পত্নীৰ গহণা দি বনালে দলং

Share This Article

গাঁৱৰ দলঙৰ বাবে বন্ধক দিলে পত্নীৰ গহণা ।এজন ট্ৰাকচালক !নাম তেওঁৰ ৰঞ্জিত নায়ক !ৰঞ্জিত নায়কৰ নাম এতিয়া চৰ্চাৰ শীৰ্ষত৷ৰঞ্জিত নায়কৰ মহানুভৱতাই ভৱাই তুলিব সকলোকে !উৰিষ্যাৰ ৰায়াগড়া জিলাৰ কাশীপুৰ ব্লকৰ গুঞ্জৰমপাঞ্জাৰা গাঁৱৰ বাসিন্দা ৰঞ্জিত৷বিগত নিৰ্বাচনবোৰত ৰাজনৈতিক নেতাই দিছিল গাওঁবাসীক প্ৰতিশ্ৰুতিৰ পাহাৰ।গাঁৱৰ আন লোক সকলৰ দৰেই তেঁৱো বিশ্বাস কৰিছিল যে তেওঁলোকৰ গাঁওখনে এখন পকী দলং পাব আৰু তাৰ ওপৰেদি তেওঁলোকৰ গাঁৱৰ মানুহ অহাযোৱা কৰিব ।কিন্তু তেওঁলোকৰ সেই সপোন সপোন হৈয়ে ৰ’ল৷বিগত জুন মাহত তেওঁ সেই সপোন বাদ দিলে৷তেওঁ সিন্ধান্ত ল’লে বিচল্লা নদীৰ ওপৰত তেওঁ নিজাকৈ এখন দলং বনাব।“ মানুহবোৰে বৰ কষ্ট খাই আছে৷নদীখন পাৰ হ’বলৈ যথেষ্ট কষ্ট হয় মানুহবোৰৰ”- এনেদৰে মন্তব্য কৰে ৰঞ্জিতে।নদীখন সদায় ইমান দ’ নহয়৷কিন্তু নদীখন খৰস্ৰোতা।প্ৰায়ে নদীখন পাৰ হ’ব খোজোতেই মানুহ উটি যায় অথবা আঘাতপ্ৰাপ্ত হয়৷আনকি কেতিয়াবা মটৰ চাইকেলো নৈৰ প্ৰবল সোঁতত উটি যায়৷দলংখন নিৰ্মাণ হ’লে কালাহাণ্ডী আৰু নবৰংগপুৰ গাঁৱৰ বাসিন্দা সকলৰ যাতায়ত সহজ হ’ব।ৰঞ্জিত নিজে এখন পকী দলং বনাব নোৱাৰিব বুলি নিশ্চিত আছিল।সেয়ে তেওঁ কাঠৰ খুঁটা দি বাহৰ দলং এখন বনাই দিয়াৰ সিন্ধান্ত ল’লে।তাৰবাবে ৰঞ্জিতে পত্নীৰ ৭০ হাজাৰ টকাৰ গহণা বন্ধকত দিলে৷দৰিদ্ৰ পৰিয়ালটোৰ সেয়াই আছিল সম্পদ।“ মই আৰু মোৰ দেউতাই সিন্ধান্ত লৈছিলোঁ যে আমি কোনো কাৰণত পিছ নোহোহকো।মই অলপ দিন ড্ৰাইভাৰৰ কাম বাদ দিলোঁ”- এনেদৰে কয় ৰঞ্জিত নায়ক।ৰঞ্জিত নায়কে তেওঁৰ পিতৃৰ সৈতে দলংখন নিৰ্মাণ কৰিলে।নবেম্বৰ মাহত দলংখন সম্পূৰ্ণ হ’ল।”ডংগাচীল গাওঁ পঞ্চায়তত এখন চিকিৎসালয় আছে৷কিন্তু পথৰ অৱস্থা অতি শোচনীয়৷এবাৰ দলংখন পাৰ হ’লেই আমি ভাল চৰকাৰী চিকিৎসালয়লৈ যাব পাৰোঁ”- এনেদৰে মন্তব্য কৰে এগৰাকী গঞাই ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.