ন্যায় নাপালে বিলকিছে !

Share This Article

বিলকিছ বানু। দেশৰ বাবে এটা চৰ্চিত নাম। ২০০২ চনৰ গুজৰাট। গুজৰাট তেতিয়া সাম্প্ৰদায়িক সংঘৰ্ষত বিধ্বস্ত হৈ পৰিছিল। এয়া গোধৰা কাণ্ডৰ সময়।সিদিনা আছিল মে’ মাহৰ তিনি তাৰিখ। সেই সংঘৰ্ষৰ সময়তে গুজৰাটৰ দাহোৰ জিলাৰ বাৰীয়া গাঁৱত হয় আক্ৰমণ। সেই গাঁৱৰে বাসিন্দা বিলকিছ বানু তেতিয়া অন্তঃসত্বা। সাম্প্ৰদায়িক সংঘৰ্ষৰ সেই অমানুষিক উন্মাদনাৰ সময়তে এজাক উন্মত্ত অমানুহে উপৰ্যুপৰি গণ ধর্ষণ কৰিছিল গৰ্ভৱতী বিলকিছ বানুক। বিলকিছ বানুৰ চকুৰ সন্মুখতেই শিলেৰে কোবাই হত্যা কৰিছিল তিনি বছৰীয়া কন্যাক। লগে-লগেই ঘটনাস্থলীতেই মৃত্যু হৈছিল বিলকিছ বানুৰ ৩ বছৰীয়া নিষ্পাপ শিশুটিৰ। বিলকিছ বানুৰ পৰিয়ালৰে কেইবাগৰাকীও লোকক হত্যা কৰা হৈছিল। এই ঘটনাক বিৰলতকৈ বিৰল অপৰাধ আখ্যা দিছিল মুম্বাইৰ চি বি আইৰ আদালতে। ১২ জনকৈ ধর্ষণকাৰী আৰু হত্যকাৰীয়ে শেষ কৰি পেলাইছিল বিলকিছ বানুৰ জীৱন। ২০০৮ চনৰ ২১ জানুৱাৰীত ১২ অভিযুক্তৰ বিৰুদ্ধে যাৱদজ্জীৱন কাৰাদণ্ডৰ ৰায় দিছিল বিশেষ আদালতে। মোকৰ্দমা চলি থকা সময়তে মৃত্যু হৈছিল এজন অপৰাধীৰ। ২০০২ চনৰ পৰা ২০০৮ চন… ধৰ্ষণ আৰু নিজ কন্যাৰ হত্যাকাৰীৰ বিৰুদ্ধে যুঁজি ন্যায় পাবলৈ জীৱনৰ সুদীৰ্ঘ সময় যুঁজিবলগীয়া হৈছিল বিলকিছ বানুৱে। বহু দীঘলীয়া যুঁজৰ অন্তত সেই ১১ অভিযুক্তক প্ৰেৰণ কৰা হৈছিল ৰঙা ঘৰলৈ। কিন্তু শেহতীয়াকৈ মুকলি কৰি দিয়া হয় বিলকিছ বানু ধৰ্ষণকাণ্ডত জড়িত ১১ অপৰাধীক।বিলকিছ বানুৱে ঠিক কৰিলে আকৌ যুঁজিব। বিলকিছে ঠিৰাং কৰিলে মুকলি আকাশৰ তললৈ আহিবলৈ নোৱাৰাকৈ ১১ অপৰাধীৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব। আকৌ এঘড়ী যুঁজিব। সেয়ে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিল বিলকিছ বানু নামৰ দুৰ্দান্ত সাহসী মানুহগৰাকী। কিন্তু বিলকিছ বানুৰ আবেদন খাৰিজ কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে৷ ১১ ধর্ষণকাৰীৰ মুক্তিৰ সিদ্ধান্তৰ বিৰুদ্ধে জনোৱা আবেদনত ৰাজি নহ’ল ন্যায়ালয় ধর্ষকৰ শাস্তিৰ ম্যাদ শেষ হোৱাৰ পূৰ্বে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাইছিল বিলকিছ বানুৱে। এই ৰায় পুনৰ বিবেচনাৰে বাবে আবেদন জনোৱা হ’ল বিলকিছ বানুৰ তৰফৰ পৰা। সৰ্বোচ্চ ন্যায়ালয়ৰ সন্মুখত বিলকিছ বানুৰ অধিবক্তাৰ দাবী আছিল যে ধৰ্ষণ আৰু হত্যাৰ দৰে গোচৰত অভিযুক্ত সাব্যস্ত হৈ কাৰাগাৰত দিন কটোৱা অপৰাধীৰ শাস্তিৰ ম্যাদ সম্পূৰ্ণ নহওঁতেই কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰা মুক্তি দিয়া অনুচিত। কিন্তু শনিবাৰৰ দিনটোত বিলকিছ বানুৰ আবেদন খাৰিজ কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে। চলিত বৰ্ষৰ ১৫ আগষ্ট। স্বাধীনতা দিৱস উদযাপনত ব্যস্ত দেশবাসী। সেই দিনটোতে গুজৰাট চৰকাৰে ল’লে এক সিদ্ধান্ত যে বিলকিছ বানুৰ ধৰ্ষণকাণ্ডত জড়িত ১১ অভিযুক্তক মুক্তি দিয়া দিয়া হ’ব। গুজৰাট চৰকাৰৰ সিদ্ধান্তত চমকি উঠিছিল দেশ।ইয়াৰ পূৰ্বে মুক্তিৰ বাবে আবেদন জনাইছিল ১১ অপৰাধীয়ে। সেই আবেদনৰ ভিত্তিতে আদালতে গুজৰাট চৰকাৰকে সিদ্ধান্ত ল’বলৈ পৰামৰ্শ দিছিল। বিজেপি শাসিত গুজৰাট চৰকাৰে ১১ অপৰাধীৰ মুক্তিৰ পক্ষে আবেদন দাখিল কৰে আৰু ঠিক ইয়াৰ পিছতেই বিলকিছ বানুৰ ধৰ্ষণ কাণ্ডত জড়িত ১১ অপৰাধীক মুক্তিৰ সপক্ষে ৰায় দিয়ে ন্যায়ালয়ে। এই ঘটনাৰ পাছতেই যেন মূক হৈ গৈছিল দেশ। শাস্তিৰে ম্যাদ শেষ নোহোৱাকৈয়ে কিহৰ বাবে ১১ জনকৈ হত্যাকাৰী তথা ধর্ষণকাৰীক মুক্তি দিয়া হ’ল এই প্ৰশ্নৰে আৰম্ভ হৈছিল দেশজুৰি বিতৰ্ক। এই বিতৰ্কৰ মাজতেই গুজৰাট চৰকাৰে দিয়ে স্পষ্টীকৰণ। কাৰাগাৰৰ ভিতৰত মাৰ্জিত আৰু শৃংখলিত আচৰণ কৰিছে ১১ অপৰাধীয়ে। সেয়ে লোৱা হৈছে মুক্তিৰ সিদ্ধান্ত। কিন্তু প্ৰতিপক্ষই দাবী কৰে যে বিলকিছ বানুৰ ধর্ষণকাৰী ১১ অভিযুক্ত যেতিয়া পেৰলত কাৰাগাৰৰ বাহিৰত আছিল, তেতিয়াও তেওঁলোকৰ বিৰুদ্ধে আছিল নানা অভিযোগ। অপৰাধীৰ অপৰাধ প্ৰৱণতা আৰু নিজ ৰাজ্যত চলি থকা সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত জীৱনৰ সকলো হেৰুৱাই পেলোৱা বিলকিছক বিমুখ কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে। বিলকিছ বানুৰ ন্যায়ৰ অধিকাৰ বিচাৰি যুঁজা যুজঁখন বাৰু কিমান দীঘলীয়া হ’ব ?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.