ধৰ্মক লৈ ব্যৱসায় ,ক্ষোভত ফাটিছে জৈন সম্প্ৰদায়

Share This Article

জৈন সম্প্ৰদায়ৰ এক ধৰ্মীয় উপাসনাস্থলীক পৰ্যটনস্থলী হিচাপে ঘোষণা কৰাক লৈ ক্ষোভিত হৈ পৰিছে সমগ্ৰ দেশৰ জৈন ধৰ্মাৱলম্বী লোকসকল।ঝাৰখাণ্ডত অৱস্থিত চামেদ চিকাৰজী নামৰ জৈন ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ উপাসনাস্থলীক চৰকাৰে পৰ্যটনস্থলী হিচাপে ঘোষণা কৰাক লৈ ক্ষোভিত হৈ পৰিছে জৈন ধৰ্মাৱলম্বী লোকসকল।উল্লেখ্য যে জৈন ধৰ্মৰ শ্বেতম্বৰ আৰু দিগম্বৰ দুয়ো পন্থী লোকে ঝাৰখণ্ডৰ এই স্থান অত্যন্ত পবিত্ৰ হিচাপে গণ্য কৰে।ঝাৰখাণ্ড মুক্তি মৰ্চা আৰু কংগ্ৰেছৰ সন্মিলিত চৰকাৰৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে অৱশ্যে এই ঘোষণা কেন্দ্ৰৰহে বুলি দাবী কৰিছে৷এই ধৰ্মীয় উপাসনাস্থলীক পৰ্যটনস্থলী হিচাপে ২০১৯ চনতেই ঘোষণা কৰা হৈছিল।সেই সময়ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আছিল ৰঘুবৰ সিং আৰু ৰঘুবৰ সিং আছিল বিজেপিৰ মুখ্যমন্ত্ৰী।
ধৰ্মীয় উপাসনাস্থলীক পৰ্যটন স্থলী কৰাৰ বিৰুদ্ধে চলিছে বিভিন্ন স্থানত প্ৰতিবাদ৷উত্তৰ প্ৰদেশ,মহাৰাষ্ট্ৰ , ৰাজস্থান তথা ইণ্ডিয়া গেটত জৈন সম্প্ৰদায়ৰ লোক সকলে গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী।প্ৰতিবাদে ইমানেই ভয়ংকৰ ৰূপ লৈছে যে জৈন সন্ন্যাসী মুনী সুগেয়া সাগৰে ইয়াৰ বিৰোধিতাৰে অব্যাহত ৰখা অনশন কাৰ্যসূচীৰ মাজতে মৃত্যুক সাৱটি লয়৷জৈন সম্প্ৰদায়ৰ লোক সকলে এই মৃত্যুক প্ৰতিবাদী আন্দোলনৰ শ্বহীদ আখ্যা দিছে।
আনহাতে,ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰৰ মূৰব্বী অশোক গেহলটে ইতিমধ্যে এই বিষয়টো সম্পৰ্কত ঝাৰখাণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণৰ লগত আলোচনা কৰিছে আৰু বিষয়টো সোনকালেই মীমাংসা কৰাৰ আহ্বান জনাইছে।জৈনসকল সংখ্যালঘু, ভাৰতৰ মুঠ জনসংখ্যাৰ মাত্ৰ ১% লোকক প্ৰতিনিধিত্ব কৰে এই সম্প্ৰদায়টোৱে।কিন্তু সংখ্যাত কম হ’লেও ব্যৱসায়িক ক্ষেত্ৰখন যথেষ্ট প্ৰভাৱান্বিত কৰে সম্প্ৰদায়টোৱে৷মুম্বাইৰ মুঠ ব্যৱসায়ৰ ৫% ব্যৱসায় বাণিজ্য এই সম্প্ৰদায়ৰ লোকৰ নিয়ন্ত্ৰণত আছে।ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে এই বিষয়টো সম্পৰ্কত অহা ১৭ জানুৱাৰীত এক শুনানি গ্ৰহণ কৰিব।এই শুনানিৰ পিছতেই চৰকাৰে জৈন সম্প্ৰদায়ৰ দাবীৰ প্ৰতি অনুমোদন জনোৱাৰ সম্ভাৱনা আছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.