জোপা এৰি খোপাত ধৰিছে বিজেপিয়ে !

Share This Article

প্ৰতিষ্ঠানবিৰোধী ঢৌৱে জুৰুলা কৰা বিজেপিক উদ্ধাৰৰ বাবে কৰ্ণাটকত ইখনৰ পাছত সিখন সমাবেশ ,সভাত অংশ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ সভাপতি জে পি নাড্ডাই।বিগত ৫ টা বছৰ শাসনত থাকিও কৰ্ণাটকৰ উন্নয়ন সাধনত ব্যৰ্থ হোৱা বিজেপিক পুনৰ ক্ষমতাত বহাবলৈ মুখত যি আহিছে তাকেই ক’বলৈ যেন আৰম্ভ কৰিছে অমিত শ্বাহে।মঙলবাৰৰ পৰা বিজেপিৰ ঘাটি হিচাপে পৰিচিত কিট্টুৰৰ কেইবাখনো সভাত অংশ লৈছে গৃহমন্ত্ৰী অমিত শ্বাহে।তাৰদেল অঞ্চলত এক জনসভাত অংশ লৈ গৃহমন্ত্ৰী অমিত শ্বাহে কয় যদি কংগ্ৰেছৰ পৰিয়ালতন্ত্ৰবাদ পুনৰ কৰ্ণাটকত আৰম্ভ হয় তেন্তে কৰ্ণাটকত পুনৰ সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হ’ব।ৰাজ্যত কংগ্ৰেছ শাসন আৰম্ভ হ’লে উন্নয়নৰ নহয়,অধোনতিৰ গিয়েৰহে লাগিব বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে।ৰাবাকভী বানাহাট্টী অঞ্চলত আন এক সভাত অংশ লৈ অমিত শ্বাহে কয় কৰ্ণাটকবাসীয়ে পুনৰ মোডীৰ সৎ ৰাজনীতিক আকোঁৱালি লোৱা উচিত । মোডীৰ সৎ ৰাজনীতিয়েহে কৰ্ণাটকৰ উন্নয়নৰ দুৱাৰ মুকলি কৰিব !

নিজৰ দলৰ নেতাক নিয়ন্ত্ৰণ কৰিব নোৱাৰা গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ দলৰ নেতাই বিজেপি এৰাৰ বাবে দোষ ঠেলিলে কংগ্ৰেছলৈ।নেতৃত্বৰ অভাৱত ভোগা বাবেহে কংগ্ৰেছে বিজেপিৰ পৰা মানুহ নিছে বুলি উল্লেখ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে।বিজেপিৰ বিধ্বস্ত ৰূপত হতাশ হৈ পৰা গৃহমন্ত্ৰী অমিত শ্বাহে আনকি লিংগায়ট সম্প্ৰদায়ৰ প্ৰতিও দেখুৱাইছে এক অনন্য দৰদ !কংগ্ৰেছে লিংগায়ট সম্প্ৰদায়ক ব্যৱহাৰ কৰি দলিয়াই পেলাই আহিছে ইমানদিনে।প্ৰাক্তন মুখ্যমন্ত্ৰী এছ নিজালিংপা আৰু বীৰেন্দ্ৰ পাটিলক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰি এটা বছৰ সেই পদত বহোৱাই লিংগায়টৰ ভোট লৈ শাসনত থাকিল কংগ্ৰেছ৷৭০ টা সমষ্টিত লিংগায়টৰ প্ৰভাৱ থকা বাবেই কংগ্ৰেছে সম্প্ৰদায়টোৰ নেতাক ব্যৱহাৰ কৰা বুলিও সমালোচনা কৰে গৃহমন্ত্ৰী গৰাকীয়ে।অৱশ্যে কংগ্ৰেছ নেতাশূণ্য হোৱাৰ বাবেহে কংগ্ৰেছে বিজেপি নেতাক নিছিল নে বিজেপিৰ দুৰ্নীতিত হতাশ হৈ কংগ্ৰেছলৈ তেওঁলোক গৈছিল ,সেয়া ১৩ মে’তহে স্পষ্ট হ’ব !

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.