লকাৰৰ ধন লকাৰতেই হেৰাল কিন্তু কেনেকৈ?

Share This Article

ঘটনাটো সংঘটিত হৈছে ৰাজস্থানৰ উদয়পুৰত।উদয়পুৰৰ মহেশ সিংভী নামৰ ব্যক্তিজনে তেওঁৰ পত্নী সুনীতা মেহতাৰ নামত এটা লকাৰ লৈছিল।লকাৰটো আছিল উদয়পুৰৰ পঞ্জাব নেশ্যনেল বেংকৰ।তাত মহিলাগৰাকীয়ে ২লাখ ১৫ হাজাৰ নগদ ধন জমা ৰাখিছিল।২০২২ চনৰ মে’ মাহত তেওঁ এবাৰ লকাৰটো খুলিছিল আৰু তেতিয়ালৈকে টকাখিনি সুৰক্ষিত অৱস্থাতে আছিল।কিন্তু যোৱা ৯ ফেব্ৰুৱাৰীত ধন উলিয়াবলৈ গৈ মহিলাগৰাকী হৈ পৰে হতবাক।তাত টকাৰ পৰিবৰ্তে আছে টকাৰ গুড়ি।আচলতে তেওঁৰ টকাবোৰ উঁয়ে খালে।মহিলা গৰাকীৰ স্বামী মহেশ সিংভীয়ে অভিযোগ কৰে যে বেংক কৰ্তৃপক্ষই উঁই পোকৰ পৰা সুৰক্ষিত ৰখাৰ বাবে কোনো কীটনাশক ব্যৱহাৰ কৰা নাছিল।ইতিমধ্যে বেংক মেনেজাৰক এই সম্পৰ্কত অভিযোগ দাখিল কৰিছে মহেশ সিংভীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.