ধৰা পৰিল জগদম্বা কাণ্ডৰ ডকাইত

Share This Article

লখিমপুৰৰ জগদম্বা ১১.৫০লাখ টকীয়া ডকাইতি কাণ্ডৰে জড়িত ৪জনক গ্ৰেপ্তাৰ লখিমপুৰ আৰক্ষীৰ।প্ৰাঞ্জল শইকীয়া ওৰফে মইনা,এলভিন সোনাৰ (ALNA ৰ সৈতে জড়িত,ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড)মেচৰ আলি ওৰফে ঠিকাদাৰ, আৰু খলিলুৰ ৰহমানক গ্ৰেপ্তাৰ লখিমপুৰৰ ভিন্ন প্ৰান্তৰ পৰা।আনহাতে জয় দেৱ মহন্ত, সজল আলি, শ্বাহ আলম ওৰফে জিন্তুক গুৱাহাটী মেট্ৰো আৰু নলবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে।আনহাতে ভূপেন দাস নামৰ আন এটা ডকাইত সম্প্ৰতি পলাতক।লখিমপুৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাই সংবাদমেলৰ জৰিয়তে স্পষ্ট কৰে যে,এই গেংটো গুৱাহাটী,নলবাৰী,কামৰূপ মেট্ৰো, মুকালমুৱা আদি স্থানত শেহতীয়াকৈ সংঘটিত হৈ থকা বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত জড়িত আছিল।গুৱাহাটীৰ পাঞ্জাবাৰীৰ পূৰবী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছিল এই ধৃত গেংটো।আৰক্ষীয়ে এই গেঙৰ অন্যতম প্ৰাঞ্জল শইকীয়াৰ ঘৰৰ পৰা জব্দ কৰে এটা ইটালীত নিৰ্মিত ৭.৬৫পিষ্টল,এটা মেগজিন আৰু এক জাঁই সজীৱ গুলীৰ লগতে AS 01 EL 6939নম্বৰৰ এখন এল্ট’ গাড়ী ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.