ৰৌতাত বিৰোধী দলপতি

Share This Article

কংগ্ৰেছৰ নেতাদ্বয় দেৱব্ৰত শইকীয়া আৰু ৰকিবুল হুছেইনৰ দৈফাঙৰ এনকাউন্টাৰস্থলী পৰিদৰ্শন।অসমত এতিয়া চলিছে মুক্ত হত্যা। এই অভিযোগ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ। কেনাৰামৰ ঠাইত ডিম্বেশ্বৰৰ মৃতদেহ ওলোৱাৰ পিছত মঙলবাৰে ওদালগুৰিৰ ৰৌতাৰ দৈফাঙত আহি উপস্থিত হ’ল কংগ্ৰেছ নেতাদ্বয় দেৱব্ৰত শইকীয়া আৰু ৰকিবুল হুছেইন। মাথি দৈমাৰীৰ নামৰ লোক জনৰ ঘৰতে যোৱা ২৪ ফেব্ৰুৱাৰীৰ পুৱা ১০.৩০ বজাত হত্যা কৰিছিল ডিম্বেশ্বৰ মুছাহাৰীক। আৰক্ষীয়ে পৰিকল্পিতভাৱে এনকাউণ্টাৰ কৰা দেখুৱাই ডকাইত কেনাৰামৰ মৃত্যু হোৱা বুলি ঘোষণা কৰিছিল। আজি কংগ্ৰেছৰ দুয়োগৰাকী নেতা আহি ঘটনাস্থলীত উপস্থিত হৈ সেইদিনাৰ পৰিস্থিতিৰ বুজ লয় আৰু আৰক্ষী আৰু অসম চৰকাৰক তীব্ৰ সমালোচনা কৰে।ৰকিবুল হুছেইনে দুখীয়া মানুহৰ মৃত্যু সুলভ হৈছে বুলি মন্তব্য কৰি বৰ্তমান অসমৰ নাগৰিক অসুৰক্ষিত বুলি সমালোচনা কৰে। ইয়াৰ পিছত এই ঘটনাৰ উচিত তদন্ত বিচাৰে আৰু গনতন্ত্ৰ ৰক্ষাৰ বাবে উচ্চ ন্যায়ালয়ে এক পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে। ইয়াৰ উপৰিও ডিম্বেশ্বৰৰ পৰিয়ালৰ সংস্থাপনৰ দাবী তোলে।ইপিনে প্ৰকৃততে সেইদিনা কি হৈছিল? গৃহস্থ মাথি দৈমাৰীৰ মতে ঘটনা অনুসৰি দুজন লোক আৰক্ষী পোছাকত আহে আৰু কেবাজনো আৰক্ষী সাধাৰণ পোছাকত মাথি দৈমাৰীৰ ঘৰত প্ৰৱেশ কৰে আৰু মাথি সহ পৰিয়ালৰ আটাইকে ঘৰৰ পৰা ওলাই যাবলৈ কয়। মাথিৰ পত্নীয়ে প্ৰতিবাদ কৰিছিল যদিও ওচৰৰ আন মানুহৰ লগতে তেওঁলোককো উলিয়াই দিয়ে। কিছু সময়ৰ পিছত বন্দুকৰ গুলীৰ শব্দ শুনে। অলপ পিছত মাথি দৈমাৰীৰ পৰিয়ালে এজন অচিনাকী লোকৰ গুলীবিদ্ধ মৃতদেহ প্ৰত্যক্ষ কৰে। তাৰপিছত কিয় এনে কাম কৰিলে ,আমি দুখীয়া মানুহ বুলি কোৱাত কোনো অসুবিধা নহয় বুলি আশ্বাস দিয়ে। আৰু সেয়াই আছিল ডকাইতৰ লগত হোৱা সংঘৰ্ষৰ বাস্তৱ কাহিনী। এতিয়া চৰকাৰে কি বিচাৰ কৰিব , আৰক্ষীৰ এনে নাটকীয় কাহিনী সৃষ্টি কৰাৰ উদ্দেশ্য কি আছিল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.