ৰাম নৱমী গ’ল কিন্তু শিলাবৰ্ষণ শেষ নহ’ল

Share This Article

ৰাম নৱমীৰ দিনাই দেশৰ কেইবাখনো ৰাজ্যত সংঘটিত হ’ল সংঘৰ্ষ।দেশৰ আন প্ৰান্তৰ লগতে পশ্চিমবংগতো সৃষ্টি হৈছিল সংঘৰ্ষৰ।কিছুমান দোকান তথা অট’ৰিক্সাৰ ওপৰতো চলিছিল আক্ৰমণ।ৰাম নৱমীৰ শোভাযাত্ৰা উলিওৱাৰ সময়ত পশ্চিম বংগৰ হাওৰা জিলাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভাৰতীয় জনতা পাৰ্টি আৰু আন সোঁপন্থী দলবোৰ এই আক্ৰমণৰ ঘটনাৰ লগত জড়িত বুলি দাবী কৰে।মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় ‘ হাওৰাৰ ঘটনাটো দুৰ্ভাগ্যজনক৷হিন্দু বা মুছলমান কোনো ইয়াৰ লগত জড়িত নহয়।বিজেপি আৰু বজৰংগ দলে অস্ত্ৰ শস্ত্ৰ লৈ হিংসাত্মক কাৰ্যকলাপত জড়িত হৈছে৷এতিয়ালৈকে এই ঘটনাৰ লগত জড়িত ৩১জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।’হাওৰাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অধিক আৰক্ষী নিয়োগ কৰা হৈছে।ইতিমধ্যে এই সংঘৰ্ষত আৰক্ষীৰ বাহনকে ধৰি কেইবাখনো গাড়ী ক্ষতিগ্ৰস্ত হৈছে।তদুপৰি অঞ্চলটোৰ কেইবাখনো দোকান লণ্ডভণ্ড কৰাৰ লগতে অট’ৰিক্সাও ক্ষতিগ্ৰস্ত হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.