মুখ্যমন্ত্ৰী হটাও ,বিজেপি বচাও !

Share This Article

একেৰাহে চতুৰ্থ গৰাকী বিধায়কে বিষয়বাব এৰিলে মণিপুৰত।উৰিপকৰ বিজেপি বিধায়ক খোৱাৰিকপাম ৰঘুমণিয়ে সোমবাৰে মণিপুৰৰ ৰিণিউৱেবল এনাৰ্জি ডেভলেপমেণ্ট এজেন্সিৰ অধ্যক্ষৰ পদৰ পৰা পদত্যাগ কৰে।পদত্যাগ পত্ৰখনত তেওঁ লিখিছে যে ব্যক্তিগত কাৰণত তেওঁ পদত্যাগ কৰিছে৷তদুপৰি পদত্যাগ পত্ৰত তেওঁ ৰাইজৰ সেৱাৰ বাবে একো কৰিব পৰা নাই বুলিও উল্লেখ কৰে।ইজনৰ পিছত সিজনকৈ বিধায়কে চৰকাৰৰ বিভিন্ন বিষয়বাব এৰাৰ মূল কাৰণ হৈছে মুখ্যমন্ত্ৰী বীৰেন সিঙৰ একনায়কত্ববাদী আচৰণৰ প্ৰতিবাদ কৰা।বিগত ৮ এপ্ৰিলত থকচম ৰাধেশ্যামে মুখ্যমন্ত্ৰীৰ উপদেষ্টা পদ ত্যাগ কৰে৷বিগত ১৭ এপ্ৰিলত কৰন শ্যামে টুৰিজিম কৰ্পৰেশ্যন মণিপুৰ লিমিটেডৰ অধ্যক্ষৰ পদ ত্যাগ কৰে।এই দুয়োগৰাকী বিধায়কে কেৱল নামতহে পদবীত থকা বুলি উল্লেখ কৰি নিজাববীয়াকৈ কোনো দায়িত্ব তথা সেৱা আগবঢ়োৱা নোৱাৰাৰ অজুহাতত পদত্যাগ পত্ৰ প্ৰেৰণ কৰা বুলি উল্লেখ কৰে।আনহাতে,ৱাংজিং তেন্থাৰ বিধায়ক পাওনাম ব্ৰজেনেও ব্যক্তিগত অসুবিধাৰ অজুহাতত পদত্যাগ পত্ৰ প্ৰেৰণ কৰে বিগত ২০ জানুবাৰীত।অসমৰ দশাই হৈছে মণিপুৰ বিজেপিত !মুখ্যমন্ত্ৰীৰ কামত অসন্তুষ্ট ১২গৰাকী বিধায়ক ! মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে একগোট হৈছে বিসম্বাদী বিধায়ক !

বিজেপিৰ বিধায়ক তথা মণিপুৰ টুৰিজিম কৰ্পৰেশ্যনৰ অধ্যক্ষ কৰম শ্যামে পদত্যাগ পত্ৰ প্ৰেৰণ কৰি কয় ‘ যিটো সময়ত সমগ্ৰ ৰাজ্য চাংগাই মহোৎসৱৰ বাবে সাজু হৈছে,মই একো কাম নোহোৱাকৈ বহি আছোঁ৷মই নিজকে এজন কৰ্মহীন অধ্যক্ষ যেন অনুভৱ কৰিছোঁ।’ ২০১৭ চনত এন বীৰেন সিং মন্ত্ৰীসভাৰ মন্ত্ৰী আছিল কৰম শ্যাম।২০২১ চনত তেওঁ বিজেপিত যোগদান কৰে।ইতিমধ্যে বিজেপি বিধায়ক থকচম ৰাধেশ্যামে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিবৰ পদৰ পৰা পদত্যাগ কৰিছে।নামতহে ব্যক্তিগত সচিব পদত অধিষ্ঠিত হৈ থকাৰ বাবে থকচম ৰাধেশ্যামে এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি উল্লেখ কৰে।মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ বিৰুদ্ধে অভিযোগ দিবৰ বাবে ১২গৰাকী বিধায়কে নতুন দিল্লীত বাহৰ পাতিছে।আটাই কেইগৰাকী বিদ্ৰোহী বিধায়কেই কুকি সম্প্ৰদায়ৰ।মণিপুৰত মুখ্যমন্ত্ৰীৰ বাহিৰে বাকী সকলো মন্ত্ৰী বিধায়কেই ফুলদানীৰ ভূমিকাহে লৈ আহিছে বুলি প্ৰায়ে বিৰোধী দলবোৰে সমালোচনা কৰি আহিছে।বিৰোধী দলৰ বাহিৰেও শাসক দলৰ কেইবাগৰাকীও বিধায়কে তেওঁলোকক একাষৰীয়া কৰি নামতহে বিষয়বাব দি থোৱা বুলি অভিযোগ তুলি আহিছে বহু দিনৰ পৰা।আনহাতে, ২০০৮ চনত মণিপুৰ চৰকাৰ আৰু কুকি সম্প্ৰদায়ৰ বিদ্ৰোহীৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ হৈছিল আৰু সেই চুক্তি ২০২৩ চনৰ মাৰ্চত বীৰেন সিং নেতৃত্বাধীন চৰকাৰে ভংগ কৰে।কুকি উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান উঠাই লোৱাত স্থানীয় জনতা যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।এগৰাকী বিৰোধী বিধায়কে কয় ‘ কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বাবেহে মণিপুৰত বিজেপিয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে।কিন্তু শেহতীয়াকৈ ৰাজ্যিক বিজেপিৰ নেতৃত্ব আৰু ৰাজ্য চৰকাৰে যি ভূমিকা গ্ৰহণ কৰিছে তাক লৈ অসন্তুষ্ট সৰহ সংখ্যক বিজেপি বিধায়ক৷মণিপুৰৰ নেতৃত্ব গণতান্ত্ৰিক নহয়,ইয়াত বিজেপি দলত ৰাজতন্ত্ৰ চলিছে।২০২৪ চনৰ নিৰ্বাচনৰ আগতে এই বিষয়টোৰ মীমাংসা হোৱাটো ভাল।’উত্তৰ পূৰ্বাঞ্চলৰ বাবে বিজেপি দলৰ পৃষ্ঠপোষকতাত গঠন হোৱা NEDA ই এই ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়৷NEDA অৰ্থাৎ North East Democratic Alliance ৰ আহ্বায়ক অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা হ’ব লক্ষণীয়৷বিগত প্ৰায় দুটা সপ্তাহ ধৰি মণিপুৰ বিজেপিক বিসম্বাদে জুৰুলা কৰি ৰাখিছে যদিও কিন্তু এই ক্ষেত্ৰত NEDA ৰ অধ্যক্ষ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নীৰৱতা অৱলম্বন কৰাটোৱে ৰহস্যৰ সৃষ্টি কৰিছে !

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.