বোমাত উৰিল CNF ৰ কাৰ্যালয়

Share This Article

ম্যানমাৰ মিলিটেৰীৰ আক্ৰমণত তচনচ হৈছে CNF ৰ মুখ্য কাৰ্যালয়।ভাৰত-ম্যানমাৰ সীমান্তত অবস্থিত CNF ৰ মুখ্য কাৰ্যালয়ত YAK -130 আৰু MIG -29 দুখন জেট বিমানেৰে ভয়ংকৰ আক্ৰমণ চলাই ম্যানমাৰ সেনাই।CNF ৰ মুখপাত্ৰ চালাই এইছটেট নীয়ে ম্যানমাৰ নাওক দিয়া এক সাক্ষাৎকাৰত কয় “ম্যানমাৰ এয়াৰফৰ্চৰ এখন গুপুত তালিকা বিগত নবেম্বৰত প্ৰকাশ পাইছিল৷সেই তালিকাত CNF ৰ কাৰ্যালয়ৰ ওপৰত আক্ৰমণ হোৱাৰ তথ্য সন্নিৱিষ্ট আছিল।”CNF ৰ মুখপাত্ৰজনে কয় “ম্যানমাৰ সেনাৰ লক্ষ্য আছিল মুঠ ১৪ টা স্থানত।এই লক্ষ্যস্থানবোৰৰ ভিতৰত CNF ৰ মূল কাৰ্যালয়ো আছিল।আমি জানিব পাৰিছোঁ যে তেওঁলোকে আগতেই স্থিৰ কৰি থোৱা লক্ষ্যতেই আক্ৰমণ কৰিছে।” এই আক্ৰমণৰ ঘটনাত লেফটেনেণ্ট এনগান এইছলাই পাৰ , ভেন ৰ’ পিয়াং,ছ্যু লেন পাৰ,কিল মাং আৰু ডুহ টিন গুৰুতৰভাৱে আহত হৈছে।ইতিমধ্যে ভাৰত -ম্যানমাৰ সীমান্তৰ গঞা লোকে নিজ গৃহ এৰি পলায়ন কৰিছে।মিজো সীমান্তৰ প্ৰায়সংখ্যক লোকে ইতিমধ্যে ঘৰ এৰি পলায়ন কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.