আদানি কাণ্ডৰ বাতৰি পৰিৱেশনত আপত্তি নাই ন্যায়ালয়ৰ

Share This Article

ব্যৱসায়ী গৌতম আদানিৰ সম্পৰ্কত হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে ৰাজহুৱা কৰা তথ্য সম্পৰ্কত দুজন অধিবক্তাই উচ্চতম ন্যায়ালয়ত এক আৱেদন দাখিল কৰিছিল।এই জনস্বাৰ্থ জড়িত আবেদনখনত দুয়োগৰাকী অধিবক্তাই আদালতে এই সম্পৰ্কত পৰবৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত সংবাদমাধ্যমে আদানি কাণ্ড সম্পৰ্কত কোনো বাতৰি প্ৰকাশ কৰিব নোৱাৰিব বুলি ন্যায়ালয়ে এক নিৰ্দেশ দিয়াৰ পোষকতা কৰিছিল।কিন্তু অধিবক্তা দুজনৰ বিপৰীত স্থিতি গ্ৰহণ কৰি শুকুৰবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন বিচাৰপীঠে এই সম্পৰ্কত নিৰ্দেশ দিবলৈ অমান্তি হয়।জনস্বাৰ্থ জড়িত এই আৱেদন খাৰিজ কৰি তিনিজনীয়া বিচাৰপীঠে মন্তব্য কৰে এনেদৰে ‘আমি সংবাদমাধ্যমক এই বিষয়ত কোনো নিৰ্দেশ নিদিওঁ।’উল্লেখযোগ্য যে আদানি গোষ্ঠীৰ বিৰুদ্ধে বিত্তীয় খেলিমেলিৰ তথ্য প্ৰকাশ কৰিছিল হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ নামৰ আমেৰিকাৰ সংস্থাটোৱে।দুই অধিবক্তা ক্ৰমে এম এল শৰ্মা আৰু বিশাল তিৱাৰীয়ে দেশৰ ভাৱমূৰ্ত্তি বিনষ্ট কৰাৰ বাবে এই ৰিপৰ্ট প্ৰকাশ কৰা হৈছে বুলি অভিযোগ তুলিছিল৷তদুপৰি দেশৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হোৱা বুলি দাবী কৰি সংবাদমাধ্যমত এই বাতৰি প্ৰকাশ কৰাত নিষেধাজ্ঞা আৰোপৰ বাবে নিৰ্দেশ জাৰি কৰাৰ বাবে আৱেদন জনাইছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.