‘একে ৰাতিত হাজাৰ লোকক উচ্ছেদ কৰিব নোৱাৰিব’

Share This Article

উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশত স্থগিতাদেশ জাৰি কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে।উত্তৰাখণ্ড ন্যায়ালয়ে হালদাৱানী অঞ্চলৰ মুঠ ৪০০০ টা পৰিয়ালক উচ্ছেদৰ নিৰ্দেশ দিছিল৷হালদাৱানী অঞ্চলৰ সেই ভূমি ৰে’লৱেৰ বুলি দাবী কৰিছে ৰে’ল মন্ত্ৰালয়ে।উচ্চতম ন্যায়ালয়ে এক স্থগিতাদেশ জাৰি কৰি উল্লেখ কৰিছে “ একেটা সময়তে ৫০ হাজাৰ লোকক উচ্ছেদ চলাব নোৱাৰি।ৰে’ল বিভাগে উচ্ছেদ কৰিব বিচৰা লোকসকলক ভাগ ভাগ কৈ আন ঠাইত সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিহে উচ্ছেদ কৰা উচিত৷তদুপৰি ৰে’লৱেৰ প্ৰয়োজন সাপেক্ষেহে এনেদৰে ইয়াৰ বাসিন্দা সকলক উচ্ছেদ কৰা উচিত।”এছ কে কৌল আৰু এ এছ অ’কাৰ বিচাৰপীঠে এই উচ্ছেদ প্ৰক্ৰিয়াটো পৰীক্ষা কৰি কয় যে এইটো এটা ‘মানৱীয় বিষয়’ আৰু সেয়ে ইয়াৰ ওপৰত সঠিক পদক্ষেপ লোৱা উচিত৷সৰ্বোচ্চ ন্যায়ালয়ে এই বিষয়ত পুনৰ ৭ ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব।
বিগত বৰ্ষৰ ২০ জানুৱাৰীত উত্তৰাখণ্ড ন্যায়ালয়ৰ ন্যায়াধীশ আৰ চি খুলবে আৰু ন্যায়াধীশ শাৰদ কুমাৰ শৰ্মাৰ বিচাৰপীঠে “ যিকোনো শক্তি প্ৰয়োগ কৰি অকৰ্তৃত্বশীলভাৱে ৰে’লৱে ভূমিত বসবাস কৰি থকা লোকসকলক উচ্ছেদ কৰাৰ নিৰ্দেশ দিছিল।অৱশ্যে উচ্ছেদৰ আগত এসপ্তাহ সময় বান্ধি দিবলৈ আহ্বান জনাইছিল।”
১৭৬ পৃষ্ঠাজোৰা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত উল্লেখ কৰা হৈছে “ কেৱল ভোটবেংকৰ স্বাৰ্থত কিছু ৰাজনৈতিক দলৰ চৰকাৰে অবৈধভাৱে ৰে’ল বিভাগৰ মাটিত মানুহক সংস্থাপিত কৰিছিল।”এই ১৭৬ পৃষ্ঠাৰ আৱেদনক প্ৰত্যাহ্বান জনাই মুঠ ১০ গৰাকী আৱেদনকাৰীয়ে উচ্চতম ন্যায়ালয়ত আৱেদন জনাইছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.