‘ঘৰ এৰাৰ জাননী এক কাপুৰুষালি’

Share This Article

জ্যেষ্ঠ কংগ্ৰেছ নেতা অজয় ৰায়ে সাংসদ পদ খাৰিজ কৰা ৰাহুল গান্ধীক দিব খুজিছে এটা ঘৰ।ঘৰটো তেওঁৰ নিজৰে।নিজৰ ঘৰটোৱেই তেওঁ দিব খুজিছে ৰাহুল গান্ধীক।উত্তৰ প্ৰদেশৰ প্ৰাক্তন বিধায়ক অজয় ৰায় আৰু তেওঁৰ পত্নীয়ে লাহুৰাবাৰী অঞ্চলত থকা তেওঁলোকৰ বাসগৃহত এখন বৰ্ড লগাইছে।বৰ্ডত লিখা আছে ‘ মোৰ ঘৰখনেই ৰাহুল গান্ধীৰ ঘৰ’ মঙলবাৰে চৰকাৰী বাসভৱন খালী কৰাৰ জাননী লাভ কৰাৰ পাছত ৰাহুল গান্ধীয়ে শীঘ্ৰেই সেই নিৰ্দেশ মানি ল’ব বুলি মন্তব্য কৰিছিল।তাৰপিছতেই উত্তৰ প্ৰদেশৰ প্ৰাক্তন বিধায়কগৰাকীয়ে এক সংবাদমেল সম্বোধন কৰি কয় ‘ দেশৰ একনায়কত্ববাদী শাসকে আমাৰ নেতাৰ বাসগৃহটোও অৱশেষত কাঢ়ি ল’লে।কিন্তু তেওঁলোকে নাজানে যে কৌটি কৌটি দলীয় কৰ্মীৰ বাসগৃহ ৰাহুল গান্ধীৰে হয়।বাবা বিশ্বনাথ চহৰত থকা আমাৰ ঘৰটো আমি ৰাহুল গান্ধীৰ নামত উৎসৰ্গা কৰিছোঁ। ‘ৰায়ে কয় ‘ গান্ধী পৰিয়ালে ৰাষ্ট্ৰক উদ্দেশ্যি তেওঁলোকৰ আনন্দ ভৱন দান কৰিছে।ৰাহুল গান্ধীক ঘৰ এৰাৰ নিৰ্দেশ এটা কাপুৰুষৰ কাম।’কংগ্ৰেছৰ মুখপাত্ৰ অশোক সিঙে কয় ৰাহুল গান্ধীয়ে ‘ঘৰ দেশৰ জনতাৰ অন্তৰত বনাইছে’
‘তেওঁৰ কাৰণে সকলো লোকেই নিজৰ ঘৰৰ দুৱাৰ মুকলি কৰি ৰাখিছে ।কাৰণ ৰাহুল গান্ধীয়ে ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খুলিছে।মোৰ নেতা,মোৰ অনুপ্ৰেৰণা,মোৰ দাদা তথা আদৰ্শ ৰাহুল গান্ধী।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.