Investigative reporting with dedication.

দিল্লীৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়াক পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ।অহা ৫ এপ্ৰিললৈ ন্যায়িক জিম্মাতে থাকিব ছিছ’ডিয়া।বুধবাৰে ৰাউচ এভেনিউ কৰ্টে এই ৰায় প্ৰদান কৰে।উল্লেখ্য যে দিল্লীৰ নতুন আবকাৰী নীতিৰ কেলেংকাৰী সন্দৰ্ভত বিগত মাহত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়া।বুধবাৰৰ শুনানিত মণীষ ছিছ’ডিয়াই ন্যায়ালয়ত তেওঁৰ লগত কিছু ধৰ্মীয় আৰু আধ্যাত্মিক গ্ৰন্থ নিয়াৰ ইচ্ছা ব্যক্ত কৰে।ন্যায়ালয়ে তেওঁক এই বিষয়টো সন্দৰ্ভত এখন আৱেদন দাখিলৰ আহ্বান জনায় আৰু তেওঁক তেনে গ্ৰন্থ লগত নিয়াৰ বাবে অনুমতি প্ৰদান কৰিব বুলি জনায়।




