ৰাজনীতিৰ পৰা সন্ন্যাস ল’ব নীতিন গাডকাৰীয়ে?

Share This Article

শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিজৰ ৰাজনৈতিক জীৱনক লৈ কেইবাবাৰো তিক্ততা প্ৰকাশ কৰিছে। তেওঁ আনকি লাগে শেহতীয়াকৈ এনেকৈয়ো কৈছে যে তেওঁ কাকো তেল নামাৰে।বিগত দেওবাৰে তেওঁৰ ঘনিষ্ঠ ৰাজনৈতিক মহলক হতচকিত কৰি তেওঁ কয় যে তেওঁ তেওঁৰ কেৰিয়াৰত বহুবোৰ কাম কৰিলে।যদি তেওঁক জনতাই ভোট নিদিয়ে তেওঁৰ আপত্তি নাই।তেওঁৰ আন বহুত কাম কৰিবলগীয়া আছে।ভূমি সংৰক্ষণ,জলবায়ু পৰিবৰ্তন,আদ্ৰভূমি আদিৰ ক্ষেত্ৰত তেওঁৰ বহুখিনি কৰিবলগীয়া আছে।গাডকাৰীয়ে কয় ‘ মই যিবোৰ কাম কৰি ভাল পাওঁ,সেইবোৰ কৰিম।মই ইতিমধ্যে মানুহবোৰক জনাইছোঁ যে ইতিমধ্যে বহুত হ’ল।আপোনালোকে যদি মোৰ কামবোৰ ভাল পাইছে,মোক ভোট দিব।আৰু যদি আপোনালোকে মোৰ কামবোৰ বেয়া পাইছে,তেতিয়াও মোৰ আপত্তি কৰিবলগীয়া নাই।আপোনালোকে মোক বেয়া পালে,মোৰ স্থানত আন লোক আহিব।সঁচা কথা ক’বলৈ গ’লে ,মই এইবোৰ কামত বেছি সময় দিব খুজিছোঁ।’তেওঁৰ এই মন্তব্যবোৰৰ পৰা এটা কথা স্পষ্ট হৈছে যে নাগপুৰৰ এই শক্তিশালী ব্যক্তিগৰাকী কিছুক্ষেত্ৰত নিশ্চয় অসন্তুষ্ট। RSS ৰ এগৰাকী সক্ৰিয় নেতা গাডকাৰীক বিজেপিৰ শীৰ্ষ নীতি নিৰ্ধাৰণ সমিতিৰ পৰা আঁতৰোৱা হৈছিল আৰু তেওঁৰ স্থানত মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাভিছক অন্তৰ্ভুক্ত কৰা হয়।অৱশ্যে গাডকাৰীৰ এগৰাকী ঘনিষ্ঠ সহযোগীয়ে কয় ‘ তেওঁ কৈছেই যে জনতাই যদি তেওঁৰ কামবোৰ ভাল পাইছে,তেওঁক ভোট দিব,সেই বাক্যষাৰীতেই প্ৰমাণ হয় যে তেওঁ ৰাজনীতিৰ পৰা অৱসৰ ল’ব খোজা নাই৷তেওঁ ক’ব বিচাৰিছে যে তেওঁৰ জীৱনৰ উদ্দেশ্যই হৈছে কৃষকৰ কাৰণে কাম কৰা ।তেওঁ যদি নিৰ্বাচনত পৰাস্তও হয়,তেওঁ কৃষকৰ কাৰণে কাম কৰি যাব পাৰিব।’

সেইদিনা গাডকাৰীয়ে শ্ৰী গিৰিশ গান্ধী অমৰুত মহোৎসবৰ এক অনুষ্ঠানত অংশ লৈছিল নাগপুৰত।গান্ধী আৰু তেওঁৰ কামৰ বিষয়ে ক’বলৈ গৈ তেওঁ কয় ‘ বৰ্তমান সময়ত ,ৰাজনীতি শব্দটোৱে ইয়াৰ প্ৰকৃত অৰ্থ হেৰুৱাইছে। যিটো সময়ত সুস্থ ৰাজনীতিয়ে মূল্য আৰু গুৰুত্ব হেৰুৱাইছে,সেইটো সময়ত কিন্তু ড° গিৰীশ গান্ধীৰ দৰে মানুহে ৰাজনীতিৰ প্ৰকৃত অৰ্থ বুজি পায় সামাজিকভাৱে সজাগতা সৃষ্টি কৰি আহিছে।তেওঁ এটা সময়ত ৰাজনীতিত আছিল,ময়ে তেওঁক ৰাজনীতি এৰাৰ কথা কৈছিলোঁ।বৰ্তমানৰ ৰাজনীতিৰ অৱস্থাটো চাই ,ময়ো কেতিয়াবা ৰাজনীতিৰ পৰা সন্ন্যাস লোৱাৰ কথা ভাবোঁ।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.