ভাল দিন আহিব ৰাজস্থানীৰ !

Share This Article

আধাতকৈয়ো কম মূল্যত পাব চিলিণ্ডাৰ !’আতচ্চে দিন’ৰ কথা কোৱা বিজেপিয়ে নহয়,কংগ্ৰেছেহে উপহাৰ দিব ভাল দিন !

কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে শাসনলৈ অহাৰ পিছতে উজ্বলা আঁচনিৰ জৰিয়তে দেশৰ দৰিদ্ৰ লোকৰ বাবে ৰন্ধন গেছৰ সংযোগ দিছিল৷বিনামূলীয়া এই সুবিধা লাভ কৰি দেশৰ দৰিদ্ৰ জনতাই সন্তুষ্টিৰ হাঁহি মাৰিছিল।কিন্তু সংযোগহে লাভ কৰিলে চিলিণ্ডাৰ ভৰাবলৈ ধনৰ অভাৱ হ’ল এই সকল লোকৰ।এসময়ত ৪০০ ৰ পৰা ৪৫০ টকাৰ ভিতৰত পোৱা চিলিণ্ডাৰৰ দাম বৃদ্ধি পাই হ’লগৈ ১১০০ টকাৰো অধিক৷ফলত সমাজৰ দৰিদ্ৰ হিতাধিকাৰীয়ে ভৰ্তি চিলিণ্ডাৰ ক্ৰয় কৰিব নোৱাৰা হ’ল।দেশৰ অন্য প্ৰান্তৰ লগতে ৰাজস্থানতো আছে এনে লক্ষ্যাধিক হিতাধিকাৰী।সেই লোক সকলে এবাৰ চিলিণ্ডাৰ ভৰ্তি কৰাৰ পিছত দ্বিতীয়বাৰ ইয়াক ভৰাবলৈ সমৰ্থ হোৱা নাই সেই সকলৰ কথা ভাবিয়েই ৰাজস্থানৰ কংগ্ৰেছ নেতৃত্বাধীন অশোক গেহলট চৰকাৰে গ্ৰহণ কৰিছে এক সিন্ধান্ত।কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সন্মুখত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ৰাজ্যখনৰ দৰিদ্ৰ জনতাৰ বাবে ঘোষণা কৰিছে এই অভিনৱ আঁচনি৷এই আঁচনি অনুসৰি ২০২৩ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা সকলো হিতাধিকাৰীক ৫০০ টকা মূল্যত চিলিণ্ডাৰ দিব গেহলট চৰকাৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.