‘২৪ ত ধোঁৱাচাঙত উঠিব মোডী মেজিক?

Share This Article

‘২৪ৰ পূৰ্বে ‘২৩তেই হ’ব দুখনকৈ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন। কৰ্ণাটক, ছত্তিশগড়ৰ বিধানসভা নিৰ্বাচনত যে বিজেপিয়ে মুখ থেকেচা খাব সেয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে। কিয়নো ইতিমধ্যে কৰ্ণাটক বিজেপিৰ বহু দলীয় নেতা-কৰ্মী পদত্যাগ কৰি যোগ দিছে কংগ্ৰেছত।সেই কৰ্ণাটককেই এইবাৰ মূল দুৰ্গ হিচাপে ল’বলৈ বিচাৰিছে কংগ্ৰেছে।বিৰোধীৰ ঐক্যবদ্ধ যুঁজখনে যে এইবাৰ বিজেপিক ঢোকা-ঢোকে পানী খুৱাব সেয়া নিশ্চিত।বিজেপিৰ বাবে অস্বস্তিকৰ ৰাজনীতিৰ খবৰবোৰ বাঢ়ি আছে ভয়াৱহৰূপত। ‘২৪ৰ কুচকাৱাজৰ সময়তে গুজৰাটৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি পদত্যাগ কৰিছে কেইবাজনো প্ৰাক্তন বিজেপি নেতাই। আৰু বিজেপিৰ এই খহনীয়াৰ সুযোগ উঠাবলৈ সাজু হৈছে কংগ্ৰেছ সহ অইন অইন বিৰোধী ৰাজনৈতিক দলসমূহ।প্ৰধান বিৰোধী দল কংগ্ৰেছে ইতিমধ্যে বজাইছে লোকসভা নিৰ্বাচনৰ ৰণশিঙা। আন বিৰোধী দলসমূহেও নিজৰ শক্তি অনুসৰি আৰম্ভ কৰিছে প্ৰস্তুতি। ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ বিষয়টোক এটা বৃহৎ ৰাজনৈতিক ইচ্যু হিচাপে ব্যৱহাৰ কৰিবলৈ উঠিপৰি লাগিছে কংগ্ৰেছ।হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনে আকৌ এবাৰ ভয়াবহ ৰূপত কঁপাই গৈছিল দেশৰ ৰাজনীতি। আগশাৰীৰ ধনাঢ্য ব্যক্তি গৌতম আদানিৰ বিত্তীয় কেলেংকাৰীৰ তদন্ত বিচাৰি যুটীয়া সংসদীয় সমিতি গঠনৰো দাবী উত্থাপন কৰি কংগ্ৰেছে ইতিমধ্যে বিজেপিৰ বিৰুদ্ধে এৰিছে শক্তিশেল। অৱশ্যে আন বিৰোধী দলকেইটাও এই একেই দাবী উত্থাপন কৰিছে। এই দাবীত বিৰোধী দলকেইটাই সংসদত সাব্যস্ত কৰিছে প্ৰতিবাদ। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিৰোধীৰ এনে তৎপৰতাৰ মাজতে দেশজুৰি উত্থাপন হৈছে সেই এটাই প্ৰশ্ন- মোডী মেজিক নচলিব নেকি ‘২৪ৰ নিৰ্বাচনত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.