ঘৰটো বাদেই,দেশৰ পৰাই বাহিৰ হোৱাৰ দিন আহিল নেকি মোডীৰ?

Share This Article

মোডী হটাও দেশ বচাও শ্লোগান সন্নিৱিষ্ট প’ষ্টাৰ লগাই গ্ৰেপ্তাৰ হ’ল ৮ জন ।উল্লেখ্য যে আম আদমি পাৰ্টিয়ে ৩০ মাৰ্চৰ পৰা সমগ্ৰ দেশত আৰম্ভ কৰিছে ৰাষ্ট্ৰযোৰা প’ষ্টাৰিং অভিযান।এই অভিযানৰ অংশ হিচাপে আম আদমি পাৰ্টীৰ সদস্যই আৰম্ভ কৰিছে প’ষ্টাৰিং অভিযান।আহমেদাবাদ আৰক্ষীয়ে অকৰ্তৃত্বশীলভাৱে ইতিমধ্যে ‘আপত্তিজনক প’ষ্টাৰ’ লগোৱাৰ অপৰাধত ৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে।
গুজৰাট আপৰ সভাপতি ইছুদান গাডভীয়ে গুজৰাট আৰক্ষীৰ এই পদক্ষেপৰ পাছত টুইটাৰত লিখিছে ‘ বিজেপিৰ একনায়কত্ববাদী শাসনলৈ মন কৰক।মোডী হটাও দেশ বচাও প’ষ্টাৰ লগোৱা বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধাৰা লগাই গ্ৰেপ্তাৰ কৰা হৈছে।যিমান পাৰে সিমান কষ্ট কৰিছে তেওঁলোকে৷কিন্তু ইয়াৰ বিৰুদ্ধে যুঁজ দিব আপ কৰ্মীয়ে।’সমগ্ৰ দেশত মুঠ ১১ভাষাত আপৰ এই প’ষ্টাৰিং আৰম্ভ হৈছে।ইংৰাজী,হিন্দী,উৰ্দু,গুজৰাটী,পাঞ্জাৱী,তেলেগু,বঙালী,উৰিষ্যা,কানাড়া,মালায়লম আৰু মাৰাঠী ভাষাত ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত প’ষ্টাৰিং আৰম্ভ কৰিছে আপে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.