মধ্য প্ৰদেশত বিজেপি দুফাল !

Share This Article

মাত্ৰ এটা নিশাতে এখন সংখ্যাগৰিষ্ঠ চৰকাৰৰ পতন ঘটিছিল মধ্য প্ৰদেশত৷২০২০ চনত চৰকাৰ ভঙা পতাৰ নাটকখন ৰচিত হৈছিল মধ্য প্ৰদেশৰ চম্বলত !তাচপাতৰ দৰে খহি পৰিছিল কমল নাথৰ চৰকাৰ।মুঠ ২২গৰাকী বিধায়কে একেলগে এৰিছিল কংগ্ৰেছ দল।চম্বলবাসীৰ বাবে সেইটো আছিল এক অকল্পনীয় সপোন ,এক বিভীষিকা !ভোট দিছিল কংগ্ৰেছীক কিন্তু একে ৰাতিতে কংগ্ৰেছী হ’লগৈ বিজেপি।২০১৮ চনত ১৫ বছৰ পাছত কংগ্ৰেছ দল মধ্য প্ৰদেশৰ ক্ষমতাত অধিষ্ঠিত হৈছিল।বিজেপিৰ ১৫ বছৰীয়া অপশাসনৰ পৰা মুক্তি বিচাৰি মধ্য প্ৰদেশৰ জনতাই দলেবলে ভোট দিছিল কংগ্ৰেছক !কিন্তু নিজৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি মহাৰাজা জ্যোতিৰাদিত্য সিন্ধিয়াই একে ৰাতিতেই সলাই পেলাইছিল দল।মধ্যপ্ৰদেশত জ্যোতিৰাদিত্য সিন্ধিয়াৰ বিজেপিত যোগদানৰ পিছতে বৃদ্ধি পাইছে নবিজেপি পুৰণি বিজেপিৰ দূৰত্ব।সিন্ধিয়াৰ নিজা সমষ্টিত বৃদ্ধি পাইছে নবিজেপিৰ গুৰুত্ব,পুৰণি বিজেপি কৰ্মীয়ে অৱহেলিত অনুভব কৰা আৰম্ভ কৰিছে যাৰ ফলস্বৰূপে বৃদ্ধি পাইছে মতানৈক্য !বিজেপিৰ পুৰণি নেতা জয়ভান সিং পাওৱায়াৰ মৃত্যুত ভালকৈয়ে খোপনি পুতিব বিচাৰিছে জ্যোতিৰাদিত্য সিন্ধিয়াই।কৈলাস বিজয়ভাৰ্গীয় আৰু উমা ভাৰতীৰ লগতো ইতিমধ্যে নবিজেপি হিচাপে খ্যাত জ্যোতিৰাদিত্য সিন্ধিয়াৰ সম্পৰ্ক সিমান মধুৰ নহয়।

২০২০ চনত বিজেপিলৈ অহা জ্যোতিৰাদিত্য সিন্ধিয়াই ৰাজ্যখনৰ ক্ষমতা হস্তগত কৰাৰ এক গোপন আঁচনি তৈয়াৰ কৰিছে৷ এক সূত্ৰ অনুসৰি তেওঁৰ সমৰ্থনত থকা মুঠ ৫০ গৰাকী বিধায়কৰ যদি ২০ গৰাকীকো তেওঁ প্ৰাৰ্থিত্ব প্ৰদান কৰি জয়ী কৰাই আনিব পাৰে ,তেন্তে তেওঁ আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ পাছতে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ’ব পাৰিব।উল্লেখ্যযে চলিত বৰ্ষৰ নবেম্বৰত মধ্য প্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।কিন্তু সেই একেটা সময়তে বিৰোধী দল কংগ্ৰেছে তেওঁলোকক কৰা প্ৰতাৰণাৰ বাবে সিন্ধিয়াৰ গোটটোৱে মাত্ৰ ৫ ৰ পৰা ৬ খন আসনতে সীমাবদ্ধ থকাটো বিচাৰিছে।সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যে সিন্ধিয়া বিৰোধী শিবিৰে আকৌ সিন্ধিয়াৰ পক্ষত থকা বিধায়কৰ সংখ্যা এক ডজনতকৈয়ো কম হোৱাটো বিচাৰিছে।তেওঁলোকৰ ধাৰণা সিন্ধিয়া শিবিৰৰ সংখ্যা কম হোৱা মানেই বিজেপিত জ্যোতিৰাদিত্য সিন্ধিয়াৰ গুৰুত্ব কমা।ইতিমধ্যে নবিজেপি পুৰণি বিজেপিৰ যুঁজৰ বাবেই গোৱালিয়ৰ মিউনিচিপাল কৰ্পৰেশ্যনৰ মেয়ৰৰ আসনখনত পৰাজিত হ’ল বিজেপি।মধ্য প্ৰদেশত অহা নবেম্বৰত মুঠ ২৩০ খন আসনৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।২০১৮ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে মুঠ ১১৪ খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল যদিও জ্যোতিৰাদিত্য সিন্ধিয়াই বিজেপিলৈ মৰা পাভলুটিৰ বাবেই মাত্ৰ ১৫ মাহতেই কংগ্ৰেছ চৰকাৰৰ পতন ঘটিছিল।আগন্তুক নিৰ্বাচনত জ্যোতিৰাদিত্য সিন্ধিয়াক লৈ চলি থকা দলীয় বিসম্বাদে কি ৰূপ লয় ,সেয়া হ’ব লক্ষ্যণীয়।কেন্দ্ৰীয় নেতৃত্বই এই বিসম্বাদ চম্ভালিব নোৱাৰিলে প্ৰতিষ্ঠানবিৰোধী ঢৌটো বাদেই বিসম্বাদৰ বাবেই মধ্য প্ৰদেশত পানীত হাঁহ নচৰা পৰিস্থিতিৰ সৃষ্টি হ’ব বিজেপিৰ !

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.