পদুম এৰি হাতত ‘হাত’ থৈছে বিজেপি নেতাই!

Share This Article

মধ্য প্ৰদেশত অহা নবেম্বৰ মাহত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন।আগন্তুক নিৰ্বাচনক লৈ শাসক দল বিজেপি আৰু বিৰোধী দল বিজেপিৰ প্ৰস্তুতি আৰম্ভ হৈছে।এই প্ৰস্তুতি আৰম্ভ হোৱাৰ লগে লগে এটা দলৰ পৰা আন এটা দললৈ নেতাৰ অহাযোৱাও আৰম্ভ হৈছে।
শাসক দল বিজেপি এৰি কেইবাজনো নেতাই ইতিমধ্যে কংগ্ৰেছৰ যোগদান কৰিছে।ইতিমধ্যে আগন্তুক দিনত আৰু বহু সংখ্যক বিজেপি নেতাই দলটো এৰিব বুলি জনাইছে অলপতে কংগ্ৰেছত যোগদান কৰা প্ৰাক্তন মন্ত্ৰী দীপক যোশীয়ে।ৰাজ্যখনৰ প্ৰাক্তন মন্ত্ৰী দীপক যোশে,প্ৰাক্তন বিধায়ক ৰাধেলাল বাঘেলে অলপতে বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰে।আনহাতে,বালাঘাট নগৰ পালিকাৰ অধ্যক্ষ অনুভৱ মুঞ্জৰে তেওঁৰ পুত্ৰ তথা বিজেপি নেতা শান্তনু মুঞ্জৰও মধ্য প্ৰদেশৰ দুই প্ৰাক্তন মুখ্যমন্ত্ৰী দ্বিগবিজয় সিং আৰু কমল নাথৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰে।বিগত বৰ্ষৰ ১৫ জুনত দল এৰি বিজেপিত যোগদান কৰা কমল পেটেল,চৈয়দ আহমেদেও যোগদান কৰে কংগ্ৰেছত।উল্লেখ্য যে অসমৰ দৰে মধ্য প্ৰদেশতো আৰম্ভ হৈছে নবিজেপি পুৰণি বিজেপিৰ সংঘাত৷কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াক লৈ অসন্তুষ্ট প্ৰায়সংখ্যক বিজেপি কৰ্মী।

মাত্ৰ এটা নিশাতে এখন সংখ্যাগৰিষ্ঠ চৰকাৰৰ পতন ঘটিছিল মধ্য প্ৰদেশত।২০২০ চনত চৰকাৰ ভঙা পতাৰ নাটকখন ৰচিত হৈছিল মধ্য প্ৰদেশৰ চম্বলত !তাচপাতৰ দৰে খহি পৰিছিল কমল নাথৰ চৰকাৰ৷মুঠ ২২গৰাকী বিধায়কে একেলগে এৰিছিল কংগ্ৰেছ দল।চম্বলবাসীৰ বাবে সেইটো আছিল এক অকল্পনীয় সপোন ,এক বিভীষিকা !ভোট দিছিল কংগ্ৰেছীক কিন্তু একে ৰাতিতে কংগ্ৰেছী হ’লগৈ বিজেপি৷২০১৮ চনত ১৫ বছৰ পাছত কংগ্ৰেছ দল মধ্য প্ৰদেশৰ ক্ষমতাত অধিষ্ঠিত হৈছিল।বিজেপিৰ ১৫ বছৰীয়া অপশাসনৰ পৰা মুক্তি বিচাৰি মধ্য প্ৰদেশৰ জনতাই দলেবলে ভোট দিছিল কংগ্ৰেছক !কিন্তু নিজৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি মহাৰাজা জ্যোতিৰাদিত্য সিন্ধিয়াই একে ৰাতিতেই সলাই পেলাইছিল দল ।মধ্যপ্ৰদেশত জ্যোতিৰাদিত্য সিন্ধিয়াৰ বিজেপিত যোগদানৰ পিছতে বৃদ্ধি পাইছে নবিজেপি পুৰণি বিজেপিৰ দূৰত্ব।সিন্ধিয়াৰ নিজা সমষ্টিত বৃদ্ধি পাইছে নবিজেপিৰ গুৰুত্ব,পুৰণি বিজেপি কৰ্মীয়ে অৱহেলিত অনুভব কৰা আৰম্ভ কৰিছে যাৰ ফলস্বৰূপে বৃদ্ধি পাইছে মতানৈক্য !বিজেপিৰ পুৰণি নেতা জয়ভান সিং পাওৱায়াৰ মৃত্যুত ভালকৈয়ে খোপনি পুতিব বিচাৰিছে জ্যোতিৰাদিত্য সিন্ধিয়াই।কৈলাস বিজয়ভাৰ্গীয় আৰু উমা ভাৰতীৰ লগতো ইতিমধ্যে নবিজেপি হিচাপে খ্যাত জ্যোতিৰাদিত্য সিন্ধিয়াৰ সম্পৰ্ক সিমান মধুৰ নহয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.