‘নন্দিনী’ক লৈ ইমান টনাআঁজোৰা !

Share This Article

কৰ্ণাটকত অহা ১০ মে’ত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন।বিধানসভাৰ নিৰ্বাচনৰ আগতে কংগ্ৰেছ আৰু বিজেপিৰ মাজত নন্দিনীক লৈ চলিছে টনাআঁজোৰা।কৰ্ণাটকৰ গাখীৰৰ সবাতোকৈ জনপ্ৰিয় ব্ৰেণ্ড হ’ল নন্দিনী।KMF হ’ল ভাৰতৰ দ্বিতীয় বৃহৎ সমবায়।মহাৰাষ্ট্ৰ,গোৱা,অন্ধ্ৰপ্ৰদেশ,তেলেংগানা আৰু তামিলনাডুত আছে KMF ৰ বৃহৎ বজাৰ।কৰ্ণাটক মিল্ক ফেডাৰেশ্যন চমুকৈ KMF ৰ জনপ্ৰিয় ব্ৰেণ্ড নন্দিনীৰ বৰ্তমানৰ বজাৰক লৈ প্ৰশ্ন তুলিছে বিৰোধী দল কংগ্ৰেছে।কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াই টুইটাৰত নন্দিনী ব্ৰেণ্ডৰ উৎপাদক KMF ক গুজৰাটৰ আমুলৰ লগৰ সংযোজন ঘটাব বিচৰাৰ অভিযোগ তুলিছে।বিগত দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হৈছিল।প্ৰধানমন্ত্ৰী মোডীয়ে ‘ ৰাজ্যখনক লুটিবলৈ এই ভ্ৰমণ কৰিছিল নেকি ’ বুলি প্ৰশ্ন কৰিছে ছিদ্দাৰামায়াই।কাৰণ প্ৰধানমন্ত্ৰী মোডী কৰ্ণাটকৰ পৰা উভতি যোৱাৰ পিছতেই গুজৰাটৰ আমুল কোম্পানীয়ে ইয়াৰ গাখীৰ আৰু দৈ বাংগালুৰুৰ বজাৰত বিক্ৰী কৰিব বুলি ঘোষণা কৰিছিল।’

আনহাতে কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াৰ টুইটাৰৰ মন্তব্যৰ বিৰোধিতা কৰি বিজেপি নেতা অমিত মালভ্যই এক টুইটাৰ বাৰ্তাত লিখিছে ‘ প্ৰায় ১৫% গাখীৰ কৰ্ণাটকে বাহিৰত বিক্ৰী কৰে।নন্দিনীৰ উৎপাদিত সামগ্ৰী ছিংগাপুৰ,UAE আৰু বিশ্বৰ আন দেশলৈয়ো পঠিওৱা হয়।বিজেপিৰ দিনত কৰ্ণাটকত সৰ্বাধিক গাখীৰ উৎপাদন হৈছে।গাখীৰ উৎপাদকাৰী সকলে যথেষ্ট ভাল কাম কৰি আছে।যিটো দলে নন্দিনী ব্ৰেণ্ডৰ কাৰণে চকুপানী টুকিছে তেওঁলোকেই আকৌ গোহত্যা বিধেয়কৰ বিৰোধিতা কৰিছিল।’

উল্লেখ্য যে PTI ৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় ক’পাৰেটিভ মন্ত্ৰীৰ দায়িত্বত থকা গৃহমন্ত্ৰী অমিত শ্বাহে কৰ্ণাটক মিল্ক ফেডাৰেশ্যন আৰু আমুলৰ সংযোজন ঘটোৱা বিষয়টো নুই কৰা নাই।ইয়াৰ পিছতেই KMF ক আমুলৰ লগত একেলগ কৰি নন্দিনী ব্ৰেণ্ডক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ চলা বুলি গৰজি উঠিছে কৰ্ণাটকৰ একাংশ জনতাও।ইতিমধ্যে ৰাজ্যখনত চলি আছে যুদ্ধকালীন ক্ষিপ্ৰতাৰে নিৰ্বাচনী প্ৰচাৰ।কৰ্ণাটকৰ গাখীৰ উৎপাদক সকলৰ একমাত্ৰ নিৰ্ভৰযোগ্য স্বদেশী ব্ৰেণ্ডটোক লৈ আৱেগ সৃষ্টি কৰিব বিচাৰিছে কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলেই।অৱশ্যে ১৩ মে’ত হে স্পষ্ট হ’ব ক’ৰ পানী ক’লৈ যায়?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.