টিভি থাকিলে অৰুণোদয় নাপায় !

Share This Article

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টিভি,ফ্ৰীজ থাকিলে অৰুণোদয় পাব বুলি কৰা ঘোষণাক বৃদ্ধাংগুষ্ঠ দেখুৱালে এগৰাকী ৰাজহ চক্ৰ বিষয়াই ।অপদস্থ কৰিলে এগৰাকী বিধৱা মহিলাক।ওদালগুৰিত অৰুণোদয় ৱাৰ্ড সভাত ৰাজহ বিষয়া নৱদ্বীপ চাংমাইৰ হাতত অপদস্থ হয় এগৰাকী বিধৱা মহিলা।অৰুণোদয় আঁচনিৰ ফৰ্ম জমা দিবলৈ গৈ অপদস্থ হ’ব লগা হ’ল অকাল বৈধব্যক সাৱটি লোৱা বন্দিতা দেবী নামৰ মহিলা গৰাকী।সাত বছৰ পূৰ্বে ব্যৱসায়ী স্বামীৰ আকস্মিক বিয়োগৰ পিছত একমাত্ৰ ছোৱালীজনী আৰু শাহুৱেকক লৈ চলি আছে এই গৰাকী মহিলা।ঘৰত নিজা আয়ৰ পথ বুলিবলৈ একো নাই।স্বামীৰ মৃত্যুৰ পিছত খুড়াকৰ হাতত সপি দিবলগীয়া হয় দোকান খন।সেই দোকানৰ পৰা পোৱা নুন্যতম ধনেৰে কোনোমতে চলি আছে পৰিয়ালটো।চৰকাৰৰ ঘোষণা অনুসৰি যোৱাকালি অৰুণোদয়ৰ ৱাৰ্ড সভাত আঁচনিৰ ফৰ্ম জমা দিবলৈ গৈছিল ।কিন্তু এগৰাকী বিষয়াই বিধবা মহিলা গৰাকীক বিভিন্ন অবান্তৰ প্ৰশ্ন কাৰৰ লগতে আপোনাৰ ঘৰত টি ভি আছে অৰুণোদয় নাপায় বুলি কৈ তেওঁৰ ফৰ্মখন নাকচ কৰি দিয়ে।কেৱল সেইয়াই নহয় ,বিষয়া গৰাকীৰ ব্যৱহাৰত লজ্জানত হোৱা মহিলা গৰাকীৰ চকুপানী নিগৰা দেখি ‘নাটক কৰিব আহিছে,ইয়াৰ পৰা যাওক বুলি অপদস্থ কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.