গোধৰাৰ অপৰাধীক ফাঁচী !

Share This Article

গোধৰা কাণ্ডৰ দোষীয়ে ৰাজ্য চৰকাৰৰ নীতি অৱমাননা কৰি সময়ৰ আগতেই মুক্তি লাভ কৰিলে।এই অভিযোগ গুজৰাট চৰকাৰৰ।উচ্চতম ন্যায়ালয়ত সোমবাৰে ২০০২ চনৰ গোধৰা কাণ্ডৰ অভিযুক্তক সময়তকৈ আগত মুকলি কৰা সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হয়।উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়,ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ জে বি পাৰদীৱালাই এই বিষয়ত শুনানি গ্ৰহণ কৰে।গুজৰাট ৰাজ্য চৰকাৰৰ হৈ ন্যায়ালয়ত আৱেদন জনোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই তেওঁৰ আৱেদন সন্দৰ্ভত জনাই যে অপৰাধৰ গুৰুত্বলৈ চাই এই ঘটনাটো ‘ অসাধাৰণ’ হিচাপে গণ্য কৰা হৈছে। মুঠ ৫৯ জন লোকক জীৱন্তে জ্বলাই দিয়া হৈছিল।ৰে’লখনৰ ডবাটো বাহিৰ ফালৰ পৰা বন্ধ কৰি ৰখা হৈছিল।অগ্নিদগ্ধ লোক সকলৰ ভিতৰত মহিলা আৰু শিশুও আছিল।প্ৰথম জন অপৰাধীয়েই শাস্তিটোক প্ৰত্যাহ্বান জনাইছিল তেওঁ ঘটনাটোৰ সময়ত পাথৰ দলিয়াইছিল আৰু যাত্ৰী সকলক ডবাৰ পৰা ওলাই আহিবলৈ দিয়া নাছিল।আন এগৰাকী অপৰাধীক মাৰণাস্ত্ৰৰে সৈতে পোৱা গৈছিল।তেওঁ ষড়যন্ত্ৰত অংশগ্ৰহণত সক্ৰিয় ভূমিকা লৈছিল৷চতুৰ্থ গৰাকী অভিযুক্তই পেট্ৰলৰ যোগাৰ কৰিছিল।মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে বিচাৰপীঠে এজন অপৰাধীক স্বাস্থ্যজনিত কাৰণত শাস্তিৰ পৰিমাণ হ্ৰাস কৰিছিল৷২০২২চনৰ ১৩মে’ত ন্যায়ালয়ে ৬ মাহৰ অন্তৰ্বতীকালীন জামিন দিছিল।আব্দুল ৰহমান ধণ্টিয়া ওৰফে কাণকাট’ ওৰফে যামবুৰুক তেওঁৰ পত্নীৰ কৰ্কট ৰোগৰ বাবে আৰু কন্যা মানসিক বিকাৰগ্ৰস্ত হোৱাৰ বাবে জামিন দিয়া হৈছিল।পুনৰ ২০২২চনৰ ১১ নবেম্বৰত তেওঁৰ জামিনৰ সময় ২০২৩ চনৰ ৩১ মাৰ্চলৈকে বৃদ্ধি কৰা হৈছিল।বিগত ১৫ ডিচেম্বৰত আন এগৰাকী অভিযুক্ত ফাৰুকক জামিন প্ৰদান কৰা হয়।ফাৰুকক গোধৰা কাণ্ডৰ বাবে যাৱদজ্জীৱন কাৰাদণ্ড বিহা হৈছিল।ন্যায়ালয়ে তেওঁৰ জামিন সন্দৰ্ভত যুক্তি দৰ্শাইছিল যে ইতিমধ্যে তেওঁ ১৭ বছৰ কাৰাবাস সম্পূৰ্ণ কৰিছে।মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে প্ৰশ্ন কৰে যে তেওঁক গুজৰাটৰ অপৰাধ আইন অনুসৰি তেওঁলোকক মুক্তি দিয়া হৈছে নেকি?গুজৰাটৰ ছলিচিটৰ জেনেৰেল ডি ৱাই চন্দ্ৰচূড়ে কয় যে টাডা আইন অনুসৰি এই দোষী কেইজন আগতীয়াকৈ মুক্তি পাবৰ বাবে যোগ্য নহয়।জ্যেষ্ঠ অধিবক্তা কেটিএছ তুলছীয়ে কয় যে তেওঁ গুজৰাটী ভাষা নজনাৰ বাবে তেওঁ কেৱল মাত্ৰ আঙুলিৰ চাপ দিয়াৰ দৰেহে হৈছিল।২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত এই জঘন্য হত্যাকাণ্ড সংঘটিত হৈছিল৷মুঠ ৫৮ গৰাকী লোকৰ মৃত্যু হৈছিল।সবৰমতী এক্সপ্ৰেছৰ ৬ নং ডবাত সংঘটিত হৈছিল এই ঘটনা৷এই ডবাটোত অযোধ্যাৰ পৰা কৰসেৱক কঢ়িয়াই অনা হৈছিল৷গোধৰা কাণ্ডই গুজৰাটত সাম্প্ৰদায়িক সংঘৰ্ষৰ শুভাৰম্ভ কৰিছিল।২০১১ চনৰ মাৰ্চত ৩১জন লোকক দোষী সাব্যস্ত কৰা হৈছিল।১১গৰাকী লোকক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছিল।আন ২০ গৰাকী লোকক যাৱদজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিল।২০১৭ চনত গুজৰাট উচ্চ ন্যায়ালয়ে ১১গৰাকী মৃত্যুদণ্ডৰে দণ্ডিত ব্যক্তিক যাৱদজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ কথা ঘোষণা কৰিছিল। আৰু আন ৩০ গৰাকী লোকৰ ক্ষেত্ৰত যাৱদজ্জীৱন কাৰাদণ্ডৰ ৰায়টোকেই বাহাল ৰখাৰ সিন্ধান্ত লোৱা হৈছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.