কৰিবলৈ লোৱাৰ বাবেই দেশজুৰি সৃষ্টি হৈছে বিতৰ্ক, সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰে নতুন সংসদ ভৱন উদ্বোধন কৰিবলৈ ছাভাৰকাৰৰ জন্মদিনটো জানি শুনি বাচনি কৰিছে বুলি তীব্ৰ সমালোচনা কৰিছে বিৰোধী ৰাজনৈতিক দল সংগঠনে। সেই বিষয়লৈ যোৱাৰ আগতে এটা কথা উল্লেখ কৰিব লাগিব যে ৬৫,০০০ বৰ্গ মিটাৰ এলেকাৰ নতুন সংসদ ভৱনটো ২০২১ চনৰ পৰাই নিৰ্মাণ কৰা হৈছিল। ৯৭১ কোটি টকা ব্যয় সাপেক্ষে নতুন সংসদ ভৱনটো নিৰ্মাণ কৰা হয়। লগতে লোকসভা আৰু ৰাজ্যসভাৰ সকলো সাংসদ বহিব পাৰিব ভৱনটোত। এই ভৱনটো ২৮ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব যাকে লৈ সৃষ্টি হৈছে বিতৰ্কৰ। বিতৰ্কৰ সূত্ৰপাত হৈছে ছাভাৰকাৰকলৈ। উল্লেখ্য যে আন্দামানৰ চেলুলাৰ কাৰাগাৰত বন্দী হিচাপে ব্ৰিটিছ চৰকাৰলৈ লিখা ক্ষমা প্ৰাৰ্থনাৰ বাবে ছাভাৰকাৰক ভীৰু কাপুৰুষ হিচাপে সমালোচনা কৰে বিৰোধীয়ে।একে সময়তে, আন বহু ইতিহাসবিদ আৰু সমালোচকে বিশ্বাস কৰে যে মহাত্মা গান্ধীক হত্যাৰ ষড়যন্ত্ৰত ছাভাৰকাৰৰ যি ভূমিকা সেই ভূমিকাৰ ওপৰত প্ৰশ্নবোধক চিহ্ন এতিয়াও সম্পূৰ্ণৰূপে আঁতৰ হোৱা নাই। নতুনকৈ নিৰ্মাণ কৰা নতুন সংসদ ভৱনটো ২৮ মে’ত উদ্বোধন কৰাকলৈ তুষাৰ গান্ধীয়ে টুইট কৰি লিখে যে নতুন সংসদ ভৱনটোৰ নাম ছাভাৰকৰ সদন বুলি নামকৰণ কৰক। সমান্তৰালকৈ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে উদ্বোধন হ’বলগীয়া ভৱনটোৰ সন্দৰ্ভত কয় যে “আমাৰ সকলো কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে উদ্বোধনটোক “এয়া আমাৰ সকলো প্ৰতিষ্ঠাপক পিতৃ-মাতৃৰ কৰা অপমান। এয়া গান্ধী, নেহৰু, পেটেল, বসু আৰু আম্বেদকাৰৰ দৰে নেতাক চৰম অপমান আৰু প্ৰত্যাখান কৰা হৈছে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ইফালে তৃণমূল কংগ্ৰেছৰ সাংসদ সুখেন্দু শেখৰ ৰয়ে কৈছিল যে ২৬ নৱেম্বৰ, ২০২৩ তাৰিখে নতুন সংসদৰ উদ্বোধনৰ বাবে উপযুক্ত দিন হ’লহেঁতেন কিয়নো সেই দিনটো সংবিধান দিৱসৰ সৈতে মিলে। কিন্তু ২৮ মে’ত ছাভাৰাকৰৰ জন্মদিনত উদ্বোধন কৰাটো কিমান যুক্তিসংগত? এনেদৰে বিভিন্ন জনে তথা বিৰোধী ৰাজনৈতিক নেতাসকলে প্ৰধানমন্ত্ৰীয়ে নতুন সংসদ ভৱনটো উদ্বোধন কৰা কাৰ্যক নস্যাৎ কৰিছে। বহুতেই অভিযোগ উত্থাপন কৰি কৈছে যে সংবিধানৰ অগ্ৰাধিকাৰ অনুসৰি, নতুন সংসদ ভৱনটো ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি বা দুয়োখন সদনৰ প্ৰিজাইডিং বিষয়াৰ দ্বাৰা উদ্বোধন কৰা উচিত, প্ৰধানমন্ত্ৰীয়ে নহয়। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইটযোগে উল্লেখ কৰে যে “ৰাষ্ট্ৰপতিক সংসদ ভৱন উদ্বোধন কৰিবলৈ নিদিয়া বা অনুষ্ঠানলৈ নিমন্ত্ৰণ নকৰা – এয়া দেশৰ সৰ্বোচ্চ সাংবিধানিক পদৰ অপমান। সংসদ অহংকাৰৰ ইটাৰে নিৰ্মাণ কৰা নহয়, ইয়াক সাংবিধানিক মূল্যবোধৰ দ্বাৰা নিৰ্মাণ কৰা উচিত।” ইফালে কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থনত কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী হৰদীপ সিং পুৰীয়ে উল্লেখ কৰে যে ১৯৭৫ চনৰ আগষ্ট মাহত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে সংসদৰ পৰিশিষ্ট ভৱন উদ্বোধন কৰিছিল আৰু পিছত ১৯৮৭ চনত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে সংসদ পুথিভঁৰাল উদ্বোধন কৰিছিল। যদি কংগ্ৰেছ চৰকাৰৰ মুৰব্বীয়ে উদ্বোধন কৰিব পাৰে, তেন্তে আমাৰ চৰকাৰৰ মুৰব্বীয়ে কিয় তেনে কৰিব নোৱাৰে?” এনেদৰে যুক্তি প্ৰদৰ্শন কৰি বিৰোধীক প্ৰত্যাক্ৰমণ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।এনেদৰে বৰ্তমানো অব্যাহত আছে শাসক বিৰোধীৰ আক্ৰমণ প্ৰত্যাক্ৰমণ। বুধবাৰে কংগ্ৰেছ, TMC, আম আদমি পাৰ্টিকে ধৰি ১৯ টা বিৰোধী দলে নতুন সংসদ ভৱনৰ উদ্বোধন বৰ্জন কৰাৰ সিদ্ধান্ত লয়।এক যুটীয়া বিবৃতিত বৰ্জনৰ কাৰণ ব্যাখ্যা কৰি বিৰোধী দলসমূহে কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰা আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সম্পূৰ্ণৰূপে একাষৰীয়া কৰাৰ সিদ্ধান্ত কেৱল এক গুৰুতৰ অপমান নহয়, আমাৰ গণতন্ত্ৰৰ ওপৰত পোনপটীয়া আক্ৰমণ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.