নিউ জলপাইগুড়ি পালেহি বন্দে ভাৰত !

Share This Article

বন্দে ভাৰত ৰে’ল এইবাৰ পশ্চিম বংগত আৰম্ভ হ’ল।আজি পুৱা হাওৰা-নিউ জলপাইগুড়ি বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।শুকুৰবাৰে পুৱা ভিডিঅ’ কনফাৰেন্স যোগে এই এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে।এই এক্সপ্ৰেছৰ শুভাৰম্ভ কৰিয়েই মাতৃৰ মৃত্যু হোৱাৰ বাবে পুৱাই আহমেদাবাদলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী মোডী।পশ্চিম বংগত বন্দে মাতৰমৰ এয়াই শুভাৰম্ভণি৷ভাৰতীয় ৰে’ল বিভাগৰ বন্দে ভাৰত এক্সপ্ৰেছৰ এইখন সপ্তমখন ৰে’ল।পূব সীমান্ত ৰে’লৱেৰ মুখপাত্ৰ একলব্য চক্ৰৱৰ্তীয়ে কয় যে এই ছুপাৰফাষ্ট ৰে’লখনে হাওৰা-নিউ জলপাইগুড়িৰ যাত্ৰাৰ বাবে মুঠ চাৰে সাত ঘণ্টা ল’ব।ৰাজ্যখনত আৰম্ভ হোৱা এই প্ৰথম বন্দে ভাৰত এক্সপ্ৰেছ সপ্তাহটোত ৬ দিন চলিব।কলকাতা আৰু শিলিগুড়িৰ মাজত যাত্ৰাৰ বাবে এতিয়া যথেষ্ট কম সময়ৰ প্ৰয়োজন হ’ব।এই ট্ৰেইনখনে হাওৰাৰ পৰা পুৱা ৬ বজাত ইয়াৰ যাত্ৰা আৰম্ভ কৰিব আৰু নিউ জলপাইগুড়ি পাবগৈ দিনৰ ডেৰ বজাত।ৰে’ল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ঘাজিয়াবাদলৈ মুঠ ১০ জন মটৰমেনক প্ৰশিক্ষণৰ বাবে পঠিওৱা হৈছিল৷আনহাতে,মুঠ ২৫ জন লোকক ৰে’লখন চোৱাচিতা কৰাৰ প্ৰশিক্ষণৰ বাবে পঠিওৱা হৈছিল হায়দৰাবাদলৈ।উল্লেখযোগ্য যে মুঠ ৬ খন বন্দে ভাৰত এক্সপ্ৰেছৰ ইয়াৰ আগতে ভাৰতীয় ৰে’ল বিভাগে শুভাৰম্ভ কৰিছিল৷ইয়াৰে প্ৰথম চাৰিখন ৰে’লে প্ৰথম ডেৰ মাহতেই ৪ বাৰকৈ দুৰ্ঘটনাত পতিত হয়৷দিল্লীৰ পৰা বাৰৰণসীলৈ প্ৰথমবাৰৰ বাবে এই ৰে’লৰ শুভাৰম্ভ কৰা হৈছিল।আহমেদাবাদ,আনন্দ আৰু ভালচাদত গৰুৰ খুন্দাত দুৰ্ঘটনাত পতিত হৈছিল ৰে’লকেইখন৷আনহাতে,বিগত ৮ নবেম্বৰত গুজৰাটৰ আনন্দত সংঘটিত দ্বিতীয়টো দুৰ্ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হয়৷স্বাধীনতাৰ ৭৫ বছৰৰ লগত সংগতি ৰাখি ভাৰতীয় ৰে’ল বিভাগে মুঠ ৭৫ খন ৰে’ল চলোৱাৰ সিন্ধান্ত লৈছে।সঘনাই দুৰ্ঘটনাত পতিত হোৱা বাবে ট্ৰেইন নে টিনৰ বাকচ বুলি সামাজিক মাধ্যমত বন্দে ভাৰত এক্সপ্ৰেছ সমালোচিতও হৈছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.