শ্বীনা বৰা জীৱিত !

Share This Article

চিবিআইৰ এক বিশেষ আদালতে গুৱাহাটী বিমান বন্দৰৰ চিচি টিভি ফুটেজ শীঘ্ৰে জমা দিয়াৰ নিৰ্দেশ দিছে বিমান বন্দৰ কৰ্তৃপক্ষক।অৱশ্যে বিশেষ আদালতে এটা বিশেষ দিনৰ ফুটেজহে বিচাৰিছে কৰ্তৃপক্ষৰ পৰা।উল্লেখযোগ্য যে শ্বীনা বৰা নামৰ যুৱতী গৰাকী ২০১২ চনৰ এপ্ৰিলতেই হত্যা কৰাৰ অভিযোগত তেওঁৰ মাতৃ ইন্দ্ৰানী বৰা ,তেওঁৰ প্ৰাক্তন স্বামী পীটাৰ মুখাৰ্জী,সঞ্জীৱ খান্না আৰু চালক শ্যামবৰ ৰায় ইতিমধ্যে কাৰাবাস খাটিছে।কিন্তু তেওঁৰ মাতৃৰ হৈ অধিবক্তাই ন্যায়ালয়ত এক আৱেদন জনায়।উক্ত আৱেদনত ইন্দ্ৰানী মুখাৰ্জীয়ে জনাই যে তেওঁৰ অধিবক্তাই শ্বীনা বৰাৰ নিচিনা একে এগৰাকী যুৱতী গুৱাহাটী বিমানবন্দৰত দেখা পাইছিল।এই আৱেদনৰ ভিত্তিতে গুৱাহাটী বিমানবন্দৰ কৰ্তৃপক্ষক সেই বিশেষ দিনটোৰ CCTV ফুটেজ জমা দিয়াৰ নিৰ্দেশ দিছে CBI এ।INX মেডিয়াৰ আইনী উপদেষ্টা চবিনা বেদী চচৰে জনোৱা অনুসৰি বিগত ৫ জানুৱাৰীত তেওঁ ইন্দ্ৰানী মুখাৰ্জী লৈ এই ভিডিঅ’টো পঠিয়াইছিল “ বিগত ৫ জানুৱাৰীত মই যেতিয়া গুৱাহাটী বিমান বন্দৰৰ পৰা মুম্বাই অভিমুখে গৈ আছিলোঁ মই শ্বীনা বৰাৰ নিচিনা সাইলাখ একে এগৰাকী মহিলাক দেখিছিলোঁ,মই তেওঁৰ ভিডিঅ’ কৰি ইন্দ্ৰানী মুখাৰ্জীলৈ পঠিয়াইছিলোঁ৷মই INX মিডিয়াৰ আইনী উপদেষ্টা আছিলোঁ,সেয়ে মই ২০০৭ চনৰ পৰাই তেওঁক জানিছিলোঁ।”শ্বীনা বৰা জীৱিত আছে বুলি ইয়াৰ আগতেও দাবী উত্থাপিত হৈছিল৷ইয়াৰ আগতে শ্বীনা বৰা জীৱিত আছে বুলি ইন্দ্ৰানী মুখাৰ্জীয়ে ন্যায়ালয়ক জনাইছিল।ইন্দ্ৰানী মুখাৰ্জীয়ে ন্যায়ালয়ত দাবী কৰিছিল যে বাইচুলা কাৰাগাৰৰ এগৰাকী মহিলা কনিষ্টবলে তেওঁক ২০২১ চনত শ্ৰীনগৰত শ্বীনাক দেখা বুলি জনাইছিল।অবশ্যে চিবিআইয়ে ইন্দ্ৰানী মুখাৰ্জীৰ এই দাবী মানি লোৱা নাছিল।ইন্দ্ৰানী মুখাৰ্জীৰ গাড়ীচালক শ্যামবীৰ ৰায়ক এটা বন্দুকেৰে সৈতে গ্ৰেপ্তাৰ কৰিছিল মুম্বাই আৰক্ষীয়ে।২০১৫ চনৰ ২১আগষ্টত শ্যামবীৰ ৰায় গ্ৰেপ্তাৰ হৈছিল।ৰাইক গ্ৰেপ্তাৰ কৰাৰ পিছতেই তেওঁ তেওঁৰ স্বীকাৰোক্তিত ২০১২ চনত শ্বীনা বৰাৰ হত্যা হোৱাৰ কথা স্বীকাৰ কৰিছিল।গাড়ীচালক জনৰ স্বীকাৰোক্তিৰ ভিত্তিতেই ইন্দ্ৰানী মুখাৰ্জীক শ্বীনা বৰাক হত্যাত সহযোগ কৰাৰ অপৰাধত তেওঁৰ প্ৰাক্তন স্বামী সঞ্জীৱ খান্নাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে৷ইন্দ্ৰানীয়ে তেওঁৰ দ্বিতীয় স্বামী পীটাৰ মুখাৰ্জীক শ্বীনা বৰা তেওঁৰ ভগ্নী বুলি পৰিচয় কৰোৱাই দিছিল।আনহাতে,শ্বীনা বৰা আৰু পীটাৰ মুখাৰ্জীৰ পুত্ৰ ৰাহুল মুখাৰ্জীৰ মাজত গঢ়ি উঠিছিল এক প্ৰেমৰ সম্পৰ্ক৷ইয়াৰ পিছতেই ২০১২ চনত হঠাৎ শ্বীনা বৰা নিৰুদ্দেশ হয়।ৰাহুলে শ্বীনাক যথেষ্ট বিচাৰখোচাৰ কৰিও আশাহত হ’ল।তদন্ত প্ৰক্ৰিয়া আৰম্ভ হোৱাত এটা কথা পোহৰলৈ আহিল যে শ্বীনা বৰাক হত্যা কৰা হৈছে আৰু ইন্দ্ৰানীয়ে নিজে গাড়ীত তুলি শ্বীনাৰ মৃতদেহ ৰায়গড়ৰ ঘনজংঘলত পেলাই থৈ আহিছিল।তদন্তকাৰী সংস্থাই আনকি শ্বীনা বৰাৰ মৃতদেহৰ অংশ উদ্ধাৰ কৰা বুলিও প্ৰকাশ কৰিছিল।চিবিআইয়ে ইন্দ্ৰানী বৰাৰ দ্বিতীয় স্বামী পীটাৰ মুখাৰ্জীকো গ্ৰেপ্তাৰ কৰিছিল ।২০২০ চনত পীটাৰ মুখাৰ্জীয়ে জামিন লাভ কৰিছিল।বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে ইন্দ্ৰানী মুখাৰ্জী আৰু পীটাৰ মুখাৰ্জীৰ মাজত বিবাহ বিচ্ছেদ হয়।২০১৯ চনত ১৭ বছৰ বৈবাহিক জীৱন সম্পূৰ্ণ কৰাৰ পিছত বিচ্ছেদ হৈছিল পীটাৰ-ইন্দ্ৰানীৰ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.