গাড়ীত গৰু দেখিলেই বিজেপি পায় ইছ্যু !

Share This Article

বিজেপি বিধায়কৰ ‘গুণ্ডাগিৰি’?গাড়ীত গৰু দেখিলেই ‘চোৰাং ‘ বুলি কয় বিজেপিয়ে ?ইঠাইৰ পৰা সিঠাইলৈ নিয়া গৰুকে সজালে ‘চোৰাং গৰু’ !পশ্চিমবংগৰ বিজেপি বিধায়ক অগ্নিমিত্ৰা পলে দাবী কৰিছে যে তেওঁ মুঠ ৯ টা গৰু সীমান্তইদি পাৰ কৰোৱাৰ সময়ত উদ্ধাৰ কৰে।এক টুইটাৰ বাৰ্তাত ২ নং ৰাষ্ট্ৰীয় ঘাইপথত তেওঁ চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ কৰাৰ দাবী কৰে।টুইটাৰত তেওঁ লিখিছে ‘গৰুভৰ্তি এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হওঁ৷মই নথিপত্ৰ বিচাৰিছিলোঁ কিন্তু একো নাপালোঁ…ইয়াৰ পৰাই প্ৰমাণ হয় যে ৰাজ্যত চোৰাং গৰু সৰবৰাহ সম্পূৰ্ণভাৱে চলি আছে।”ফেশ্বন ডিজাইনাৰৰ পৰা বিজেপি নেতা হোৱা অগ্নিমিত্ৰা পালে দাবী কৰিছে যে তেওঁক ট্ৰাকৰ কৰ্মচাৰীয়ে আৰক্ষীক উৎকোচ দিয়া বুলি স্বীকাৰ কৰিছে।বিজেপি নেত্ৰীগৰাকীৰ এই দাবীত স্তম্ভিত হৈ পৰিছে তৃণমূল কংগ্ৰেছ নেতৃত্ব।তেওঁলোকৰ মতে বিজেপিয়ে প্ৰথমবাৰৰ বাবে এইবাৰহে ‘চোৰাংভাৱে সৰবৰাহ’ কৰা গৰু ধৰিছে নেকি?তৃণমূলৰ মুখপাত্ৰ কুণাল ঘোষে কয়“ গৰুবোৰ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ মেটাডৰ বা ট্ৰাকত সৰবৰাহ কৰা হয়।বিজেপি নেতাই সকলোতে ৰাজনীতিৰ গোন্ধ পায় । গৰু ৰাজ্যখনৰ ভিতৰত ইফালসিফাল কৰাটোকে বিজেপিয়ে চোৰাং কাৰবাৰ চলা বুলি ৰৌজাল বৌজাল কৰিছে।”আনহাতে ,বিজেপিৰ বিধায়িকা গৰাকীযে কয় “ মই যেতিয়া গৰু ভৰ্তি গাড়ীখন ধৰিলোঁ,চালকজনে স্বীকাৰ কৰিছিল যে তেওঁলোকে গৰুখিনি বাংলাদেশ সীমান্তলৈ লৈ গৈ আছিল৷আমি আৰক্ষীক চালক আৰু গাড়ীখন চমজাই দিছিলোঁ।মই আশা ৰাখিছোঁ দোষীয়ে শাস্তি পাব।”উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে তৃণমূল নেতা অনুব্ৰত মণ্ডল নামৰ তৃণমূল কংগ্ৰেছৰ নেতাজন গৰুৰ চোৰাং কাৰবাৰৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.