ৰোগতকৈ ‘ছাৰ্ভাৰ ডাউন’টোহে ৰোগীৰ সমস্যা

Share This Article

দুখীয়া-দৰিদ্ৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এখন ধ্বজাবাহী আঁচনি অটল অমৃত যোজনা। এই যোজনাৰ অধীনত দুখীয়া-দৰিদ্ৰক প্ৰদান কৰা হয় বিনামূলীয়া চিকিৎসা। কিন্তু অচল এতিয়া কেন্দ্ৰীয় চৰকাৰৰ এই ধ্বজাবাহী আঁচনি। অটল অমৃত যোজনা কাৰ্ডৰ অধীনত কৰ্কট ৰোগীক বিনামূলীয়া চিকিৎসা প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ লগতে ডাঃ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ বিৰুদ্ধে। কাৰণ যোৱা এমাহ ধৰি অচল হৈ আছে অটল অমৃত কাৰ্ডৰ চাৰ্ভাৰ। সেয়ে প্ৰায় এমাহ ধৰি বন্ধ হৈ আছে অটল অমৃত কাৰ্ডৰ ব্যৱহাৰ। যাৰ বাবে কৰ্কট ৰোগীসকল এতিয়া সন্মুখীন হৈছে যথেষ্ট হাৰাশাস্তিৰ। বহু দুখীয়া-দৰিদ্ৰ ৰোগীৰ চিকিৎসাৰ ব্যয় বহন কৰাৰ ক্ষেত্ৰত একমাত্ৰ আশা এই অটল অমৃত কাৰ্ড। কিন্তু আধাৰ কাৰ্ড লিংক নোহোৱাৰ বাবে চিকিৎসালয় দুখনে এতিয়া নকৰে কৰ্কট ৰোগৰ বিনামূলীয়া চিকিৎসা। ফলস্বৰূপে বিপাঙত পৰিছে এতিয়া ৰোগী ।GMCH ৰ কেন্সাৰ হাস্পতালৰ লগতে ডা: ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । আধাৰ কাৰ্ডৰ লিংকৰ বাবে সপ্তাহ ধৰি শাৰী পাতি থাকিব লগা হৈছে ৰোগীৰ পৰিয়াল ।২০১২ চনৰ ২৫ ডিচেম্বৰত অসম চৰকাৰে আৰম্ভ কৰিছিল অটল অমৃত যোজনা। এই আঁচনিয়ে আগবঢ়াই ৬ টা ৰোগৰ ক্ষেত্ৰত কম আয়ৰ পৰিয়ালৰ বাবে প্ৰয়োজনীয় নগদবিহীন চিকিৎসা সেৱা। কিন্তু বৰ্তমান অটল অমৃত কাৰ্ডৰ চাৰ্ভাৰ ডাউন আৰু আধাৰ কাৰ্ডৰ লিংক নথকাৰ বাবে কৰ্কট ৰোগীসকল বঞ্চিত হব লগা হৈছে চিকিৎসা সেৱাৰ পৰা। বিপৰীতে উদাসীন-নিষ্ক্ৰিয় ৰাজ্যৰ স্বাস্থ্য বিভাগ। ৰাজ্যৰ দুখীয়া-দৰিদ্ৰ ৰোগীৰ এই হাহাকাৰক গুৰুত্ব দিব নে স্বাস্থ্য বিভাগ কিম্বা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই? নে এনেদৰেই অচল হৈ থাকিব কেন্দ্ৰীয় চৰকাৰৰ এই ধ্বজাবাহী আঁচনি?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.